এইবাৰ গংগাজলৰ ওপৰতো ১৮ শতাংশ GST, এই কথা কিমান সত্য?

1 min read

গংগা জল হিন্দুসকলৰ পূজা-অৰ্চনাৰ এক অন্যতম অংশ৷ পূজাৰ পৰা আৰম্ভ কৰি উপনয়ন, বিয়া, শ্ৰাদ্ধনুষ্ঠানসহ হিন্দুসকলৰ বিভিন্ন আচাৰত অন্যতম গুৰুত্বপূৰ্ণ উপকৰণ গংগাজল৷ সেই গংগাজলটো এইবাৰ জিএছটি লাগিব৷ অন্যান্য সামগ্ৰীৰ দৰে ১৮শতাংশ কৰ দিব লাগিব গংগাজলৰ ওপৰত৷ গংগাজলৰ ওপৰত জিএছটি লাঘু কৰাৰ কথা জনাইছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খৰ্গে৷

গংগাজলৰ ওপৰত জিএছটি লগোৱাক লৈ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ সভাপতি খৰ্গে৷ কংগ্ৰেছ সভাপতিৰ এই অভিযোগক কিন্তু কেন্দ্ৰই খাৰিজ কৰিছে৷ গংগাজলৰ ওপৰত কোনোধৰণৰ কৰ আৰোপ কৰা নহ’ব বুলি জনাইছে চেণ্ট্ৰেল বৰ্ড অৱ ইনডাইৰেক্ট টেক্সাছ এণ্ড কাষ্টমছ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ড পৰিদৰ্শনৰ বাবে গৈছিল৷ পাৰ্বতী কুণ্ডত গৈ তপস্যতো বহিছিল প্ৰধানমন্ত্ৰী মোদী৷ প্রধানমন্ত্ৰী মোদী উত্তৰাখণ্ডলৈ যোৱা দিনটোৰ পৰাই গংগাৰ পানীৰ ওপৰত টেক্স লগাৰ কথা জনাইছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খৰ্গে৷ এক্স হেণ্ডেলত খৰ্গে মোদীক কটাক্ষ কৰি লিখিছে, ‘ভাৰতীয়ৰ বাবে জন্মৰ পৰা মৃত্যুলৈকে গংগাৰ পবিত্ৰ জলৰ মহত্ব আছে৷ উত্তৰাখণ্ডলৈ গৈছে সেয়া নিশ্চয় ভাল খবৰ৷ কিন্তু আপোনাৰ চৰকাৰে এই পবিত্ৰ গংগাৰ পানীৰ ওপৰতেই ১৮ শতাংশ জিএছটি লগোৱাটোহে দুখ পাইছো৷’ বিষয়টো লুটপাট আৰু ভণ্ডামীৰ চূড়ান্ত পৰ্যায় বুলিও মন্তব্য কৰিছে একাংশই৷

খৰ্গেই এই মন্তব্যৰ পাছতেই এইবাৰ কেন্দ্ৰীয় পৰোক্ষ কৰ নিয়ন্ত্ৰক সংস্থাই দিছে বিশেষ বিবৃত্তি৷ কংগ্ৰেছ সভাপতিৰ অভিযোগ সঠিক নহয় বুলি বিবৃত্তিযোগে জনাইছে সংস্থাটোৱে৷ CBICৰ তৰফৰ পৰা জনোৱা অনুসৰি এই বিবৃত্তিৰ পূজাৰ সামগ্ৰী সদায়ে জিএছটিৰ বাহিৰত৷ জিএছটি লাঘু হোৱাৰ সময়ৰে পৰা পূজাৰ সামগ্ৰীসমূহ জিএছটিৰ আওঁতাৰ বাহিৰত আছে৷

CBIC ৰ তৰফৰ পৰা জনোৱা অনুসৰি জিএছটি কাউন্সিলৰ ১৪ তম আৰু ১৫ তন বৈঠকত আলোচনা কৰা হৈছিল যদিও পূজাৰ সামগ্ৰীৰ ওপৰত জিএছটি লগোৱাৰ সিদ্ধান্ত বাতিল হয়৷ এই বৈঠকত পূজাৰ সামগ্ৰী জিএছটি তালিকাৰ বাহিৰত ৰখা হৈছে পূজাৰ সামগ্ৰীসমূহ৷ উল্লেখ্য যে গংগাজলৰ অধিকাৰ সকলো ভাৰতীয়ৰ হাততেই আছে৷ এয়া চৰকাৰৰ সামগ্ৰী নহয়৷ প্ৰকৃতিয়ে জনতাক দিয়া সামগ্ৰী৷ ২০১৬ চনৰ পৰাই প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত সমগ্ৰ দেশৰ পোষ্ট অফিচসমূহত গংগাজল বিক্ৰি কৰি অহা হৈছে৷ পেকড মিনাৰেল ৱাটাৰৰ দৰেই বটলত এই গংগাজল বিক্ৰি কৰা হয়৷ পানীৰ পৰিমান অনুযায়ী দামো ভিন্ন৷ ঋষিকেশৰ গংগাজলৰ ২০০ আৰু ৫০০ মিঃলিঃ বটলৰ পানীৰ দাম ১৫ ৰ পৰা ২২ টকা৷ গংগোত্ৰীৰ গংগাজলৰ ২০০ ৰ পৰা ৫০০ মিঃলিঃ বটলৰ দাম ২২টকাৰ পৰা ৩৫টকা৷

 

You May Also Like

More From Author