চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব ! ৫ জানুৱাৰীৰ ৰাশিফল

1 min read

কন্যা ৰাশি :

শ্ৰীগণেশে কৈছে, এয়া জয়ৰ দিন। যি বিচাৰিব, যিকোনো প্ৰকাৰে সেয়া পূৰণ কৰিব পাৰিব। সেয়া যুঁজ দিয়ে হওক বা জেদ কৰিয়ে হওক, আনকি কোনোৱে অসন্তুষ্ট হ’লে এই সময়ত কেৱল নিজৰ ইচ্ছাকেই গুৰুত্ব দিব। কামৰ ক্ষেত্ৰত বহু আইডিয়া আহিব। কিন্তু ইয়াৰ আধাহে বাস্তবায়িত হ’ব। সহকৰ্মীৰ অভাৱত সম্প্ৰসাৰণৰ পৰিকল্পনা বাতিল কৰিব লাগিব। ঘৰ আৰু কামৰ স্থানত সজোৱাৰ বাবে টকা খৰচ হ’ব পাৰে। সেয়া ভাঙি নতুনকৈ গঠনৰ আইডিয়া আহিব। চাকৰিজীৱীসকলে আনৰ কাম উপভোগ কৰিব পাৰিব। বিয়লিৰ ভাগত নিজৰ চখ অনুসৰি কাম কৰিব লাগিব আৰু আনন্দও কৰিব পাৰিব। স্বাস্থ্য ভালে থাকিব।

শুভ ৰং : অলিভ
শুভ সংখ্যা : ১০

বৃষ ৰাশি :
শ্ৰীগণেশে কৈছে, আৰ্থিক মুনাফাৰ ইচ্ছাৰে দিনটোৰ বেছিভাগ কাম কৰিব। মুনাফা অৰ্জন কৰিব পাৰিব। কিন্তু খৰচ হ’লেও সেয়া ব্যাহত নহয়। ব্যৱসায় আৰু কামত মন্দাৰ কাৰণে পৰিকল্পনা আধৰুৱা হ’ব। সক্ষম নোহোৱা সত্ত্বেও আনৰ সহায়ত কৰাৰ বাবে সদায় প্ৰস্তুত থাকিব। কিন্তু পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সেৱামূলত কাম সীমিত থাকিব। প্ৰয়োজনীয় সামগ্ৰীৰ পৰিৱৰ্তে অপ্ৰয়োজনীয় সামগ্ৰীৰ পিছত বেছি টকা ব্যয় হ’ব। নিজৰ ইচ্ছা পূৰণ নহ’লে পৰিয়ালৰ কাৰোবাৰ প্ৰতি বিৰক্তিৰ ভাৱ জন্মিব পাৰে। প্ৰত্যাশাৰ তুলনাত সন্ধিয়াৰ সময়খিনি বেছি উপভোগ্য হ’ব। বন্ধু আৰু পৰিয়ালৰ সৈতে বিনোদনৰ সুযোগ আহিব। কিন্তু ইজনৰ সিজনৰ প্ৰতি শ্ৰদ্ধা হ্ৰাস পাব পাৰে।

শুভ ৰং : মেৰুন
শুভ সংখ্যা : ১১

মিথুন ৰাশি :
শ্ৰীগণেশে কৈছে, নিজৰ অথবা ঘনিষ্ঠ কাৰোবাৰ কামৰ ধৰণ লৈ সমস্যা হ’ব পাৰে। পৰিস্থিতি অনুকূল নোহোৱাত মনত দুখ থাকিব। বিয়লিৰ দিশে পুৰণি কোনো বন্ধু বা পৰিচিত লোকৰ সৈতে দেখা হ’ব পাৰে। কিছু সময়ৰ বাবে অতীতৰ স্মৃতি ৰোমন্থনত হেৰাই যাব পাৰে। কিন্তু এই সময়খিনি কঠোৰ পৰিশ্ৰমৰ তুলনাত দিবাস্বপ্ন চকুৰ সন্মুখত ভাহি থাকিব। কামৰ স্থানত আৰ্থিক মন্দিৰ মুখামুখি হ’ব পাৰে। বিক্ৰী থাকিলেও হাতলৈ ধন নাহিব। সমগ্ৰ দিনটোৰ ক্লান্তিৰ বাবে সন্ধিয়াৰ ভাগটো ফলদায়ক নহ’ব। কিন্তু বিনোদনৰ সুযোগ এৰি নিদিব। মানসিক চাপৰ বাদে স্বাস্থ্য সম্পৰ্কীয় তেনে কোনো সমস্যা নহ’ব।

