ৰাধাকৃষ্ণৰ হৃদয়স্পৰ্শী কথোপকথন

1 min read

কৃষ্ণ : কি খবৰ?

ৰাধা : সুধিবলৈ আহৰি যে পালা!

কৃষ্ণ : আচলতে ব্যস্ততায়েই এনেকুৱা।

ৰাধা : অজুহাত দিবও নজনা হ’লা।

কৃষ্ণ : অজুহাত নহয় ৰাধা, মোৰ এটা নিৰ্দেশৰ বাবে ৰৈ থাকে সমগ্ৰ আৰ্যৱত। তেনেস্থলত…

ৰাধা : এৰা, সমগ্ৰ আৰ্যৱতৰ যুগদ্ৰষ্টাৰ ওচৰত আৰ্যৱতৰ এচুকত পৰি ৰোৱা সেমেকা চকু এযুৰিৰ বাবে সময়েই বা ক’ত!

কৃষ্ণ : কিন্তু সেই আৰ্যৱতৰ এচুকৰ সেমেকা চকুৰ গৰাকীয়ে যে মোৰ গোটেই হৃদয় খনেই অধিকাৰ লৈ বহি আছে।

ৰাধা : অধিকাৰ সম্বন্ধতহে থাকে কানাই, এলাগী অনুভৱত অধিকাৰ নাথাকে। সেয়া তোমাৰ কৰুণা বুলি কোৱা।

কৃষ্ণ : হাঁহি হাঁহি নিজৰ ভালপোৱাক নিজৰ পৰা আঁতৰাই দিব পৰা গৰাকীক কৰুণা দেখুৱাৰ ধৃষ্টতা মোৰ নাই ৰাধা।

ৰাধা : আকৌ ভুল কৰিলা কানাই। আঁতৰি প্ৰেমহে যায়, ভালপোৱা বুকুতে থাকে সদায়।

কৃষ্ণ : মই এতিয়াও তোমাৰ বুকুত?

ৰাধা : ওহোঁ, পাৰ্থৰ সাৰথিজন মোৰ বুকুৰ সাৰথি নহয়। সেই যমুনাতীৰত ৰাধাৰ কলসী ভঙা দুষ্টটোকহে এতিয়াও বুকুত কঢ়িয়াই ফুৰিছোঁ।

কৃষ্ণ : আৰু মোৰ বুকুৰ খবৰ নোলোৱা?

ৰাধা : অৰ্জুন, দ্ৰৌপদী, অনিৰুদ্ধ বা ৰুক্মিণীৰ পাছত আছে জানো মোৰ বাবে ঠাই?

কৃষ্ণ : ভুল তুমিও কৰিছা ৰাধা, তুমি মোৰ বুকুত নাই। কাৰণ মোৰ বুকুখনেই তুমি। বাহিৰৰ শৰীৰটোহে মোৰ, আত্মাত এতিয়াও তুমি।

ৰাধা : তোমাৰ দৰে শৰীৰ আত্মা ভগোৱাৰ অংক মই নাজানো কানাই। মোৰ হৃদয় আত্মা কিম্বা শৰীৰ, সকলোতে তোমাকে ৰাখিছোঁ।

কৃষ্ণ : সেইবাবেই তুমি ৰাধা, যুগে যুগে কানাইৰ।

ৰাধা : আৰু তুমি কানাই, যাক যুগে যুগে ৰাধাই ভগাই। কেতিয়াবা ধৰ্মৰ কেতিয়াবা দায়িত্বৰ কেতিয়াবা ৰাজনীতিৰ দোহাই। আনৰ প্ৰাৰ্থনাতহে একেলগ, নিজৰ জীৱনত সদায় বেলেগ ৰাধা আৰু কানাই।

✍️কৌশিক

“ৰাধা-কৃষ্ণৰ কাল্পনিক কথোপকথন ”

#ৰাধা :- সৌৱা চোৱা কানাই, আজি মোৰ বিৰহ যান্ত্ৰনাৰ মহোৎসৱ হৈছে । আমাৰ অসম্পূৰ্ণ ভালপোৱাক চিৰ উজ্জীবিত কৰি ৰাখিবলৈ জগতবাসীয়ে বিশাল আয়োজন কৰিছে । মোৰ বাবে সন্মান নে অপমান আজিও নুবুজিলোঁ __

#কৃষ্ণ : এয়া তোমাৰ আক্ষেপ নে যাতনা নে আন কিবা –

#ৰাধা :- আক্ষেপ! আক্ষেপ কিহৰ বাবে কৰিম কেশৱ। মইতো কোনো ভুল কৰা নাই। যন্ত্ৰণাত দগ্ধও নহয় মই। কাৰণ তোমাৰ স্মৃতি বোৰে মোক কেতিয়াও নিসংগ হ’বলৈ দিয়া নাই, এইয়াই মোৰ সুখ। আৰু কি লাগে মোক।

#কৃষ্ণ :- তোমাক সুখী যেন লগা নাই ৰাধিকা !

