সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ..

1 min read

২০১৬ চন মানৰ কথা। বিয়া হৈ ঘৰ ভাড়া কৰি থকা এবছৰ মান হৈছিল তেতিয়া। এদিন সন্ধিয়া হঠাতে এজন চিনাকী লোকে পতিক ফোন কৰি সুধিলে “তোমালোকৰ ঘৰৰ কাষতে আছো। যাব পাৰিম নেকি তোমালোকৰ ঘৰলৈ?” আমি কথাতো বৰ ভাল পালো আৰু আহক আহক বুলি আগ্ৰহেৰে বাট চাই ৰ’লো। তেওঁ আহিল। তেখেত এজন ভাল প্ৰৱন্ধকাৰ। কিতাপৰ পোক হেনো। মানুহজন কথাৰসিক বাবে হাহিঁ হাহিঁ পেটৰ নাড়ী চিগিল সেইদিনা। যিকি নহওঁক তেওঁক যেতিয়া মিঠাই আৰু কিবা- কিবি দি চাহ যাচিলো, তেওঁ এক্কেবাৰে জাপ মাৰি উঠিল। “তোমালোকে যদি হঠাতে অহা আলহীকে ইমান মিঠাই দি চাহ খুউওৱা, গুৱাহাটীত কেতিয়াও নিজৰ মাটি ঘৰ কৰিব নোৱাৰিবা দেই। কৈ থলো।” তেওঁ বুজাই ক’লে যে বেছি খৰছ নকৰিবা। গুৱাহাটীৰ নাগৰিক হ’বলৈ চিকটা হ’বই লাগিব!” তেখেতৰ কথাত নাহাঁহি নোৱাৰিলো।
গুৱাহাটীত ঘৰ হ’বলৈ চিকটা হ’ব লাগে নে নালাগে নাজানো কিন্তু কিছুমান কথা কাণ্ডই বৰ ৰস দিয়ে।

এবাৰ চাহৰ নিমন্ত্ৰণ আহিল এঘৰৰ পৰা। গৈ দেখিলো বৰ ডাঙৰ ঘৰ-দুৱাৰ। টেবুলত লুচি আৰু ৰসগোল্লাৰ সৈতে চাহ। মই ৰসগোল্লাটো খোৱা নাই। ইমান মিঠা খাম নে নাখাম ভাৱি আছো।তেনেতে গৃহস্থনী মোৰ কাষলৈ আহি বাৰে বাৰে কৈ আছে “ৰসগোল্লাটো খাবানে?” মই ক’লো “ৰবছোন চাওঁ পাৰোনে নোৱাৰো”। অলপ পিছত আকৌ আহি ক’লে “এইটো খাবানে?” মই ক’লো “নাখাওঁ নেকি…!” তেওঁ পটককৈ কৈ উঠিল “তেন্তে থৈ দিবা দেই। খোৱা হাতেৰে নুচুবা”।

এদিন দোকানত মিঠাই কিনিবলৈ ৰৈ আছো। এগৰাকী বয়সস্থ মহিলাই সৰু সৰু খুৰ্‌মা জাতীয় মিঠাইৰ দৰদাম কৰি আছে। খুব সুৰ লগাই লগাই ইংৰাজী উচ্চাৰণেৰে অসমীয়াত কোৱা কথাবোৰ শুনি আৰু সাজ পোছাকত গম পাই তেখেত ধনীঘৰৰে মহিলা। তেওঁ ঘৰত পিছদিনাখন হ’ব লগা ঘোষা পাঠত আহিব লগীয়া ১২ গৰাকী মহিলাৰ বাবে গৰম খুৰ্‌মাৰ দৰ দাম কৰি আছে। তেওঁ গাই পতি দুটাকৈ অৰ্থাৎ ২৪ টা খুৰ্‌মা দিবলৈ ক’লে। দোকানীয়ে কৈছে ” ইমান সৰু সৰু খুৰ্‌মা গণ্টি কৰি বিক্ৰী নকৰে। বৰঞ্চ কেজি বা গ্ৰাম হিচাপত বিক্ৰী কৰে। তেতিয়া মহিলা গৰাকীয়ে ২৪ টা খুৰ্‌মাৰ ওজন কিমান হ’ব সুধি আছে। দোকানীয়ে দগা-পাল্লাত হিচাপ কৰি কৰি ২৪ টা সৰু সৰু খুৰ্‌মা জুখি দেখুৱালে। মহিলা গৰাকীয়ে দামটো সুধিলে। তাৰপাছত খুৰ্‌মা কেইটা চালে। কিবা হিচাপ মিলালে। তাৰপাছত ক’লে “হ’ব দিয়া কাইলৈ লৈ যাব কোনোবা আহি। আজি সুধিহে চালো”। গ’লগৈ তেখেত। দোকানীজনৰ সংঘাটিক খং উঠিল। অনিশ্চিত গ্ৰাহকৰ নামত ইমান সময় বৰবাদ কৰাৰ বাবে। আমাৰ দৰে মিঠাই মিঠাই কিনিবলৈ ৰৈ থকা দীঘলীয়া শাৰীটোৰ মানুহবোৰে মুখ টিপি হাহিঁ থাকিল।

