আজি সমগ্ৰ দেশতে দীপাৱলী উৎসৱ উদযাপন কৰা হৈছে। জ্যোতিষীসকলৰ মতে, এইবাৰৰ দীপাৱলী সৌভাগ্য যোগ আৰু স্বাতী নক্ষত্ৰত পৰিছে। এই সুন্দৰ সংযোগত দীপাৱলীৰ লক্ষ্মী পূজা কৰা হ’ব, যি আপোনাৰ বাবে শুভ আৰু উপকাৰী হ’ব। ১২ নৱেম্বৰ, দেওবাৰৰ লক্ষ্মী পূজাৰ শুভ সময় সন্ধিয়া পৰিছে। কাতি অমাৱস্যাৰ দিনা প্ৰদোষ কালত দীপাৱলী পূজা কৰাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰোপৰি, নিশিত কালতো লক্ষ্মী পূজা কৰিব পাৰি। ধৰ্মীয় বিশ্বাস অনুসৰি, দীপাৱলীত লক্ষ্মী মন্ত্ৰ জপ কৰিলে ধন-সম্পত্তি বৃদ্ধি পায়। দেৱালীৰ লক্ষ্মী পূজা পদ্ধতি, শুভ সময়, পূজা সামগ্ৰী, প্ৰসাদ, আৰতি আদিৰ বিষয়ে জানো আহক
স্বাতী নক্ষত্ৰ: আজি পুৱাৰ পৰা কাইলৈ পুৱা ২বাজি ৫১ মিনিটলৈ
সৌভাগ্য যোগ: আজি বিয়লি ৪ বাজি ২৫ মিনিটৰ পৰা কাইলৈ বিয়লি ৩ বাজি ২৩ মিনিটলৈ
কাতি অমাৱস্যা তিথিৰ আৰম্ভণি: আজি, দেওবাৰে দুপৰীয়া ২ বাজি ৪৪ মিনিট
কাতি অমাৱস্যা তিথিৰ অন্ত: কাইলৈ, সোমবাৰে দুপৰীয়া ২ বাজি ৫৬ মিনিটলৈ
দীপাৱলী লক্ষ্মী পূজাৰ সন্ধিয়াৰ শুভ মুহূৰ্ত: আজি সন্ধিয়া ৫ বাজি ৩৯ মিনিটৰ পৰা ৭ বাজি ৩৫ মিনিটলৈ
দীপাৱলী লক্ষ্মী পূজা নিশাৰ সময়: আজি নিশা ১১ বাজি ৩৯ মিনিটৰ পৰা ১২ বাজি ৩২ মিনিটলৈ
দীপাৱলী ২০২৩ৰ পূজা সামগ্ৰী:
দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ নতুন মূৰ্তি, চাউল, সেঁন্দুৰ, কুমকুম, চন্দন, ৰঙা ফুল, পদুম আৰু গোলাপ ফুল, মালা, কেশৰ, ফল, পাণ, চুপাৰী, পদুমৰ গুটি, ধানৰ গুটি, বতাশা, মিঠাই, মধু, গংগাজল, গাখীৰ, দৈ, তেল, ঘিউ, ক্ষীৰ, মোদক, লাড়ু, পঞ্চ মেৱা, সূতা, কলহ, পিতলৰ চাকি, মাটিৰ চাকি, লং, ইলাচি, দুবৰি বন, কাঠৰ খুঁটা, আমৰ পাত, পৰিষ্কাৰ আটা, আসনৰ বাবে ৰঙা বা হালধীয়া কাপোৰ, এবিধ নাৰিকল, দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ সোণ বা ৰূপৰ মুদ্ৰা, ধনীয়া ইত্যাদি।
দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ প্ৰিয় প্ৰসাদ:
