মেষ ৰাশি :
শ্ৰীগণেশে কৈছে, মেষ ৰাশিৰ জাতক-জাতিকাৰ সন্তোষজনক স্বভাৱে তেওঁক প্ৰতিকূল পৰিস্থিতিতো ধৈৰ্য ৰাখিবলৈ সহায় কৰিব। পৰিকল্পিত কাম শেষ নোহোৱাৰ ফলত খং উঠিব পাৰে। কিন্তু কাৰো মিঠা ব্যৱহাৰত সেই খং শান্ত হৈ পৰিব। ব্যৱসায়ত ডাঙৰ ভুল হোৱাৰ সম্ভাৱনা আছে। কিন্তু কোনো এক আত্মীয় কাষত থকাৰ ফলত ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা পাব পাৰে। সেয়ে সকলোৰে ওপৰত নজৰ ৰখা প্ৰয়োজন। নহ’লে দিনটো শান্তিপূৰ্ণভাৱে কটাব নোৱাৰিব। ভাতৃ-ভগ্নীৰ সৈতে ঈৰ্ষাৰ সম্পৰ্ক সৃষ্টি হ’ব। ফলত কাৰোবাক বাধা দিয়াৰ চেষ্টা কৰিলে বিবাদ হ’ব পাৰে। স্বাস্থ্যৰ আকস্মিক ক্ষতি হ’ব পাৰে। সেয়ে সতৰ্ক হৈ থাকক।
শুভ ৰং : গাঢ় নীলা
শুভ সংখ্যা : ১১
বৃষ ৰাষি :
শ্ৰীগণেশে কৈছে, সময়ৰ সূচনা আনন্দৰ সৈতে হ’ব। এক জটিল সমস্যা অবিলম্বে সমাধান কৰিব পাৰিব। যাৰ ফলত প্ৰশংসিত হ’ব। ঘৰত কাজিয়া হ’ব পাৰে। কিন্তু তাত অধিক মনোযোগ দিব নোৱাৰিব। কামৰ পৰা অতিৰিক্ত প্ৰত্যাশা থাকিব এই সময়ত। কিন্তু কোনোৱে বাধা দিয়াৰ ফলত কাম স্থগিত হ’ব পাৰে। চাকৰিজীৱীসকলে সুন্দৰভাৱে কাম কৰিব পাৰিব। সহকৰ্মীৰ বাবে এই সময়তচাপ অনুভৱ হ’ব পাৰে। কামত মনোযোগ বজাই ৰাখিব লাগিব। আৰ্থিক মুনাফা নিশ্চিত নহ’বও পাৰে। কিন্তু শ্ৰদ্ধা পোৱাৰ ক্ষেত্ৰত কোনো সুৰুঙা নাথাকিব। ব্যৱসায়িক কাৰণত অপ্ৰত্যাশিতভাৱে ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা সৃষ্টি হ’ব পাৰে। কিন্তু তাৰ পৰা অতিৰিক্ত মুনাফা আশা কৰাৰ প্ৰয়োজন নাই। স্বাস্থ্য কিছু দুৰ্বল হ’লে কাম মসৃনভাৱে চলিব।
শুভ ৰং : ৰঙা
শুভ সংখ্যা : ৭
মিথুন ৰাশি :
শ্ৰীগণেশে কৈছে, যি কামেই নকৰক, সেই কামৰ ক্ষেত্ৰত প্ৰথমে টকাৰ অভাৱ আৰু পিছত সমৰ্থনৰ অভাৱ বাধা হৈ থিয় দিব। মজুত কৰি ৰখা কাম এৰাই চলিব লাগিব ব্যৱসায়ীসকলে। নহ’লে ডাঙৰ ক্ষতিৰ সম্ভাৱনা আছে। ৰাজহুৱা খণ্ডত আপোনাৰ ভাৱমূৰ্তি থাকিব বহু ধনী ব্যক্তিৰ দৰে, কিন্তু পৰিস্থিতি ঠিক তাৰ ওলোটা হ’ব। আৰু লোণ সংক্ৰান্তীয় কোনো বিষয়ত কাৰো নিজৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ ফলত লাঞ্ছনাৰ সন্মুখীন হ’ব পাৰে। খৰখেদা কৰি কোনো কাম নকৰিব। দীঘলীয়া ভ্ৰমণ, জুই, যন্ত্ৰপাতি আৰু দুৰ্ঘটনাৰ পৰা সাৱধান। ইণ্টেলেকচুৱেল কামৰ কামৰ বাবে কিছু ধন পাব পাৰে। ঘৰত কাৰোবাৰ ডেদৰ বাবে সমস্যা হ’লে শান্ত হৈ থাকক। শ্বাসতন্ত্ৰৰ সমস্যা হ’ব পাৰে।