শুভ ৰং : ৰূপালী
শুভ সংখ্যা : ১

কৰ্কট ৰাশি :
শ্ৰীগণেশে কৈছে, এই দিনটোত মানসিক জটিলতাৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। অপছন্দৰ কাম বাধ্য হৈ কৰিব লাগিব। ওচৰ-পাজৰৰ পৰিৱেশ বিৰক্তিকৰ হ’ব। স্বভাৱৰ ৰুক্ষতাৰ কাৰণে আপোনাক ভালপোৱা মানুহ আঁতৰি যাব। অতীতত কৰা কিছুমান ভুল সন্মুখলৈ অহাৰ ফলত ঘৰত অশান্তিৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে। কিন্তু নিশাৰ পূৰ্বে সেই পৰিস্থিতিৰ উন্নতি হ’ব। কামত ব্যস্ত থকা সত্ত্বেও বাস্তবৱোধৰ অভাৱত ব্য়ৱসায়ীসকলে প্ৰত্যাশিত লাভৰ পৰা বঞ্চিত হ’ব। তাৰ লগতে অৱশ্যে ধাৰ কৰাৰ অভ্যাস বৃদ্ধি পোৱাৰ কাৰণে খৰচৰ পৰিমাণ কমিব। প্ৰতি মুহূৰ্তত স্বাস্থ্যৰ অৱনতি ঘটিব।

শুভ ৰং : গাঢ় নীলা
শুভ সংখ্যা : ৭

সিংহ ৰাশি :
শ্ৰীগণেশে কৈছে, মানসিক অশান্তিৰ ফলত ভাল-বেয়াৰ পাৰ্থক্য বুজিব নোৱাৰিব। এই দিনটোত নভৱাকৈ কথা ক’লে তাৰ পৰিণাম ভুগিব লাগিব। যিবোৰ বিষয় আপোনাৰ বাবে বিনোদন, সেই বিষয়বোৰেই হয়তো আপোনাৰ পৰিয়াল আৰু ঘনিষ্ঠসকলৰ দুখৰ কাৰণ। প্ৰয়োজন হ’লেহে কথা কোৱা প্ৰয়োজন। নহ’লে ওচৰ-পাজৰৰ পৰিৱেশ নষ্ট হ’ব পাৰে। কাম অথবা ব্যৱসায়ৰ পৰা মুনাফা লাভ কৰিব পাৰে। কম পৰিশ্ৰম কৰিব লাগিব। চাকিজীৱীসকল মন ভালে থাকিব। পৰিয়ালৰ সদস্যসকলে এটাৰ পিছত আন এটা কাৰণত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যৰ অভনতি হ’ব পাৰে। সেয়ে সতৰ্ক থকা ভাল।

শুভ ৰং : ধূসৰ
শুভ সংখ্যা : ১২

কন্যা ৰাশি:
শ্ৰীগণেশে কৈছে, স্বাস্থ্যৰ উন্নতিৰ কাৰণে স্বস্তি পোৱা যাব। দৈনিক ৰুটিনত ব্যস্ততা থাকিব। কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত সমন্বয়ৰ অভাৱ হ’ব। কাম অথবা ব্যৱসায়ত অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাত মনোযোগ থাকিব। মনত নেতিবাচক চিন্তা-ভাৱনা আহিব। টকা-পইচাৰ বাবে আৰু বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। ব্যয়ৰ অনুপাতে, মুনাফা কম হ’ব। স্বাস্থ্য ভাল নাথাকিলেও আন কাৰোবাৰ দায়িত্ব কান্ধত ল’ব লাগিব পাৰে। পাৰিবাৰিক জীৱন মোটামুটি ভাল। পৰিয়ালৰ সদস্যৰ সহযোগিতা পাব। কিন্তু কেয়া কেৱল আচৰণৰ ফলতহে।