দীপাৱলীত দেৱী লক্ষ্মীক আখৈ-বাতাচা, মখানাৰ ক্ষীৰ বা গাখীৰ, চাউল আৰু চেনিৰ পৰা তৈয়াৰী ক্ষীৰ বা গাখীৰৰ পৰা তৈয়াৰী বগা মিঠাই আগবঢ়াব লাগে। ভগৱান গণেশক মোদক বা বুণ্ডিয়াৰ লাড়ু আগবঢ়াব লাগে।
দীপাৱলী ২০২৩ৰ পূজা পদ্ধতি:
দীপাৱলীৰ শুভ সময়ত কাঠৰ বেদীত দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ প্ৰতিমা স্থাপন কৰিব। তাৰ পিছত কলহ স্থাপন কৰাৰ পিছত প্ৰথমে ভগৱান গণেশক পূজা কৰিব। ভগৱান গণেশক চাউল, সেঁন্দুৰ, দুৱৰি বন, ফুল, ফল, সুগন্ধি, ধূপ, চাকি, পবিত্ৰ সূতা, মোদক, চুপাৰি, পান আদি অৰ্পণ কৰিব। এই সময়ত গণেশ মন্ত্ৰ জপ কৰিব।
ইয়াৰ পিছত চাউল, সেঁন্দুৰ, পদুম ফুল, ৰঙা গোলাপ, পদুম ফুলৰ গুটি, শংখ, নাৰিকল, ধূপ, চাকি, আখৈ, বাতাচা, কাপোৰ, ফল, বগা মিঠাই আদি দেৱী লক্ষ্মীক অৰ্পণ কৰিব। এই সময়ত লক্ষ্মী মন্ত্ৰ জপ কৰিব। ভগৱান গণেশ আৰু দেৱী লক্ষ্মীৰ বাবে ঘিউৰ চাকি জ্বলাব লাগে।
তেলৰ এটা ডাঙৰ অখণ্ড চাকি জ্বলাব, যি গোটেই ৰাতি জ্বলি থাকিব লাগে। কপূৰ বা ঘিউৰ চাকিৰে ভগৱান গণেশ আৰু লক্ষ্মী দেৱীৰ আৰতি কৰিব। আপানৰ জীৱনত ধন-সম্পত্তি, সুখ, সমৃদ্ধি আৰু মহিমা প্ৰদানৰ বাবে দেৱী লক্ষ্মীক প্ৰাৰ্থনা কৰিব। ইয়াৰ পিছত প্ৰসাদ বিতৰণ কৰিব আৰু ঘৰৰ গুৰুত্বপূৰ্ণ স্থানত তেলৰ চাকি জ্বলাই ৰাখিব লাগে।
দীপাৱলীৰ গুৰুত্ব, ইয়াৰ সৈতে জড়িত পৌৰাণিক কাহিনী :
পৌৰাণিক কাহিনী অনুসৰি ভগৱান শ্ৰীৰামে ত্ৰেতাযুগত লংকাৰ অসুৰ ৰজা ৰাৱণক হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁ পত্নী সীতা, ভাতৃ লক্ষ্মণ, সুগ্ৰীৱ, বিভিষণৰ সৈতে অযোধ্যালৈ উভতিছিল। ১৪ বছৰ বনবাসৰ অন্তত অযোধ্যাত উপস্থিত হোৱাৰ লগে লগে কাতি অমৱস্যাৰ দিনা সমগ্ৰ নগৰখন চাকিৰে সজাই তোলা হৈছিল। সকলোৱে ঘৰতে সুখৰ চাকি জ্বলাইছিল বুলি কোৱা হয়। এই কাৰণেই হিন্দু ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে কাতি অমৱস্যাৰ প্ৰদোষ কালত চাকি জ্বলাই দিপাৱলী উৎসৱ পালন কৰি আহিছে। দীপাৱলীত দেৱী লক্ষ্মী আৰু গণেশ ভগৱানক পূজা কৰিলে সুখ, সমৃদ্ধি, ধন-সম্পত্তি ইত্যাদি বৃদ্ধি পায় বুলি বিশ্বাস আছে।