মাজনিশা অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ডাঙৰ অভিযোগ। নিশা প্ৰায় ২ বজাত ফেচবুক লাইভযোগে ডাঙৰ অভিযোগ উত্থাপন কৰিলে অভিনেত্ৰীগৰাকীয়ে। আন কাৰো বিৰুদ্ধে নহয়, অভিনেত্ৰীগৰাকীয়ে চুক্তিবদ্ধ হৈ থকা অভিনন্দন থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে অভিনেত্ৰীগৰাকীয়ে উজাৰিলে ক্ষোভ।
ফেচবুক লাইভত অভিনেত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, বৰপেটা জিলাত চলি থকা থিয়েটাৰৰ দৰ্শনীৰ পিছতে প্ৰযোজকে তেওঁক প্ৰাপ্য মাননী আদায় দিয়াৰ কথা আছিল। কিন্তু শ্ব’ শেষ হোৱাৰ পিছতো বহু সময়লৈ অভিনেত্ৰীগৰাকীক ৰখায় থয় গ্ৰীন ৰুমত। অভিনেত্ৰীগৰাকীৰ নিশা ডেৰ-দুই বজালৈ ৰখা থৈ নিজৰ বন্ধুবৰ্গৰ আড্ডা মাৰি থকা বুলি অভিযোগ কৰে প্ৰিয়মে।
অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে যিমান টকাত থিয়েটাৰ গোষ্ঠীৰ সৈতে চুক্তিবদ্ধ হৈছিল, ৫ মাহ কাম কৰাৰ পিছতো তাৰ আধা টকাও পৰিশোধ কৰা নাই প্ৰযোজকে। কালি বহু নিশালৈ শিল্পীগৰাকীক ৰখাই থোৱাৰ পিছত শেষত টকা দিব নোৱাৰো বুলি কোৱাৰ পিছতে অতিষ্ঠ হৈ ফেচবুক লাইভযোগে ক্ষোভ উজাৰে প্ৰিয়ম পল্লৱীয়ে।
ভৱিষ্যতে থিয়েটাৰখনত থকা-নথকাক লৈও শীঘ্ৰে সিদ্ধান্ত ল’ব বুলি কয় অভিনেত্ৰীগৰাকীয়ে।