শুভ ৰং : বগা
শুভ সংখ্যা : ৮
কৰ্কট ৰাশি :
শ্ৰীগণেশে কৈছে, ভিৰৰ মাজত আপোনাৰ ব্যক্তিত্ব পৃথককৈ দৃষ্টি কাঢ়িব। জনচক্ষুত হয়তো আপুনি সুখী ব্যক্তি হিচাপে পৰিচিতি লাভ কৰিব পাৰে, কিন্তু নিজৰ মনৰ কথা কাৰো সৈতে শ্বেয়াৰ নকৰাই ভাল। আবেগিক হৈ বেছি কথা ক’লে সন্মানহানি হ’ব পাৰে। কিছু সময়ৰ বাবে ব্যৱসায় সুন্দৰভাৱে চলিব। কিন্তু কম মুনাফা কৰা ব্যৱসায়ে ভৱিষ্যতে দুগুণ হ’ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতিৰ ফলত অতিৰিক্ত ধন খৰচ হ’ব। এই সময়ত কোনো চৰকাৰী কাম কৰা উচিত নহয়। আৰ্থিক লেনদেন সংক্ৰান্তীয় বিষয়ত সাৱধান। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে।
শুভ ৰং : মেৰু
শুভ সংখ্যা : ১৬
সিংহ ৰাশি :
শ্ৰীগণেশে কৈছে, এই সময় খুব অনুকূল। প্ৰথমৰে পৰা ব্যৱহাৰত নম্ৰতা বৰ্তাই ৰাখিব লাগিব। যি কামেই নকৰক কিয়, সফলতাৰ সোৱাদ পাব। কিন্তু যি কাম সহজতে কৰিব, সেয়া সম্পূৰ্ণ কৰিবলৈ আপুনি কাৰোবাক সন্তুষ্ট কৰিব লাগিব। চাকৰিজীৱীসকল বিষয়াৰ ক্ষোভৰ সন্মুখীন হ’ব পাৰে। কিন্তু ঘণীভূত হোৱাৰ বিবাদ বন্ধ কৰাৰ বাবে কিছু সময় শান্ত হৈ থকা প্ৰয়োজন। ব্যৱসায়ীসকলে খৰচ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিলেও সফল হ’ব নোৱাৰিব। আয়ৰ সৈতে অসমান ব্যয় হ’ব পাৰে। সন্তানৰ কাৰণে সমস্যাত পৰিব পাৰে। সেয়ে তেওঁলোকৰ ওপৰত পূৰ্বৰে পৰা নজৰ ৰখা প্ৰয়োজন। মহিলাসকলৰ ইমিউনিটী হ্ৰাস পোৱাৰ ফলত সমস্যা হ’ব পাৰে।
শুভ ৰং :ক’লা
শুভ সংখ্যা : ১০
কন্যা ৰাশি :
শ্ৰীগণেশে কৈছে, প্ৰথমৰে পৰা আক্মিকভাৱে কাম বাঢ়িব পাৰে। কিছু সময়ৰ বাবে সকলো খালী খালী লাগিব পাৰে। লাহে লাহে কাম স্বাভাৱিক হৈ আহিব। সৰু-ডাঙৰ যিকোনো কামৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নহ’লে পিছত অনুশোচনা হ’ব। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ডাঙৰ সফলতা আহিব। কামৰ ক্ষেত্ৰত লোৱা বেছিভাগ সিদ্ধান্ত সঠিক বুলি প্ৰমাণিত হ’ব। কিন্তু কামৰ প্ৰতিযোগিতাৰ ফলত প্ৰথমৰ ফালে সমস্যা হ’ব পাৰে। কিন্তু দৃঢ় সংকল্পৰ জৰিয়তে উপযোগিতা লাভ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ শান্ত থাকিব। পৰিয়ালৰ সদস্যসকলে কোনো অনুষ্ঠানত ব্যস্ত থাকিব পাৰে। ৰক্ত সংক্ৰান্তীয় সমস্যা হ’ব পাৰে।
