১৩০১টা স্থানত আয়োজিত এই যাত্ৰাত ৭ লাখৰো অধিক লোকৰ অংশগ্ৰহণ
কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সম্পৰ্কে নাগৰিকসকলক অৱগত আৰু সবলীকৰণৰ লক্ষ্যৰে ৰাষ্ট্ৰজোৰা প্ৰচাৰ অভিযান, বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সমগ্ৰ অসমতে সফল যাত্ৰা অব্যাহত আছে। তৃণমূল পৰ্য্যায়ত চৰকাৰী সেৱাসমূহে প্ৰতিটো প্ৰান্তকে স্পৰ্শ কৰাটো নিশ্চিতকৰণেৰে এই যাত্ৰা প্ৰতিঘৰ গৃহস্থীৰ দুৱাৰদলিত উপনীত হৈছেগৈ।
আজি এই যাত্ৰাই গুৱাহাটীৰ ৰুক্মিণীগাঁও আৰু জাপৰিগোগক সামৰি লয় আৰু স্থানীয় ৰাইজে ইয়াত উৎসাহেৰে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে আজি কাৰ্য্যসূচীসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণেৰে এইসমূহৰপৰা লাভ কৰা সুবিধাৰাজি সম্পৰ্কে তেওঁলোকৰ অভিজ্ঞতা ব্যক্ত কৰে। অধিক সজাগতা সৃষ্টিৰ লক্ষ্যৰে ইয়াত চৰকাৰী আঁচনিৰাজিৰ তথ্য সম্বলিত প্ৰচাৰ পত্ৰিকাও ৰাইজৰ মাজত বিতৰণ কৰা হয়। জাপৰিগোগত এই কাৰ্য্যসূচীত জিএমচিৰ মেয়ৰ শ্ৰী মৃগেন শৰণীয়াই অংশগ্ৰহণ কৰে।
একেদৰে, ডিব্ৰুগড় জিলাৰ মোহনবাৰী গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্য্যসূচীত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰে।
ডিব্ৰুগড়ত অনুষ্ঠিত ভিবিএছৱাইত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস
এই অনুষ্ঠানৰ অংশ হিচাপে ভিন্ন বিভাগে ষ্টল স্থাপনেৰে থলীতে সেৱা আগবঢ়ায় আৰু ৰাইজক সজাগ কৰি তোলে। ইয়াত, ভিন্ন চৰকাৰী ধ্বজাবাহী আঁচনি যেনেঃ পিএম উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত যোজনা, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, জন ধন যোজনা, পিএম আৱাস যোজনা আদি সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় আৰু ৰাইজক এই আঁচনিসমূহৰ সুবিধা গ্ৰহণৰ বাবে উৎসাহিত কৰা হয়।
ভিবিএছৱাই অভিযানৰ স্থানসমূহত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, টিবি পৰীক্ষা আৰু ছিকল চেল এনিমিয়া পৰীক্ষাৰ সুবিধাও লাভ কৰে জনসাধাৰণে। ২০২৩ৰ ১৩ ডিচেম্বৰলৈকে এই যাত্ৰাই প্ৰায় ১৩০১ গাঁও পঞ্চায়ত আৰু নগৰীয়া স্থানক সামৰি লয়। ইয়াত প্ৰায় ৭০০১০৪ জন লোকে অংশগ্ৰহণ কৰে। যাত্ৰাস্থলীত অনুষ্ঠিত স্বাস্থ্য শিবিৰত প্ৰায় ১২৭৪৩১ জন লোকে সাধাৰণ স্বাস্থ্য পৰীক্ষা, ৮১৫৬৪ জন লোকে যক্ষ্মা ৰোগৰ পৰীক্ষা আৰু ১৯২৪৯ জনে ছিকল চেলৰ পৰীক্ষা কৰে।