আপুনিও বিচাৰে নেকি দীৰ্ঘ জীৱন , সুস্থ আৰু সুখী জীৱন ? আপুনি হয়তো কব এইটো এটা অদ্ভুত প্ৰশ্ন কাৰণ সকলো মানুহৰে কাম্য এনে এটি জীৱন। কিন্তু কেনেকৈ সম্ভৱ এয়া ? ইয়াৰ গোপন সূত্ৰ কি , ৰহস্য কি ? ইয়াৰ গোপন সূত্ৰ পোৱা যাব জাপানৰ এটি দ্বীপত যাৰ নাম “ৱাকিনাৱা দ্বীপ” । যি দ্বীপৰ জনসংখ্যা হৈছে চৈধ্যৰ পৰা পোন্ধৰ লাখ , গোটেই পৃথিৱীৰ ভিতৰতে যদি তুলনা কৰা যায় এই দ্বীপত বসবাস কৰা লোকৰ আয়ুস বেছি ; একপ্ৰকাৰ কবলৈ গলে তেওঁলোকৰ গড় আয়ুস ১০০ বছৰতকৈ বেছি। এই দ্বীপৰ মানুহৰ দীৰ্ঘায়ুৰ গোপন সূত্ৰ এটা সৰু শব্দৰে কোৱা যায় সেইটো হৈছে “IKIGAI” , যাৰ অৰ্থ হৈছে যি কাৰণৰ বাবে আপুনি বাছি আছে , অথবা যি জীৱিকাৰ প্ৰতি মানুহে ভিতৰৰ পৰা প্ৰেৰণা পায় ; IKIGAI হৈছে জাপানৰ এটি ধাৰণা ( concept ) , যাৰ পৰা এজন লোকে নিজৰ ভিতৰৰ পৰা দীৰ্ঘ জীৱন জীয়াই থাকিবলৈ প্ৰেৰণা পাব পাৰে, ই হৈছে সুখী আৰু স্বাস্থ্যসন্মত জীৱনৰ মন্ত্ৰ। IKIGAI নামৰ এখন পাঠ্যপুথিও আছে যিখন হৈছে এখন আন্তঃৰাষ্ট্ৰীয় বজাৰত আটাইতকৈ বেছি আৰু আটাইতকৈ দীঘলীয়া সময় বিক্ৰী হোৱা পাঠ্যপুথি । যাৰ লেখক হৈছে ফ্ৰেঞ্চাছ মিৰালছ আৰু হিপ্তক্ৰেচিয়া ।
IKIGAI চাৰিটা বিষয় বস্তুৰ সংমিশ্ৰণ :- ১. আপুনি কি ভাল পায় ( What do you love to do ? ) , অৰ্থাৎ আপোনাৰ passion কি ? ২. আপুনি কি বিষয়ত ভাল ( What do you good at ? ) অৰ্থাৎ আপুনি কি কামত ভাল বা আপোনাৰ পাৰদৰ্শিতা কত , কি বিষয়ত আপোনাৰ talent আছে ? ৩. আপুনি কিহৰ দ্বাৰা অৰ্থ অর্জন কৰিব পাৰে ( what do you paid for ? ) অৰ্থাৎ আপুনি কিহৰ দ্বাৰা জীৱন ধাৰণ কৰাত পাকৈত ? আৰু ৪. এই পৃথিৱীয়ে আপোনাৰ পৰা কি বিচাৰে যিটো আপুনি দিব পাৰিব ( What the world need from you ? ) ।
জাপানৰ বিজ্ঞানী সকলে আনকি সাধাৰণ লোক সকলেও বিশ্বাস কৰে যে প্ৰত্যেক মানুহৰ এটা IKIGAI আছে যিটো পৰিপূৰ্ণ কৰিবলৈ এজন মানুহৰ জন্ম হয়। কিছুমান লোকে নিজৰ IKIGAI খুব সোনকালে বিচাৰি পায় আৰু কিছুমান লোকে নিজৰ ইকীগাই বিচাৰি পাওঁতে সময় লয়। জাপানিছ বিজ্ঞানী সকলৰ মতে যি লোকে বৰ্তমানত নিজৰ ইকীগাই বিচাৰি পাবলৈ সক্ষম হোৱা নাই তেওঁ অনাগত ভৱিষ্যতৰ প্ৰত্যেক দিনাই ইকীগাইৰ সন্ধানত থাকিব লাগে।