#ৰাধা :- সুখ…… নিজৰ ভালপোৱাক আনৰ ওচৰত চিৰকালৰ বাবে গতাই দিয়াৰ সুখ কিমান তুমি কি বুজিবা কানাই। যাৰ প্ৰেমৰ ৰাগিত মতলীয়া হৈ এদিন সমগ্ৰ বৃন্দাবন জিলিকি আছিলোঁ তেওঁৰ স্পৰ্শ হীনতাত গন্ধহীন ফুলহৈ পৰি আছোঁ অদূৰত। আধৰুৱা প্ৰেমত সুখ বিচাৰি জী থকাৰ স্বাভিমান কিমান তুমি জানো বুজিবা।

সলনি কৰি পেলালো মই সুখৰ সংজ্ঞা যি তোমাৰ ভাৱনাৰ অতীত।

#কৃষ্ণ :- তোমাৰ অন্তৰৰ ভাষা মই নুবুজা নহয় ৰাধা। তুমি বাৰু ৰুক্মিণী’ক ঈৰ্ষা কৰা নেকি ?

#ৰাধা :- শুনা কানাই, মই ৰুক্মিণী ক ঈৰ্ষা নহয় পুতৌ কৰো। কিয় জানা, নোপোৱাৰ বেদনাতকৈ ৰুক্মিণী য়ে পোৱাৰ বেদনা জানো সহিৱ লগা হোৱা নাই। বিৰহিনী মই নহয় কানাই, বিৰহিনী তোমাৰ ৰুক্মিণী হে।

যোৱা আলাপ সামৰি তেওঁক সংগ দিয়াগৈ। তোমাৰ ৰাধিকাই তোমাৰেই অৱৰ্তমানত সুখী হ’বলৈ শিকি লৈছে।

#কৃষ্ণ:- শুনা মোৰ অভিমানী প্ৰিয়া, যদি মিলনেই ভালপোৱাৰ শেষ পৰিণতি তেনেহ’লে এই মহাৰাস ৰাধা-কৃষ্ণৰ নামত নহৈ কৃষ্ণ-ৰুক্মিনীৰ নামত হ’লহেতেঁন।

আৰু আজিও আমাৰ স্মৰণ কিয় হৈ আছে জানানে??

জগতে বুজিলে — অপূৰ্ণতাও যে জীৱনৰ অবিচ্ছেদ্য অংগ ।

জানা ৰাধা — পাৰ্থিৱ মিলনতকৈ প্ৰকৃততে অনুভূতিৰ মিলনহে শ্ৰেষ্ঠ। কাৰণ এই মিলনক কেনো সময়ে বিচ্ছেদ কৰাব নোৱাৰে। যুগ-যুগান্তৰলৈ আমাৰ মিলন সকলোৰে বাবে পূজনীয় হৈ থাকিব। — যাওঁগৈ ৰাধা। আমাৰ ভালপোৱা নদীৰ দৰে চিৰপ্ৰৱাহিত হৈ থাকিবলৈ দিয়া।

#ৰাধা:- যাবা কানাই, যোৱাৰ আগতে তুমিও শুনি যোৱা । তুমি মোৰ চিৰপূজ্য আৰাধ্য দেৱতা। তোমাৰ নামৰ সেন্দুৰ শিৰঁত আঁকিব নোৱাৰিলেও , তোমাৰ নামৰে ভালপোৱাৰ এসোঁতা তেজ চিৰদিন বৈ থাকিব । আৰু শুনা, মোৰ ভালপোৱাক নদীৰ সৈতে তুলনা নকৰিবা। নদী বৈ গৈ সাগৰৰ সতে মিলন হয় কিন্তু মই এৰাসূঁতি। আতঁৰি আহি আজিও নদীৰ স’তে সংলগ্ন।

যোৱা কানাই– মোৰ অভিমান , মোৰ স্বাভিমান মোৰ লগতে থাকক।

_____________________

✍🏻Geet Raj

ৰাধা – কানাই তুমি সঁচাই যাবা গৈ

কানাই – যাব টো লাগিবয়েই, তুমি টো জানাই সকলোঁ

ৰাধা – জানো তথাপিও….

কানাই – এতিয়া যদি তুমি যোৱাৰ সময়ত এনেকা কৰা মই কেনেকৈ যাম ।

ৰাধা – নাই তুমি যোৱা, লগত মোকো লৈ যাব নোৱাৰিবা নে বাৰু ?

কানাই – আকৌ একেই খিনি কথা ন….

ৰাধা – চকুৰ আঁতৰ হ’লে বোলে মনৰো আঁতৰ হয়….

কানাই – মোৰ গোটেই হৃদয় খনেই দেখোন তোমাৰ নামত থৈ দিয়া আছে, আঁতৰ কেনেকৈ হম ?

ৰাধা – তথাপিও….

কানাই – চিন্তা নকৰিবা শৰীৰ বেলেগত থাকিব পাৰে, কিন্তু তুমি সদাই মোৰ লগতে থাকিবা “মোৰ হৃদয় খন হৈ আজীৱন”

হয়টো সেইকাৰণেই এই প্ৰেম অমৰ । কৃষ্ণ আনৰ হৈ গলেও হৃদয় খন ৰাধাৰ নামতে ৰৈ গ’ল ।

প্ৰেম এনেকুৱাই কেতিয়াবা পৰিপূৰ্ণতা নাপাই যদিও ৰৈ যায়, দুয়োজনৰ মনৰ মাজত সংগুপণে…

  •  অনুভৱৰ প্ৰেমিক

You May Also Like

More From Author