আকৌ এটা চাহৰ নিমন্ত্ৰণ পালো এদিন। যোৱাৰ আগদিনা কইবাবাৰো ফোন কৰিলে গৃহস্থই। সুধিলে “কি মিঠাই খাবা কোৱা”। মই ক’লো যে মই মিঠাই বেয়াই পাওঁ। কিবা নিমখীয়া দিলেই হ’ল আৰু। আচলতে পেটে পেটে মই লুচি ভাজি আশা কৰি আছো। কাৰণ লুচি খাই ভালো পাওঁ আৰু তেখেতক আমাৰ ঘৰত কিমান লুচি খুৱাইছো হিচাপ নাই। তেওঁলোকৰ ঘৰলৈ এইয়া প্ৰথম নিমন্ত্ৰণ। গ’লো যথাসময়ত। ধুনীয়াকৈয়ে চাহ দিছে। নিম্‌কি, ভূজিয়া, অম্‌লেট, ব্ৰেড্‌ ইত্যাদি। মোৰ পচন্দৰ অম্‌লেটটো খালো। মই নালাগে বুলি কোৱাৰ বাবে হেনো মিঠাই নানিলে। বাৰে বাৰে ক’লে। মোৰ সেই প্ৰৱন্ধকাৰ আলহীলৈ মনত পৰিল। মিঠাইও যে ইমান মূল্যবান বস্তু সেইদিনাহে বুজিলো।

এবাৰ এটা সত্যনাৰায়ণ পূজাৰ নিমন্ত্ৰণ পালো। প্ৰসাদৰ লগত দিয়া কলটো মই খোৱা নাই। গৃহস্থই আহি বাৰে বাৰে কৈছে “কলটো খাবা কিন্তু। একোটা কলত ৫ টাকাকৈ লৈছে।” খাই থাকোতে মোৰ ৫ টাকা চোবাই থকা যেন লাগিল।
বাহিৰৰ ঠাইত উইকেণ্ডত মানুহবোৰ সাগৰৰ বীচ্চত বা পাহাৰৰ টিঙত ফুৰিবলৈ যায়। আমি গুৱাহাটীত ইঘৰে সিঘৰলৈ ভাত খাবলৈ যাওঁ। আমাৰ তিনি চাৰিটা বন্ধু পৰিয়াল আছে যে একেবাৰে নিজৰ একেটা পৰিয়ালৰ দৰে। সুবিধা মিলিলেই ইঘৰে সিঘৰে লগ লাগি এসাজ খাওঁ। কিন্তু তাৰ বাহিৰে কিছুমান লোক আছে যি উইকেণ্ডত আহিম বুলি আগতেই জনাই থয়। যথাসময়ত আহে। খাই বৈ ৰাতি যেতিয়া যৰমুৱা হয় আমাকো পিছৰ সপ্তাহৰ বাবে বাৰে তেওঁলোকৰ ঘৰলৈ মাতি থৈ যায়। আমিও যাম বুলি ভাৱো। পিছে পিছৰ সপ্তাহত ভাতৰ নিমন্ত্ৰণ বাদেই, মাহ মাহ জুৰি খা খবৰ নলয় আৰু। আকৌ হঠাতে এদিন উইকেণ্ডৰ আগে আগে ফোন কৰি অহাৰ কথা কয়। আহে। আমিও ভালেই পাওঁ এসাজ খুৱাই।

তেনেকুৱা অসংখ্য ঘটনাই সেই ৰসিক প্ৰৱন্ধকাৰক পাহৰিবলৈ সুবিধা নিদিয়ে। তথাপি মনটো দেখোন ভৰি পৰে আলহীক এসাজ খুৱাবলে পালে। খোৱাৰ মেজত বন্ধু বা আত্মীয়ৰ সতে হোৱা ৰসাল আড্ডাবোৰে খৰচৰ কথাবোৰ মনলৈকে নানে।

কেৱল গুৱাহাটীবাসীয়েই নহয়, বিভিন্ন কামত বেলেগ ঠাইৰ পৰা গুৱাহাটীলৈ আহিলে খাই বৈ থাকি যোৱাৰ পাছতো কোনোদিন ফোন এটা নকৰা বা কেতিয়াবা লগ পালেও নিচিনাৰ ভাও জুৰা মানুহবোৰকো কিবা মিউজিয়ামত থব লগা মানুহ বুলিয়েই মই ভাৱো।

জীৱনটোনো কেইদিনীয়া।হাঁহি মেলি থাকিব লাগে সবেই। মিঠাই আৰু মাংস কিনাৰ খৰচৰ চিন্তা কৰি ধুনীয়া সময়বোৰ অপব্যয় কৰিব নিবিছাৰো।

সৰু সৰু যেন লাগিলেও এই কথাবোৰে মানুহৰ মানসিকতাৰ পৰিচয় দিয়ে। মানুহক মানুহৰ পৰা বিচ্ছিন্ন কৰে।
নিজ সন্তান থকাৰ পাছতো, এখন সমাজত বাস কৰাৰ পাছতো এগৰাকী মাকৰ মৃতদেহ উৱলি যোৱালৈকে কোনেও গম নোপোৱা কথাবোৰ এদিনতে আৰম্ভ নহয়।

যিকি নহওক আমিও উইকেণ্ডত ভাতৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ পালে ভালেই পাওঁ !

You May Also Like

More From Author