জাপানিছ সকলৰ মতে প্ৰত্যেক জন লোকে ৰাতিপুৱা বিছনাৰ পৰা উঠিয়ে নিজৰ নিজৰ ইকীগাইৰ সন্ধানত থাকিব লাগে। কাৰণ ইকীগাই হৈছে এটি purpose , অৰ্থাৎ আপুনি কিহৰ বাবে পৃথিৱীত বাছি আছে, আপুনি কি কৰিব বিচাৰে , কি বস্তুৱে আপোনাৰ জীৱনত কিছু অৰ্থ বহন কৰে । ইকীগাই হৈছে এনে এক বিষয় যিয়ে আপোনাক সদায় বিছনাৰ পৰা উঠাৰ পিছতে motivate কৰি থাকিব সেইটো বিচাৰি উলিয়াবৰ বাবে যে আপুনি কি বিষয় বস্তুৰ বাবে জীয়াই আছে , আপোনাৰ জীৱনৰ purpose কি , কি বস্তুৱে আপোনাৰ জীৱনত এটি অর্থ বহন কৰে , আপোনাক আনন্দ দিয়ে।
ইকীগাই বিষয় বস্তু অনুসৰি যদিহে কাৰোবাৰ ইকীগাই চাকৰি ( job ) হয় তেন্তে তেওঁ সেই চাকৰিৰ পৰা কোনোদিনে অব্যাহতি লোৱা উচিত নহয়, অৱসৰ লোৱা উচিত নহয় ; যদিহে কোনোবাই চিত্ৰ আঁকি ভাল পায় তেনেহলে তেওঁ গোটেই জীৱন সেই কাম কৰি যোৱা উচিত, কেতিয়াও বন্ধ কৰি দিয়া অনুচিত।
“ৱাকিনাৱা দ্বীপ” ৰ মানুহ সকল গোটেই জীৱন সক্ৰিয় ( active ) থাকে , তেওঁলোকৰ যেতিয়া কোনো কামৰ পৰা অৱসৰ হৈ যায় তেতিয়া তেওঁলোকে অতিশীঘ্ৰে অইন কামত নিয়োজিত হৈ পৰে , চাকৰি অৱসৰৰ পিছতে তেওঁলোক gardening নাইবা plantation নাইবা অইন ব্যৱসায় বাণিজ্যত নিয়োজিত হৈ পৰে। “ৱাকিনাৱা দ্বীপ” ৰ ১০০ বছৰ জীয়াই থকা মানুহ সকলৰ মাজত গৱেষণা কৰি গৱেষক সকলে প্ৰকাশ কৰে যে তেওঁলোকৰ মাজত হৃদৰোগ, dementia আদি ৰোগৰ হাৰ অতি নগন্য।
দীৰ্ঘ জীৱন পোৱাৰ এটি মূলমন্ত্ৰ হৈছে ” Active mind and low stress” অৰ্থাৎ মন সক্ৰিয় ৰখা আৰু কমকৈ চিন্তা কৰা । আধুনিক যুগত মানুহৰ জীৱন ধাৰণ ( life style ) হৈছে কিছু অলস প্ৰকৃতিৰ ( Sedentary habits ) , লগতে মানুহে দীৰ্ঘদিন ধৰি একে pattern আৰু routine অনুসৰণ কৰে, নতুন কিবা কৰাৰ চেষ্টা নকৰে ; ফলত মন ( mind) সক্ৰিয় নহয় না নাথাকে আৰু এটা কাম কৰি কৰি মগজু ভোটা হৈ পৰে ; মানসিক কৰ্মৰ অভাৱে স্নায়ু সংযোগ সমূহক দুৰ্বল কৰে । সেয়ে বিভিন্ন ধৰণৰ মগজুৰ ব্যায়ামৰ অতি প্ৰয়োজনীয়, যেনে ধৰক chess খেলা, কাৰ্ড খেলা, ঘৰৰ বাহিৰলৈ গৈ অইন মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰা , সামাজিক কামৰ ব্যস্ততা আদি হৈছে মগজুৰ ব্যায়াম।
দীৰ্ঘ আয়ুৰ আন এটি গোপন সূত্ৰ হৈছে অতিৰিক্ত চিন্তা বৰ্জন কৰা। মানসিক চিন্তাই মানুহক সোনকালে বৃদ্ধ কৰে যি কথা চিকিৎসা বিজ্ঞানে বাৰ বাৰ প্ৰমাণ কৰিছে। যোগ প্রানায়ম, খেলা ধূলা আৰু শৰীৰ চৰ্চাৰ পৰা মানসিক দুশ্চিন্তা দূৰ হয়। কিন্তু যিসকল লোক ইতিমধ্যে anxiety আৰু ষ্ট্ৰেছত বিধ্বস্ত সেইসকলৰ বাবে এইবোৰ কমাবলৈ অতি কষ্টকৰ। জাপানিছ সকলে এই