শুভ ৰং : লেভেন্দৰ
শুভ সংখ্যা : ৯
তুলা ৰাশি :
শ্ৰীগণেশে কৈছে, স্বাস্থ্য সংক্ৰান্তীয় বিষয়ত উত্থান-পতন হ’ব পাৰে। যিকোনো কাম দ্ৰুতগতিত কৰাৰ ইচ্ছা নাথাকিব। কোনো কাম কৰাৰ সংকল্প ল’লেও স্বাস্থ্য সংক্ৰান্তীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে। আলস্য ভাৱৰ বাবে কাম বাধাগ্ৰস্ত হ’ব। ঘৰে-বাহিৰে যিকোনো কামত পৰিয়ালৰ সদস্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব পাৰে। সন্তানৰ বাদে প্ৰত্যেকৰ পৰা সমৰ্থন পাব। সন্তানে নিজৰ ইচ্ছামতে- চলা-ফুৰাৰ ফলত ঘৰৰ পৰিৱেশ নষ্ট হ’ব পাৰে। ব্যৱসায়ৰ পৰা ধন আহিব। কিন্তু চুৰি-অপব্যৱহাৰক লৈ সতৰ্ক হৈ থাকিব লাগিব। চাকৰিজীৱীসকলে সহকৰ্মীৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ নাথাকিব। ক’ৰবালৈ ভ্ৰমণ কৰাৰ সময়ত সচেতন হৈ থকা প্ৰয়োজন।
শুভ ৰং : সেউজীয়া
শুভ সংখ্যা : ১৩
বৃশ্চিক ৰাশি :
শ্ৰীগণেশে কৈছে, মানসিক অৱস্থা দৃঢ় হৈ থাকিব। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বিবাদ সৃষ্টি হ’ব পাৰে। সৰু-সুৰা সমস্যাৰ বাদে স্বাস্থ্য ভালে থাকিব। কিন্তু কন্যাৰ স্বাস্থ্যক লৈ উদ্বেগ থাকিব পাৰে। সকলো মিলাই আৰ্থিক, পাৰিবাৰিক আৰু সামাজিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। যাৰ ফলত আপুনি মানসিক ভাৱে বিচ্ছিন্ন থাকিবলগীয়া হ’ব পাৰে। ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব। শ্ৰদ্ধা লাভ কৰাৰ বাবে সেৱামূলক কাম কৰিব পাৰে। কিন্তু ব্যস্ততাৰ ফলত খুব প্ৰয়োজনীয় কাম এৰিব লাগিব পাৰে। কামৰ স্থানত নিজৰ কথা-বাৰ্তা আৰু গোপন কৌশলৰ ফলত অসম্ভৱ কামক সম্ভৱ কৰিব পাৰিব। ঘৰত শান্তু বৰ্তাই ৰখাৰ বাবে এই সময়ত কথা কমকৈ কওক। সন্তানৰ ওপৰত নজৰ ৰাখক। কাৰণ তেওঁলোকে পঢ়া-শুনাত গাফিলতি কৰিব পাৰে।
শুভ ৰং : পিচ
শুভ সংখ্যা : ১৫
ধনু ৰাশি :
শ্ৰীগণেশে কৈছে, কিছু সময় ধৰি কোনো বিশেষ পৰিকল্পনা বাস্তৱায়নৰ কথা মূৰত খেলিব। কামৰ স্থানৰ পৰিস্থিতিৰ বাবে ডাঙৰ কোনো চুক্তি অসফল হ’ব পাৰে। পুৰণি কোনবো পৰিচিতৰ পৰা অপ্ৰত্য়াশিতভাৱে উপযোগিতা লাভ কৰিব পাৰে। কিন্তু গোপন শাৰীৰিক সমস্যাৰ কথাই মূৰত ক্ৰিয়া কৰিব পাৰে। কিন্তু কাৰো পৰামৰ্শ লোৱাৰ ক্ষেত্ৰত দ্বিধাৰ সৃষ্টি হ’ব পাৰে। সচেতন হৈ থাকক। যাতে সেয়া জটিল হৈ নুঠে। পৈতৃক বিষয়ক লৈ সমস্যা হ’লে পিতৃয়ে দিয়া সমাধান জৰিয়তে স্বস্তি লাভ কৰিব। পৈতৃক সন্মান বৃদ্ধি পাব। গোপন শত্ৰু বাঢ়িব পাৰে।
