৭নৱেম্বৰ, গুৱাহাটীঃ বিজেপি আৰু এআইইউডিএফ দুয়োটাই সাম্প্রদায়িক দল। দুয়োটা দলেই সাম্প্রদায়িক কথা বতৰাৰ যোগেদি সমাজত সাম্প্রদায়িক উত্তেজনা বৰ্তাই ৰাখিবলৈ অপচেষ্টা কৰি আহিছে। এই অভিযোগ আম আদমি পার্টী, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ । এক প্ৰেছ বিজ্ঞপ্তিত আপ ৰ ৰাজ্যিক সভাপতিজনে অভিযোগ কৰি কয় যে, বিজেপিৰ নেতা, মন্ত্রী বিধায়কসকলক বদৰুদ্দিন আজমলৰ ভুতে খেদি ফুৰে। বিজেপি আৰু এআইইউডিএফ দল একেটা মুদ্ৰাৰ দুটা পিঠি বুলি পুনৰ দোহাৰি ডাঃ চৌধুৰীয়ে কয়, দুয়োটা দলৰ নেতাসকলে মাজে মাজে ধর্ম আৰু সম্প্রদায়ক লৈ নৃত্য নাটিকা কৰি থাকে। আৰু দেশ বা ৰাজ্যৰ নিৰ্বাচন ওচৰ চাপিলে তেওঁলোকে পূর্ণাঙ্গ নাটক ৰূপায়ণ কৰে। য’ত নেকি হিন্দু আৰু মুছলমানক নাটকৰ পটভূমি হিচাপে স্থান দিয়ে। ” মিঞা মুছলিমৰ ভোট এশ বছৰলৈ নালাগে, উজনিৰ ডেকা ল’ৰাবোৰ ওলাই আহিলে মিঞা মুছলমান ক্লীন কৰি দিব ” আদি বিজেপি নেতা মন্ত্ৰীৰ বাক্যবান দুয়োটা দলৰ নেতাৰ বুজাবুজি মতে প্ৰকাশ কৰে বুলি অভিযোগ কৰে ডাঃ ভৱেন চৌধুৰীয়ে। অন্যহাতে সেই মিঞা মুছলমানৰ কাষলৈ গৈ তেওঁলোকে নিৰ্বাচনত ভোট ভিক্ষা কৰে। ৰাজনৈতিক স্বার্থ সিদ্ধিৰ বাবে হিন্দু মুছলমানক লৈ দুয়োটা দলে যিমানেই উত্তেজনামূলক বক্তব্য প্ৰকাশ নকৰক কিয়, অসমৰ ৰাইজে তেওঁলোকৰ প্ৰকৃত স্বৰূপ বুজিবলৈ বাকী নাই বুলি আপৰ ৰাজ্যিক সভাপতিজনে কটাক্ষ কৰে। সমন্বয়ৰ অসমত ধৰ্ম আৰু সম্প্রদায়ক লৈ লেতেৰা ৰাজনীতি কৰাৰ সময় নাই বুলি দুয়োটা দলৰ নেতাসকলক সঁকিয়াই দি তেওঁ ৰাজনীতিক লৈ বাদানুবাদ কৰিবলৈ আহ্বান জনায় ৷
‘সমন্বয়ৰ অসমত সাম্প্রদায়িক বিজেপি আৰু এআইইউডিএফ দলে নাটক আৰু নৃত্য নাটিকাৰে আবেগৰ বীজ সিঁচিব বিচাৰে’ – ডাঃ ভরেন চৌধুৰী
Posted on by GTM Desk
1 min read