প্ৰৱঞ্চনা আৰু জালিয়াতি গোচৰ! আদালতত হাজিৰ হ’ল বলীউডৰ অভিনেত্ৰী জৰীণ খান

0 min read

প্ৰৱঞ্চনা তথা জালিয়াতিৰ গোচৰত আদালতত হাজিৰ হ’বলৈ বাধ্য হ’ল বলিউদৰ নায়িকা জাৰিন খান। এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীয়ে ধন দিয়াৰ পিছতো বলীউডৰ অভিনেত্ৰী জৰীণ খানে সংস্থাটোৰ কাৰ্যসূচীত উপস্থিত হোৱা নাছিল।

ইভেণ্ট মেনেজমেণ্ট কোম্পানীটোৱে জনোৱা মতে, তেওঁলোকৰ কাৰ্যসূচীত উপস্থিত হোৱাৰ কথা দি অভিনেত্ৰী জাৰিন খানে ১২ লাখ টকাৰ আগধন লৈছিল। কিন্তু টকাখিনি পোৱাৰ পিছতো তেওঁ অনুষ্ঠানলৈ নাহিল।

ইয়াৰ পিছতে আৰ্থিক জালিয়াতিৰ অভিযোগত পশ্চিমবংগৰ নৰকেলডাঙা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সংস্থাটোৱে।

যোৱা ১১ ডিচেম্বৰত আৰ্থিক জালিয়াতিৰ গোচৰত জাৰিনে আদালতত আত্মসমৰ্পণ কৰিছিল। সেইদিনা শিয়ালদাহ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰে অভিনেত্ৰীগৰাকীয়ে।

তেওঁৰ অধিবক্তা পৱন আগৰৱালাই আদালতত জাৰিন খানৰ জামিনৰ বাবে আবেদন জনাইছিল। দুয়োপক্ষৰ যুক্তি শুনি ন্যায়াধীশে ৩০ হাজাৰ টকাৰ বণ্ডত জাৰিন খানক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। আদালতৰ অনুমতি অবিহনে অভিনেত্ৰীগৰাকীয়ে দেশৰ বাহিৰলৈ যাব নোৱাৰিব। সেই গোচৰৰে আজি শুনানি গ্ৰহণ কৰা হৈছিল।

উল্লেখ্য, ২০১০ চনত ছলমান খানৰ সৈতে ‘বীৰ’ ছবিৰে বলীউডত অভিষেক ঘটিছিল জাৰিন খানৰ। সেই সময়ত বহুতে অভিনেত্ৰীগৰাকীৰ চেহেৰা আৰু কেটৰিনা কাইফৰ চেহেৰাৰ মাজত সাদৃশ্য বিচাৰি পাইছিল।

জাৰিন খানৰ বিৰুদ্ধে শিয়ালদাহ আদালতত দাখিল কৰা হৈছিল অভিযোগনামা। আৰক্ষীৰ সূত্ৰ অনুসৰি ২০১৮ চনত জাৰিন খানে এটা ইভেণ্ট মেনেজমেণ্ট গ্ৰুপৰ পৰা ১২ লাখ টকা লৈছিল।

উত্তৰ ২৪ পৰগনা আৰু কলকাতাৰ বৰাছাটত ৬ টা কালী পূজা উদ্বোধন কৰাৰ বাবে সংস্থাটোৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল জাৰিন খানে।

অৱশ্যে, পইচা লৈ যোৱাৰ পিছতো জাৰিনৰ মেনেজাৰ কলকাতালৈ নাহিল। ইয়াৰ বিপৰীতে কলকাতা আহিব লগা দিনটোত ইখনৰ পিছত সিখন বিমান বাতিল কৰি সময়সূচীৰ পিছুৱাই থাকিল জাৰিন খানে। কেৱল সেয়াই নহয়! ইভেণ্ট অৰ্গেনাইজেচনৰ মতে, ফোনত জাৰিন খানে ভাবুকি দি কৈছিল, “বংগলৈ কিয় যাব? মুম্বাইত আপোনাৰ সংগঠনে কেনেদৰে কাম কৰে চাম!”

You May Also Like

More From Author