anxiety আৰু ষ্ট্ৰেছ নোহোৱা কৰিবলৈ এক থেৰাপি ব্যৱহাৰ কৰে, যাক কোৱা হয় মৰিটা থেৰাপি । এই থেৰাপি ৪ তা স্তৰত ভাগ কৰা হয় ১) প্ৰথম সাতদিন anxiety আৰু ষ্ট্ৰেছত থকা লোকক এখন বিচনাত ৰখা হয় আৰু সেইসময়ত তেওঁক কাৰো সৈতে দেখা কৰা আনকি সামাজিক মাধ্যম সমূহৰ পৰাও বিৰত ৰখা হয়। ২) দ্বিতীয় দশাত ৰোগীক কিছু কাম পুনঃ পুনঃ কৰিবলৈ দিয়া হয় যেনে ডায়েৰী লিখা, উশাহৰ ব্যায়াম, শৰীৰ চৰ্চা ইত্যাদি। ৩) এই স্তৰত ৰোগীক কিছু অধিক শৰীৰ চৰ্চা আৰু কিছু অধিক creative কাম কৰিবলৈ দিয়া হয় যেনে কাঠ কটা , ৰং কৰা, ঘৰ দুৱাৰ সজা ইত্যাদি। এই সকলো স্তৰৰ কাম বোৰত ৰোগীৰ মনত নতুন নতুন আবেগৰ সৃষ্টি কৰে , ৰোগীয়ে নতুন আনন্দ, স্ফূৰ্তি লাভ কৰে আৰু সজীৱ হৈ পৰে। এই তিনি স্তৰত তেওঁলোকে শান্তি আৰু নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাবলৈ সক্ষম হয়।
ৱাকিনাৱা দ্বীপৰ দীৰ্ঘ জীৱন প্ৰাপ্ত লোকসকলৰ ওপৰত গৱেষণা কৰি গৱেষক সকলে দীৰ্ঘ জীৱন প্ৰাপ্তিৰ কিছু টিপছ্ দাঙি ধৰিছে সেইসমূহ হৈছে :-
১) যিমানেই সম্ভৱ দুশ্চিন্তাৰ পৰা দূৰৈত থাকিবলৈ অভ্যাস কৰিব লাগে আৰু অইন লোকক অভিবাদন কৰাৰ অভ্যাস গঢ়িব লাগে আনকি অপৰিছিত লোককো হাঁহি হাঁহি অভিবাদন কৰাৰ অভ্যাস কৰিব লাগে। ইয়াৰ ফলত এজন মানুহে পৰ্যাপ্ত বন্ধুত্ব বজাই ৰাখিবলৈ সক্ষম হয় আৰু সেই বন্ধুত্বৰ উত্তেজনাই এজন মানুহক ডেকা হৈ থাকিবলৈ অৰিহণা যোগায়।
২) কিছুমান ভাল অভ্যাস প্ৰস্তুত কৰা । যেনে টোপনিৰ পৰা ৰাতিপুৱা সোনকালে উঠা এটি প্ৰাথমিক আৰু ভাল অভ্যাস আৰু কেইদিনমান নিয়মীয়া কৈ কৰিলে সেয়া অভ্যাসত পৰিণত হৈ যায়। ৰাতিপুৱা সোনকালে শুই উঠিলে মানুহে ভালকৈ চাহ একাপ খাবলৈ সময় পায়, নিজৰ ফুলনী আনকি শাক পাচলিৰ বাগানৰ কাম কৰিবলৈ সময় পায়, ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ সময় থাকে। ৱাকিনাৱা দ্বীপৰ লোকসকলে তেওঁলোকৰ বাবে প্ৰয়োজনীয় শাক পাচলি নিজেই খেতি কৰে আনকি তেওঁলোকে নিজৰ খোৱা খাদ্য নিজে নিজে প্ৰস্তুত কৰে।
৩) উপভোগ কৰা আৰু বন্ধুত্ব ৰক্ষা কৰা । ৱাকিনাৱা দ্বীপৰ লোকসকলে প্ৰত্যেক দিন কিছু সময় নিজৰ নিজৰ প্ৰতিবেশিৰ সৈতে কটাই , কথা বতৰা আৰু আনন্দ স্ফূৰ্তি কৰে।
