আদি-অন্ত-মহাদেৱ,
শিৱ-শংকৰ-চম্ভু-মহাদেৱ,
মহাদেৱক শাস্ত্ৰত সংসাৰৰ মৰ্য্যদা দিয়া হৈছে।
মহাদেৱৰ জন্মৰ বিষয়ে বেলেগ বেলেগ পুৰাণত বেলেগ বেলেগ কথাৰে প্ৰচলিত আছে।শিৱপুৰাণৰ মতে মহাদেৱক চম্ভু মনা যায়,
ইয়াৰ অৰ্থ হৈছে তেওঁৰ উৎপত্তি নিজে হৈছিল আৰু অন্তও নিজে হব।
বিষ্ণু পুৰাণৰ মতে এবাৰ ব্ৰহ্মাক এটা সৰু লৰা’ৰ প্ৰয়োজন হৈছিল।সেইবাবে ব্ৰহ্মাই ঘোৰ তপস্যা কৰিছিল আৰু ব্ৰহ্মাই তপস্যা কৰি থাকোতে তেওঁৰ কোলাত কান্দি থকা মহাদেৱৰ উৎপত্তি হল।ব্ৰহ্মাই কান্দি থকা শিশুক দেখি সুধিলে তুমি কিয় কান্দিছা?তেতিয়া শিশু সুলভ মনেৰে কলে যে,তেওঁৰ নাম ব্ৰহ্মা নহয় বাবে তেওঁ কান্দিছে,তেতিয়া ব্ৰহ্মা’ই মহাদেৱৰ নাম ৰুদ্ৰ ৰাখিলে,ৰুদ্ৰ’ৰ অৰ্থ হৈছে কান্দি থকা।
মহাদেৱে ব্ৰহ্মাৰ পুত্র হৈ জন্ম লোৱাতো বিষ্ণু পুৰাণত আন এক কথা মতে যেতিয়া আকাশ পাতাল ধৰিত্ৰি সৈতে সমগ্র বিশ্বব্ৰহ্মাণ্ডৰ জলমগ্ন হৈ আছিল।বিষ্ণু ব্ৰহ্মা মহেশ্বৰ বাদে কোনো দেৱতাগণ নাছিল তেতিয়া বিষ্ণুৱে কেৱল জলত চেচ নাগৰ ওপৰত বিৰাজমান হৈ আছিল।তেতিয়া তেওঁৰ নাভিৰ কমলৰ নালত ব্ৰহ্মা জন্ম হল।তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুয়ে সৃষ্টিৰ সম্বন্ধে কথা পাতি আছিল আৰু তেতিয়া মহাদেৱও তাত প্ৰকত হল।তেতিয়া ব্ৰহ্মা’ই মহাদেৱক চিনি নাপাঁও বুলিলে,সেইবুলি ব্ৰহ্মা’ই কোৱাত মহাদেৱৰ জগৰ লগা ভয়ত বিষ্ণৱে ব্ৰহ্মাক মহাদেৱৰ কথা মনত পেলাই দিলে।তেতিয়া ব্ৰহ্মা’ই নিজৰ ভূল বুজি মহাদেৱৰ ওচৰত ক্ষমা বিচাৰি ব্ৰহ্মা’ৰ পুত্র ৰূপত জন্ম লবলৈ আৰ্শীবাদ বিচাৰিলে।ব্ৰহ্মা’ৰ প্ৰাৰ্থনা’ত মহাদেৱ সন্তস্ত হৈ ব্ৰহ্মাক আৰ্শীবাদ কৰিলে….
…ঔম নমঃ শিৱায়..