শিক্ষা হৈছে এনে এক মাধ্যম, যাৰ আধাৰত জীৱন গঢ় লৈ উঠে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় লৈ উঠে। ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়। আৰু শিক্ষাৰ অন্যতম প্ৰধান অংশ হ’ল হাতৰ আখৰ। ভাল হাতৰ আখৰে প্ৰায়ে পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক আগুৱাই লৈ যায়।
শিক্ষকসকলেও ভাল হাতৰ আখৰৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰশংসা কৰে। কিন্তু প্ৰতিজন ব্যক্তিৰ হাতৰ আখৰৰ ধৰণ বেলেগ বেলেগ। কোনোবাই খুব ভালকৈ লিখিব পাৰে। কোনোবাই আকৌ লিখিলে আখৰবোৰ ওপৰলৈ তললৈ বেঁকা হৈ পৰে।
আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ছবিখনতকৈও ধুনীয়া হাতৰ আখৰ। এগৰাকী নেপালী স্কুলীয়া ছাত্ৰীৰ হাতৰ আখৰক বিশ্বৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰ বুলি প্ৰশংসা কৰা হৈছে।
সুন্দৰ হাতৰ আখৰ থকা ছোৱালীজনী প্ৰকৃতি মাল্ল্য দেখাতো সমানেই ধুনীয়া। সুন্দৰ হাতৰ আখৰেৰে শিৰোনাম দখল কৰিছে প্ৰকৃতিয়ে। কেৱল সেয়াই নহয়, তেওঁৰ হাতৰ আখৰৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে।
এতিয়া প্ৰকৃতিৰ বয়স ১৬ বছৰ। মাত্ৰ ১৪ বছৰ বয়সতে নেপালৰ সৈনিক ওৱাছিয়া মহাবিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী প্ৰকৃতি মাল্ল্যই নিজৰ বিমুগ্ধকৰ হাতৰ আখৰৰ বাবে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তেওঁৰ হাতৰ আখৰ দেখি পিছত সমগ্ৰ বিশ্ব আপ্লুত হৈছিল।
প্ৰথমে প্ৰকৃতিৰ অসাধাৰণ হাতৰ আখৰে নেপালৰ এজন ভদ্ৰলোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আপ্লুত হৈ তেওঁ টেক্সটটোৰ এখন ফটো তুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। আৰু কেইঘণ্টামানৰ ভিতৰতে ভাইৰেল হৈ পৰিল।
প্ৰকৃতিৰ হাতৰ আখৰ ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিল। প্ৰকৃতিৰ হাতৰ আখৰ সকলোৰে আগত উন্মোচন হোৱাৰ পিছত হাতৰ আখৰ বিশেষজ্ঞসকলো আচৰিত হৈছিল।
আকৌ এবাৰ প্ৰকৃতিৰ হাতৰ আখৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনসকলে মন্তব্য কৰিছে যে এই হাতৰ আখৰ কম্পিউটাৰত টাইপ কৰাৰ দৰে দেখা গৈছে। কেতিয়াবা প্ৰকৃতিৰ হাতৰ আখৰ ইমানেই ধুনীয়া হয় যে ই কম্পিউটাৰৰ এম এছ ৱৰ্ডতকৈও ভাল দেখা যায়।
নেপাল চৰকাৰে প্ৰকৃতিৰ হাতৰ আখৰক স্বীকৃতি দিছে। কোৱা হয় যে এয়াই নেপালৰ শ্ৰেষ্ঠ হাতৰ আখৰ। নেপাল সশস্ত্ৰ বাহিনীয়েও তেওঁক বঁটা প্ৰদান কৰে। ছ’চিয়েল মিডিয়াৰ বাবে এতিয়া তেওঁ সকলোৰে বাবে চেলিব্ৰিটি।