এইবাৰ মহানগৰীত মহিলা চিলনী চোৰ, থপিয়াই নিলে মোবাইল…

0 min read

পুনৰ গুৱাহাটীত চিলনী চোৰৰ তাণ্ডৱ। এইবাৰ চিলনী চোৰৰ ৰূপত যুৱতী৷ স্কুটিত অহা যুৱতীয়ে থপিয়ালে উবেৰ চালকৰ মোবাইল ৷ সাতগাঁৱৰ প্ৰমোদ দাসৰ হাতৰ পৰা থপিয়াই নিলে এটা মোবাইল ফোন।

মঙলবাৰে নিশা ভঙাগড় উৰণিয়া সেতুৰ তলত সংঘটিত হৈছে ঘটনাটো ৷ জানিব পৰা মতে নিশা ভাড়াৰ সন্ধানত উৰনীয়া সেতুৰ তলত ৰৈ আছিল চালকজন ৷ চালকজনে গাড়ীৰ পৰা নামি থিয় হোৱাৰ লগে লগে স্কুটীত অহা যুৱতীয়ে থপিয়াই নিয়ে মোবাইলটো ৷

ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিছে যদিও এতিয়ালৈকে সন্ধান লাভ কৰা নাই চিলনী চোৰৰ।

You May Also Like

More From Author