৪) খাদ্য সম্ভাৰ :- ৱাকিনাৱা দ্বীপৰ লোকসকলে প্ৰত্যেক দিন প্ৰায় ২০৬ প্ৰকাৰৰ খাদ্য সেৱন কৰে, ভিন্ন ফলমূল আৰু শাক পাচলি তেওঁলোকে গ্ৰহণ কৰে প্ৰতিদিনে, তেওঁলোকে খুব কম চেনী আৰু খুব কম নিমখ সেৱন কৰে ; জাপানৰ বাকী লোকসকলৰ তুলনাত ৱাকিনাৱা দ্বীপৰ লোকসকলে প্ৰায় ৫০% কম নিমখ আৰু ৬০% কম চেনী সেৱন কৰে। প্ৰায় ২০৬ প্ৰকাৰৰ খাদ্য সেৱন কৰে যদিও তেওঁলোকে সেয়া কম কমকৈ সেৱন কৰে , তেওঁলোকে পেটৰ ভোকৰ প্ৰায় ৮০% পূৰণ হোৱাকৈহে খাদ্য সেৱন কৰে। অৰ্থাৎ খোৱাৰ সময়ত বহুত বেছি ভোক লাগিলেও ৱাকিনাৱা দ্বীপৰ লোকসকলে উদৰ পুৰাই নাখায়।
৫) ৱাকিনাৱা দ্বীপৰ লোকসকলে খুব বেছিকৈ এন্টী অক্সিডেন্ট যুক্ত খাদ্য সেৱন কৰে , তাৰ ভিতৰত তেওঁলোকে বেছিকৈ ৰঙা চাহ , গ্ৰীণ টি , চিকূৱাছা ফল ( জাপানত পোৱা এবিধ ফল যি ফলত অত্যাধিক এন্টী অক্সিডেন্ট থাকে ) । আমাৰ দেশত এই ফলবিধ পোৱা নাযায় যদিওবা তাৰ বিকল্প হিচাপে আমাৰ দেশত চাইট্ৰাছ জাতীয় ফল ( নেমু, কমলা ) , ব্রকলী , ষ্ট্ৰবেৰী, এপ্ৰিকট আদি ।
৬) গতি :- বহুসময়ত দেখা যায় যে এজন অত্যাধিক বয়সৰ লোক খুব সক্ৰিয় থাকে আৰু সেই লোকজনক যদি আপুনি ভালদৰে পৰ্যবেক্ষণ কৰে দেখিব মানুহজন সদায় পৰিশ্ৰমী বা তেওঁ পৰিশ্ৰম কৰি ভাল পায়। অৰ্থাৎ দীৰ্ঘ জীৱন পাবলৈ হ’লে দেহৰ সক্ৰিয় গতি লাগিব আৰু সেয়া এদিনৰ বাবে নহয়, বছৰৰ ৩৬৫ দিনে মানুহ শাৰীৰিক ভাবে সক্ৰিয় হৈ থকা বাঞ্চনীয়। পৃথিৱীৰ বিখ্যাত স্বাস্থ্য বিশেষজ্ঞ গেভীন ব্ৰেডলীয়ে কৈছিল , ” এঠাইত বহি থাকিলে শৰীৰত বহুত কিছু কুপ্ৰভাৱ পৰে”। তেওঁ প্ৰমাণ কৰি দেখুৱাই দিছিল যে একেলগে ৮ ঘণ্টা বহি থাকিলে শৰীৰৰ বিপাকীয় ক্ৰিয়া ব্যাঘাত হয়, দেহৰ চৰ্বীৰ বিয়োজন বাধা প্ৰাপ্ত হয় । আনকি যদি কোনোবাই দিনত প্ৰায় দুঘণ্টা বহি থাকে তেতিয়া দেহৰ ভাল কলেষ্টৰলৰ পৰিমাণ হ্ৰাস হয়।
ইয়াৰ উপৰিও জাপানিছ কাল্চাৰত ( Japanese culture ) ত এটি ধাৰণা ( concept ) আছে যাক ৱাবি – চাবি ( wabi – sabi ) বুলি কোৱা হয় । তেওঁলোকে ভাবে যে কিছু imperfect বস্তু যেনে এটি ভগা চাহৰ কাপ কেতিয়াবা perfect হ’ব পাৰে , সুন্দৰ হ’ব পাৰে ; এই ধাৰণাই তেওঁলোকক দৈনন্দিন জীৱনত আনন্দ পাবলৈ সাহাৰ্য্য কৰে । আমি মানুহ বোৰে সকলোতে , সকলো দিশতে perfection বিচাৰি থাকোঁ সি আমাৰ ঘৰৰ বস্তু বাহিনী হওঁক বা খাদ্য সম্ভাৰ হওঁক বা চাকৰি বাকৰি আদি সকলোতে। কিন্ত যদি কেতিয়াবা imperfect বস্তু , imperfect কাম কাৰ্যত আমি সৌন্দৰ্য্য বিচাৰিব শিকো বা মানি লবলৈ বাধ্য হওঁ তেতিয়া মন আৰু প্ৰাণ অতিৰিক্ত শক্তিৰে সজীৱ হৈ পৰিব , জীৱনত ষ্ট্ৰেছ কমি যাব, আৰু দীৰ্ঘ জীৱন প্ৰাপ্তি হ’ব ।