শুভ ৰং : কফি
শুভ সংখ্যা : ৬
মকৰ ৰাশি :
শ্ৰীগণেশে কৈছে, জ্ঞানৰ অভাৱ থাকিলেও ব্যক্তিত্ব উজ্জ্বল হ’ব। ৰাজহুৱা খণ্ডত শ্ৰদ্ধা বৃদ্ধি পোৱাৰ ফলত ভৱিষ্যতে মুনাফাৰ দুৱাৰ খোল খাব। কামত অসাৱধান হ’বলগীয়া হ’ব পাৰে। যাৰ ফলত পুৰণি কোনো প্ৰেমৰ সম্পৰ্ক নষ্ট হ’ব পাৰে। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে শাৰীৰিক পৰিশ্ৰমৰ সলনি মানসিক ব্যায়ামৰ ফলত মুনাফা লাভ কৰিব পাৰিব। কিন্তু যি মুনাফাৰ যোগ্য, সেয়া নহাৰ ফলত হতাশ হৈ পৰিব পাৰে। নিজৰ ব্যক্তিগত আগ্ৰহৰ বাবে পৰিয়ালৰ সদস্যসকলে আপোনাৰ ভুল উপেক্ষা কৰিব পাৰে। ইয়াৰ ফলত দম্ভ বাঢ়িব পাৰে। সেয়ে নিয়ন্ত্ৰণ কৰা প্ৰয়োজন। হাত-ভৰিৰ দুৰ্বলতাৰ সমস্যাত ভুগিব পাৰে। ভ্ৰমণৰ পৰিকল্পনা বাতিল হ’ব পাৰে।
শুভ ৰং : ৰঙা
শুভ সংখ্যা : ৩
কুম্ভ ৰাশি :
শ্ৰীগণেশে কৈছে, সৰু-সুৰা বিষয়ত মূৰ গৰম হ’ব পাৰে। সেয়ে শান্ত হৈ থাকিব লাগিব। কিছু শাৰীৰিক সমস্যা হ’ব পাৰে। যিয়ে বিৰক্তিৰ সৃষ্টি কৰিব। আপোনাৰ ৰুক্ষ আচৰণৰ কাৰণে পৰিয়ালৰ সদস্যসকলে আঘাত পাব পাৰে। সেয়ে মেজাজ নিয়ন্ত্ৰণত ৰাখিব লাগিব। নহ’লে সন্মানহানি হ’ব পাৰে আৰু ভৱিষ্যতৰ উপযোগিতা হেৰুৱাব পাৰে। সন্তানৰ ভুলবোৰ ক্ষমা কৰি দিয়ক। চৰকাৰী কামত শিথিলতা ৰাখিলে নহ’ব। নহ’লে জটিলতা বৃদ্ধি পাব। পিছলৈ মানসিক শান্তি আহিব। কিন্তু তাৰ বাবে কেৱল অপ্ৰয়োজনীয় খৰচ হ’ব। আসক্তিৰ পৰা দূৰত্ব বজাই ৰখা প্ৰয়োজন।
শুভ ৰং : ইণ্ডিগো
শুভ সংখ্যা : ১২
মীন ৰাশি :
শ্ৰীগণেশে কৈছে, আৰ্থিক দিশত উন্নতি। কিন্তু টকা-পইচা সংক্ৰান্তীয় বিষয়ত সন্তুষ্টি নাহিব। যিকোনো কামত মুনাফা আহক নাহক, তাত ঘাটি থাকিবই। আৰু টকা পোৱাৰ লোভত যি পৰিমাণৰ টকা হাতলৈ আহিব লাগিছিল, তাৰ পৰিমাণো কমি যাব। ব্যৱসায়ত ভুল কৰি কাকো টকা ধাৰলৈ নিদিব। নহ’লে সেই টকা ঘূৰাই পোৱাত সমস্যা হ’ব। পুৰণি কাম বা পৈতৃক কাম লৈ ভাতৃ-ভগ্নীৰ মাজত বিবাদ হ’ব পাৰে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা কৰা উচিত নহয়। আনৰ কথা মন দি শুনাৰ পিছত কিন্তু নিজৰ দৃষ্টিভংগী জনোৱা উচিত। ইয়াৰ ফলত দ্ৰুত সমাধান সৃষ্টি হ’ব। পাৰ্টনাৰশ্বিপৰ কামত বিবাদ হ’ব পাৰে। সেয়া এৰাই চলা ভাল। মূৰৰ বিষ, বদহজমৰ সমস্যা হ’ব পাৰে।
শুভ ৰং : বেইজ
শুভ ৰং : ৯