আপুনিও ঘণ্টাৰ পিছত ঘণ্টা ধৰি Reels স্ক্ৰ’ল কৰি থাকে নেকি? যদি কৰে তেন্তে…

1 min read

টিভিত চিনেমা চোৱা, ধাৰাবাহিক চোৱা আৰু ৰেডিঅ’ত গান শুনা… এই সকলোবোৰ এক পুৰণি যুগৰ কথা হৈ পৰিছে। বৰ্তমান যুগটো ৰীলছ্ হৈ পৰিছে।
শিশু, বৃদ্ধৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মই বৰ্তমান ৰিল চোৱাতে ব্যস্ত হৈ পৰিছে। ৰীলছ্ চোৱাত সাধাৰণভাবে ব্যস্ত নহয়, সম্পূৰ্ণভাবে ব্যস্ত হৈ যায়…শুৱাৰ সময়ত, উঠাৰ সময়ত, খোৱাৰ সময়ত, ক’ৰবালৈ যোৱাৰ সময়ত সকলো সময়তে কেৱল ৰীলছে ৰীল।

ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম স্ক্ৰল কৰি থাকোতে-থাকোতে আপোনাৰ ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ যায় কিন্তু আপুনি ভাবে যে অলপ আগতে চাবলৈ লৈছোহে আৰু অলপ চাই লও।

কেতিয়াবা কেতিয়াবা ইমান সময় এনেই পাৰ হৈ যায় কিন্তু ৰীলছ চোৱাৰ অভ্যাস যোৱাৰ নামেই নলয়। আপুনি, আমি আৰু কিমান মানুহ আছে যিসকলৰ চিকাৰ হৈছে। এতিয়া এইটো একপ্ৰকাৰৰ ৰোগ হিচাপে ওলাই আহিছে।

আহক আমি আপোনালোকক কম যে আচলতে ৰীলছে কেনেদৰে আপোনাক শাৰীৰিক আৰু মানসিকভাবে ক্ষতি কৰি আছে।

ৰীলছ চালে কি ক্ষতি হয়?
ৰীলছ চাই চাই মানুহে সময়ৰ দুৰ্ব্যৱহাৰ কৰিবলৈ ধৰিছে। ঘণ্টা ধৰি সময় ওলাই যায় আৰু মানুহে গমকে নাপায়। যাৰ ফলত তেওঁলোকৰ কামৰো লোকচান হয়। লগতে ইয়াৰ বাবে মানসিকভাবে মানুহ ৰোগী হৈ উঠিছে।

মানুহৰ ডিপ্ৰেছনৰ সমস্য়া বৃদ্ধি হ’বলৈ ধৰিছে। কেতিয়াবা কেতিয়াবা ৰীলছ চাই চাই নিজৰ ভিতৰত দোষ বিচাৰিবলৈ ধৰে। নিজকে বেলেগৰ সৈতে তুলনা কৰিবলৈ ধৰে। তেওঁলোকৰ দৰে হ’বলৈ চেষ্টা কৰিবলৈ ধৰে।

ইয়াৰ লগতে ৰীলছ বনাবলৈও বিচাৰে আৰু যেতিয়া তেওঁলোকৰ ৰীলছ ভাইৰেল নহয় বা ভিউজ নাপায় তেতিয়া তেওঁলোক খঙাল আৰু খিংখিঙীয়া হ’বলৈ আৰম্ভ কৰে আৰু লাহে-লাহে এই মানসিক চাপ ডিপ্ৰেচনলৈ সলনি হৈ যায়। ইয়াৰ ফলত কামত একাগ্ৰতা হ্ৰাস হয় আৰু সমাজৰ পৰা বিছিন্ন হয় মুড ছুয়িঙৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে।

যদি শিশুসকলে ৰীলছ চাই তেন্তে তেওঁলোকৰ পঢ়া-শুনাত লোকচান হয়। ৰীলছৰ এডিকচেনৰ বাবে শিশুসকল পঢ়া-শুনাত গুৰুত্ব দিব নোৱাৰে।

নিশা বহু দেৰিলৈকে ৰীলছ্ চোৱাৰ অভ্যাসত শোৱা পদ্ধতি সলনি হৈ যায় আৰু পাছদিনা স্কুল, কলেজ বা অফিচ যোৱাত বহু অসুবিধা হয়। টোপনি সম্পূৰ্ণ নোহোৱাৰ ফলত অৱসাদ হ’বলৈ আৰম্ভ কৰে।

লগতে ৰীলছ বহু সময় চোৱাৰ পিছত চকু দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু শাৰীৰিক সক্ৰিয়তা কম হৈ যোৱাৰ ফলত মেদবহুলতাৰ দৰে সমস্যাৰো সৃষ্টি হয়।

You May Also Like

More From Author