মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি দিনটোত আপোনাৰ প্ৰচুৰ আত্মবিশ্বাস থাকিব। উপাৰ্জন বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব। ব্যৱসায়ত অধিক কষ্ট কৰাৰ প্ৰয়োজন, পৰিকল্পনাত মনোযোগ দিব। যদি চাকৰি সলনি কৰিব বিচাৰে, তেন্তে আজিয়েই চেষ্টা কৰা উচিত। ডাঙৰ বিনিয়োগৰ পৰিকল্পনা কৰিবলগীয়া হ’ব পাৰে। নতুন কিবা এটা আৰম্ভ কৰাৰ বাবে শুভ সময়।
বৃষ ৰাশি: শ্ৰীগণেশে কৈছে, এই দিনটোত আৰ্থিক লাভৰ সম্ভাৱনা আছে। ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্যতা থাকিব। ঘৰত বা বাহিৰৰ মানুহৰ যিকোনো কাৰণত খং উঠিব পাৰে। গোটেই দিনটো ব্যস্ত থাকিব। কিছু কাম কাইলৈৰ বাবে পিছুৱাই দিব। স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’লে আওকাণ কৰা উচিত নহয়।
মিথুন ৰাশি: শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত আপোনাৰ আয় বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ কামত মনোযোগ দিয়া উচিত। ছাত্ৰ-ছাত্ৰীৰ মানসিক বোজা কমিব। কিবা কাৰণত মাতৃৰ লগত কাজিয়া হ’ব পাৰে। সন্তানৰ পৰা হতাশাজনক কথা শুনিবলৈ পাব পাৰে।
কৰ্কট ৰাশি: শ্ৰীগণেশে কৈছে, এই দিনটোত সুখ বৃদ্ধি পাব। ব্যৱসায় সম্পৰ্কীয় কিছুমান পৰিকল্পনা দ্ৰুত হ’ব, যাৰ ফলত ভাল টকা উপাৰ্জন কৰিব পাৰিব। যিকোনো কামৰ বাবে থকা চিন্তা আজিও শেষ হ’ব। আজি কাকো ধন ধাৰলৈ নিদিব, কিয়নো সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা কম। পৰিয়ালৰ কোনোবা এজনৰ স্বাস্থ্যৰ বাবে চিন্তা কৰিবলগীয়া হ’ব পাৰে।
সিংহ ৰাশি: শ্ৰীগণেশে কৈছে, এই দিনটোত নতুন কথা শিকাত ব্যস্ত থাকিব লাগে। সন্তানৰ কেৰিয়াৰক লৈ চিন্তা থাকিব। পৰিয়ালৰ সদস্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে। যদি পৰিয়ালৰ কোনো সদস্যই বিবাহৰ প্ৰস্তাৱত সন্মতি দিয়ে তেন্তে ঘৰত সুখৰ পৰিৱেশ থাকিব। বিনিয়োগ কৰিব বিচাৰিলে এই দিনটো বহুত ভাল হ’ব পাৰে।
কন্যা ৰাশি: শ্ৰীগণেশে কৈছে, দিনটো কষ্টৰে পাৰ হ’ব। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আপোনাৰ চিন্তা বাঢ়িব। পত্নী যিকোনো সৰু ব্যৱসায়ৰ লগত জড়িত হ’ব পাৰে। কৰ্মস্থলীত বিচৰাখিনি নোপাৱাৰ ফলত বিচলিত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ স্বভাৱ খিংখিঙীয়া হৈ পৰিব পাৰে, ফলত পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিও আকাংক্ষিত ফলাফল নোপোৱাৰ ফলত হতাশা বৃদ্ধি পাব।
