দৰঙৰ ছিপাঝাৰত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ছিপাঝাৰত ২নং শুক্টাগুৰিত দুই প্ৰেমিক-প্ৰেমিকাই বিষপান কৰি মৃত্যুক সাৱটি লয়। তেওঁলোক দুয়োৰে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আৰু আনজন কলেজীয়া ছাত্ৰ আছিল। দুগৰাকীকৈ শিক্ষাৰ্থীৰ এনেদৰে মৃ্ত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
সোমবাৰে নিশা যুৱকজনৰ ঘৰত দুয়োয়ে বিষপান কৰিছিল। পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ নিয়াৰ পথত দুয়োৰে মৃত্যু হয়। নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰী আৰু কলেজীয়া ছাত্ৰ এগৰাকীয়ে প্ৰেমজনিত কাৰণত বিষপান কৰি আত্মহনন কৰাৰ সন্দেহ কৰা হৈছে। অৱশ্যে, তেওঁলোকে বিষপান কৰাৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে কিশোৰী আৰু যুৱকজনে কি কাৰণত মৃত্যুৰ দৰে চৰম সিদ্ধান্ত বাচি ল’লে সেয়া জানিব পৰা যাব।