ওদালগুৰি জিলাৰ কলাইগাঁৱত দেওবাৰে অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল জনজাগৰণৰ সভা। সভাত জলসম্পদ, জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত থাকি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বিটিচিৰ ই এম দিগন্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰ আদিয়ে। সভাত মন্ত্ৰী পীয়ূষ হাজৰিকাই নিজৰ ভাষণত পুনৰ বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। দেশৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব বুলি মন্তব্য কৰে। তদুপৰি মন্ত্ৰী হাজৰিকাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সফল কাম-কাজৰ খতিয়ান ৰাইজৰ আগত দাঙি ধৰে। বিৰোধী ঐক্যত কোনোধৰণৰ উন্নয়নৰ খতিয়ান নাই। বিৰোধীৰ মতে ভোটদান কৰিলে ভাৰত পুনৰ ধ্বংস হৈ পৰিব বুলি মন্তব্য কৰে। ইপিনে, সাংবাদিকৰ আগত মন্ত্ৰী হাজৰিকাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ অসমীয়া ল’ৰাই কেতিয়াও বাংলাদেশী মুছলমানৰ ভৰিত নপৰে বুলি দাবী কৰে। মন্ত্ৰী হাজৰিকাৰ মতে, কিহৰ কাৰণে বাৰে বাৰে বদৰুদ্দিন আজমলে অসমীয়া মানুহক তাচ্ছিল্য কৰাৰ স্পৰ্ধা কৰিব পৰা হ’ল, তাৰ কাৰণ উলিয়াব লাগিব। অসমীয়া যুৱক সাহসী যুৱক।
অসমীয়া লʼৰাই আজমলৰ ভৰিত কেতিয়াও নধৰে : পীয়ূষ হাজৰিকা
Posted on by GTM Desk
1 min read