তুলা ৰাশি: শ্ৰীগণেশে কৈছে, এই দিনটো তুলা ৰাশিৰ লোকৰ বাবে মধ্যমীয়া ফলদায়ক দিন হ’ব। খৰচ বৃদ্ধিৰ বাবে উদ্বেগ বৃদ্ধি পাব পাৰে। প্ৰেমৰ লগত জড়িত যিকোনো বিষয়ত বুদ্ধিৰে সিদ্ধান্ত লোৱা উচিত, নহ’লে কিছুমান ইচ্ছা পূৰণ নোহোৱাকৈয়ে থাকিব পাৰে। আজি দিনটোত ঘৰৰ মেৰামতিৰ কথা ভাবিব পাৰে। ইয়াৰ বাবে বহু টকা খৰচ হ’ব। কোনো বন্ধুৰ লগত পিকনিকলৈ যোৱাৰ সুযোগ থাকিব। কৰ্মক্ষেত্ৰত ভাল কামৰ বাবে উপহাৰ পাব পাৰে।
বৃশ্চিক ৰাশি: শ্ৰীগণেশে কৈছে, এই দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে ফলপ্ৰসূ দিন। শৰীৰ আৰু মন অতিৰিক্ত শক্তিৰে ভৰি পৰিব যি ভৱিষ্যতৰ পৰিকল্পনা কৰাত উপযোগী হ’ব। সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় কোনো সমস্যা থাকিলে সকাহ পাব পাৰিব। বাকী থকা কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব, অন্যথা অসুবিধা হ’ব পাৰে।
ধনু ৰাশি: শ্ৰীগণেশে কৈছে, এই দিনটোত গুৰুত্বপূৰ্ণ কাম কৰোতে সাৱধান হওক। কামনা অনুযায়ী কাম সম্পূৰ্ণ হ’লে মনটো সুখেৰে ভৰি পৰিব। যদি আপোনাৰ পত্নীৰ লগত কোনো মতানৈক্য হয় তেন্তে তেওঁক বুজিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত। ব্যৱসায়িক পৰিকল্পনা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য কোনো লোকক ফাদিল কৰিব নালাগে, নহ’লে তেওঁলোকে ইয়াৰ সুবিধা ল’ব পাৰে। লেনদেন সম্পৰ্কীয় যিকোনো বিষয় অতি সাৱধানে ল’ব লাগে।
মকৰ ৰাশি: শ্ৰীগণেশে কৈছে, বাকী থকা কাম সম্পূৰ্ণ কৰাটো অগ্ৰাধিকাৰ হ’ব লাগে। বিৰোধীয়ে কৰ্মক্ষেত্ৰত যিমান পাৰি কৰ্তৃত্ব প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব, যিটো পৰিহাৰ কৰা উচিত। একেলগে বেছি কাম কৰিলে মানসিক চাপৰ সৃষ্টি হ’ব পাৰে। অত্যধিক ক্লান্তিৰ বাবে দুৰ্বলতা, মূৰৰ বিষ হোৱাৰ সম্ভাৱনা।
কুম্ভ ৰাশি: শ্ৰীগণেশে কৈছে, আজিৰ দিনটো আনন্দৰে পাৰ হ’ব। পৰিয়ালৰ সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। চাকৰিত পৰিয়ালৰ কোনো সদস্যক পদোন্নতি দিয়া হ’ব পাৰে। কৰ্মক্ষেত্ৰত নতুন নতুন কথা শিকাৰ সুযোগ থাকিব যিয়ে আত্মবিশ্বাস বৃদ্ধি কৰিব। এই দিনটোত খৰচ বাঢ়িব পাৰে, কিন্তু স্বাভাৱিক উপাৰ্জনেৰে এই খৰচ পূৰণ কৰাটো সম্ভৱ হ’ব। বিবাহিত লোকৰ বাবে দিনটো শুভ। ভ্ৰমণৰ সময়ত পিতৃ-মাতৃৰ আশীৰ্বাদ লোৱা উচিত।
মীন ৰাশি: শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত কঠোৰ পৰিশ্ৰম কৰিব, নিশ্চয় ভাল ফলাফল পাব পাৰিব। আকাংক্ষিত লাভ নোপোৱাৰ বাবে ব্যৱসায়ীসকলে চিন্তাত পৰিব। কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত কাজিয়া হ’ব পাৰে। ই সম্পৰ্ক নষ্ট কৰিব পাৰে।