একেলগে চাহ খাই থকাৰ মাজতে গুলীচালনা। ধাৰাষাৰ গুলীবৰ্ষণত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বীৰ মৃত্যু। ফেচবুক পোষ্ট যোগে কুখ্যাত গোল্ডী ব্ৰাৰ গেঙে স্বীকাৰ কৰিলে সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ দায়িত্ব। মঙলবাৰে ভৰ দুপৰীয়া ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেড়ীক লগ ধৰিবলৈ আহিছিল ৩ জন যুৱক। অহাৰ কাৰণ জনাৰ পাছত ৩ যুৱকক ঘৰৰ ভিতৰ সোমোৱাৰ অনুমতি দিছিল নিৰাপত্তাৰক্ষীয়ে। ঘৰত প্ৰৱেশ কৰাৰ পাছতে ৩ যুৱকক দেখা কৰিবলৈ ওলাই আহিছিল সুখদেৱ সিং গোগামেড়ী। কথা পতাৰ মাজতে যথাৰীতি চাহ-মিঠাইৰে ৩ যুৱকক আপ্যায়নো কৰিছিল সুখদেৱ সিং গোগামেড়ীয়ে। চাহৰ কাপত চুমুক দিয়াৰ মাজতে সুখদেৱ সিং গোগামেড়ী ব্যস্ত হৈ পৰিছিল মোবাইলত। WhatsApp ত মেছেজ এটা পঢ়ি থাকোতেই হঠাৎ সুখদেৱ সিং গোগামেড়ীক লক্ষ্য কৰি গুলী চলালে ৩ যুৱকে। এটা এটাকৈ ৪টা তপত বুলেটে শৰীৰ থকা সৰকা কৰাৰ পাছত এটা আততায়ীয়ে অন্তিমটো বুলেট গুজি দিলে সুখদেৱৰ মুৰত। ধাৰাষাৰ গুলীবৰ্ষণত আহত হ’ল সুখদেৱৰ কাষতে ৰৈ থকা এজন নিৰাপত্তাৰক্ষী।
কাম হৈ যোৱাৰ পাছত পিষ্টল সামৰি ঘৰৰ পৰা পলোৱাৰ চেষ্টা কৰোতে ৩ জনীয়া দলটোক আগচি ধৰিলে আন এজন নিৰাপত্তাৰক্ষীয়ে। হতাহতিৰ পাছত নিৰাপত্তাৰক্ষীৰ গুলীত এইবাৰ ঠাইতে ঢলি পৰিল এটা ঘাতক। মৃত ঘাতকক ইতিমধ্যে নবীন সিং শেখাৱত বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ পাছতে হাহাকাৰ লাগিল জয়পুৰ চহৰত। সুখদেৱ সিং গোগামেড়ী গুলীবিদ্ধ হোৱাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰিল সমগ্ৰ ৰাজস্থানত। তাৰমাজতে ২ নিৰাপত্তাৰক্ষীৰ লগতে স্থানীয় লোকে চিকিৎসায়লত ভৰ্তি কৰালে সুখদেৱ সিং গোগামেড়ীক। কিন্তু চিকিৎসকৰ হাজাৰ চেষ্টাৰ পাছতো প্ৰাণ ৰক্ষা নপৰিল সুখদেৱ সিং গোগামেড়ীৰ। অৱশ্যে এতিয়াও চিকিৎসাধীন অৱস্থাত আছে দুজন গুলীবিদ্ধ নিৰাপত্তাৰক্ষী।
সুখদেৱ সিং গোগামেড়ীক মৃত ঘোষণা কৰাৰ পাছতে ফেচবুকত হত্যাৰ দায়িত্ব স্বীকাৰ কৰিলে নিজকে গোল্ডি ব্ৰাৰ গেঙৰ সদস্য বুলি দাবী কৰা জনৈক ৰোহিত গোদাৰা কাপুৰীশ্ৰাৰে। মাত্ৰ ১০ মিনিটতে ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেড়ীক চিৰনিদ্ৰাত শুৱাই বতাহৰ লগত মিলি যোৱা আন দুটা দুৰ্বৃত্তৰ সন্ধানত জয়পুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান। ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বীৰ হত্যাৰ আঁৰত কি? আদৰ্শৰ সংঘাত। আদৰ্শৰ সংঘাতৰ বাবেই গল্ডী ব্ৰাৰ গেঙৰ গুলীৰ চিকাৰ হ’ল ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেড়ী।
গোল্ডী ব্ৰাৰ কোন? কানাডাৰ কুখ্যাত গেংষ্টাৰ গোল্ডী ব্ৰাৰ। যি গোল্ডী ব্ৰাৰ গেঙৰ বিৰুদ্ধে আছে পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক হত্যা কৰাৰ অভিযোগ। বিপৰীতে হিন্দী চলচ্চিত্ৰ পদ্মাৱতৰ মুক্তিৰ বিৰোধিতা কৰি চৰ্চালৈ অহা কৰ্ণী সেনাৰ মুৰব্বী আছিল সুখদেৱ সিং গোগামেড়ী। কিন্তু পদ্মাৱতৰ বিৰোধিতাৰ কিছুদিন পাছতে দুভাগত বিভক্ত হৈছিল কৰ্ণী সেনা। মুল দলৰ পৰা ফাঁটি আহি সুখদেৱ সিং গোগামেড়ীয়ে গঠন কৰিছিল ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনা। ডিচেম্বৰৰ ৫ তাৰিখে গোল্ডী ব্ৰাৰ গেঙৰ চিকাৰ হ’ল সুখদেৱ সিং গোগামেড়ী।