শনি গ্ৰহক এইকেইটা উপায়েৰে শক্তিশালী কৰি ৰাখিব পাৰে..

1 min read

জোতিষ শাস্ত্ৰত কোৱা হয় যে-শনি যাৰ ওপৰত প্ৰসন্ন হয়-অৰ্থাৎ যাৰ শনি গ্ৰহ শক্তিশালী স্থিতিত থাকে-সেইজন ৰজা হব পাৰে।

শনি বেয়া হলে ৰজায়ো প্ৰজা হয় যায়।শনি শক্তিশালী হলে-লোহা-মেচিনৰ কাৰখানাৰ লগত জড়িত ব্যৱসায়ত বহুতো উন্নতি হয়।কৰ্ট-কেচত বিজয় হয়।কায্যত সফলতা প্ৰাপ্ত হয়।সাংসাৰিক সমস্যাৰ পৰা মুক্তি পোৱা যায়।শনিক ন্যায়ৰ প্ৰতীক মনা হয়।যদি শনি শক্তিশালী হয়-তেন্তে আপোনাৰ লগত অন্যায় হব নোঁৱাৰে।যেতিয়া শনি বেয়া হয়-তেতিয়া ডাঙৰতকে ডাঙৰ কষ্টৰ সন্মুখীন কৰিবলগীয়া হয়।

শনিগ্ৰহক শক্তিশালী কৰাৰ উপায়- ১)যদি ব্যক্তিৰ শনিগ্ৰহ দুৰ্বল হয়-তেতিয়া ব্যক্তিয়ে-১৯টা শনিবাৰ ব্ৰত কৰিব লাগে।অধিকতম-৫১টা শনিবাৰ ব্ৰত ৰাখিব পাৰে।ইয়াৰ দ্ধাৰা শনিগ্ৰহ শক্তিশালী হয়।

২/শনিবাৰে ক’লা কাপোৰ পিন্ধি-ঔম প্ৰাং প্ৰীং শনিয়ে নমাহঃ-মন্ত্ৰটিৰ জাপ ৫মালা কৰিব লাগে।বা ১১ বা ১৯মালাও কৰিব পাৰে।ইয়াৰ দ্বাৰা শনিগ্ৰহ শক্তিশালী হয়।

৩/শনিবাৰে এটা পাত্ৰত জল,গাখীৰ,চেনী,ক’লা তিল,আৰু গংগাজল ভৰাই লব লাগে।মন্ত্ৰ জাপ কৰাৰ পাছত পশ্চিম দিশৰ ফালে মুখ কৰি আহঁতৰ গছৰ গুৰিত সেই জল অৰ্পণ কৰিব লাগে।এনে কৰিলেও শনিগ্ৰহ শক্তিশালী হয়।

৪/শনিবাৰৰ দিনা-মাটি দালিৰে তৈয়াৰী বস্তু খাব লাগে।সৰিয়হৰ তেলত বনোৱা খাদ্য খাব লাগে।ইয়াৰ দ্বাৰাও শনিগ্ৰহ শক্তিশালী হয়।

৫/শনিবাৰৰ দিনা ফলৰ ভিতৰত কল সেৱন কৰিব পাৰে।ইয়াৰ দ্বাৰাও সহায় পোৱা যায়।

৬/শনিগ্ৰহক প্ৰবল কৰিবৰ বাবে-কম্বল,জোতা,চেণ্ডেল,লোহা,ক’লা কাপোৰ,নাৰিকল-বাকলিৰ সৈতে দান কৰিব লাগে।শনিবাৰে-সৰিয়হৰ তেল,ম’হ আৰু ক’লা গৰু দান কৰাটো উপযোগী হয়।

৭/যি ব্যক্তিৰ শনি দুৰ্বল হয়-সেই ব্যক্তিয়ে নীলম পিন্ধিব লাগে।ইয়াৰ বাবে জ্যোতিষচায্যৰ সহায় লব লাগে।

৮/যদি ব্যক্তিৰ বাবে নীলম সম্ভৱ নহয়-তেতিয়া শনিগ্ৰহৰ উপৰত্ন-জমুনীয়া নীলি,ক’লা অকীক,লাজবৰ্তও পিন্ধিব পাৰে।এয়াও শনিগ্ৰহক শক্তিশালী কৰে।

৯/আন মহিলাৰ লগত সম্বন্ধ ৰাখিব নালাগে।অহংকাৰ কৰিব নালাগে।দৰিদ্ৰ আৰু অহসায় লোকৰ সহায়তা কৰিব লাগে।চাফ-চিকুণ কৰা সকলৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে।ইয়াৰ দ্বাৰাও শনিগ্ৰহ শক্তিশালী হয়।

১০)শনিগ্ৰহক শক্তিশালী কৰিবলৈ-শনিদেৱ,বীৰ হনুমান আৰু মহাদেৱৰ আৰাধনা কৰিব লাগে।মহামৃত্যুঞ্জয় মন্ত্ৰ জাপ কৰিলেও-শনিগ্ৰহৰ বেয়া স্থিতি ঠিক হয়।(সংগ্ৰহিত)।

You May Also Like

More From Author