শুভ ৰং : সোণালী
শুভ সংখ্যা : ৮

তুলা ৰাশি :
শ্ৰীগণেশে কৈছে, এই সময়ত পৈতৃক বিষয়ত সুখসহ বিনোদনৰ সুযোগ আহিব। দিনক আৰম্ভণিতে আলস্যভাৱ থাকিব। আনকি প্ৰতিটো সৰু সৰু দৈনিক কামত পলম হ’ব পাৰে। কিন্তু বিয়লিৰ ভাগৰ পৰা কামৰ প্ৰতি গুৰুত্ব বাঢ়িব। কামৰ তুলনাত ব্যৱসায়ীসকলৰ মন থাকিব বিনোদনত। কিন্তু খুব কম সময়ৰ ভিতৰত সকলো কাম শেষ কৰিবলৈ সক্ষম হ’ব। পাৰিবাৰিক দায়িত্ব পূৰ্ণ কৰাৰ বাবে সময় আৰু ধন ব্যয় হ’ব। পৈতৃক বিষয়ক লৈ ঘৰত গুৰুত্বপূৰ্ণ আলাপ-আলোচনা হ’ব পাৰে। আনকি যিসকলে আপোনাৰ দৃষ্টিভংগীৰ বিৰোধিতা কৰে, তেওঁলোকে এই সময়ত আপোনাৰ দৃষ্টিভংগীকে সমৰ্থন কৰিব। সন্ধিয়াৰ ফালে একাধিক ইচ্ছা পূৰণ হ’ব। স্বাস্থ্য ভাল।

শুভ ৰং : মেজেণ্টা
শুভ সংখ্যা : ৬

বৃশ্চিক ৰাশি :
শ্ৰীগণেশে কৈছে, সতৰ্কভাৱে ভাৱি-চিন্তি বা কাৰো সৈতে আলোচনা কৰি যিকোনো কাম কৰিব লাগিব। মহিলাসকলে খং নকৰিব। স্বাস্থ্য দুৰ্বল হোৱা বাবে বিৰক্তি থাকিব মনত। খঙত আবোল-তাবোল কথা ক’লে অশান্তি বাঢ়িব। কামৰ ক্ষেত্ৰত উত্থান-পতন দেখা যাব। এটা সময়ত ধাৰণা হ’ব, লাভৰ সম্ভাৱনা আছে, কিন্তু পিছ মুহূৰ্ততে সেই মুনাফা ক্ষতিত পৰিণত হ’ব। যিয়ে মন হতাশ কৰিব। টকাৰ বাবে কাৰোবাক তোষামোদ কৰিব লাগিব পাৰে। ঘৰত জ্যেষ্ঠসকলৰ বাবে আপোনাৰ মানসিকতাত প্ৰভাৱ পৰিব পাৰে। তেওঁলোকে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাব পাৰে। ইয়াৰ লগতে অৱশ্যে বিশেষভাৱে তেওঁলোকৰ সহায়ো পাব।

শুভ ৰং : হালধীয়া
শুভ সংখ্যা : ৫

ধনু ৰাশি :
শ্ৰীগণেশে কৈছে, নিজৰ দক্ষতাৰ জৰিয়তে ঘৰত-বাহিৰত প্ৰত্যেকৰে মন জয় কৰিবলৈ সক্ষম হ’ব। এই সময়ত স্বাৰ্থপৰতাৰ বোধ অনুভৱ নহ’ব। সেৱামূলক কামত সময় আৰু অৰ্থ ব্যয় হ’ব। পৰিৱৰ্তে সন্মান আৰু শ্ৰদ্ধা পাব। কিন্তু জ্যেষ্ঠসকলে আপোনাৰ আচৰণ অতি নাটকীয় আখ্যা দিব পাৰে। পাৰস্পৰিক সমন্বয়ৰ অভাৱ হ’ব পাৰে। ব্যৱসায়িক মুনাফাৰ বাবে কাম বাতিল হ’লে হতাশা আহিব পাৰে। খৰচ কৰাৰ বাবে আপোনাৰ আয় যথেষ্ট থাকিব। সতৰ্ক থাকিব লাগিব। কাৰণ প্ৰলোভনৰ বাবে চৰকাৰী ফান্দত পৰিব পাৰে। বন্ধু আৰু আত্মীয়ৰ সৈতে ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্য ভালে থাকিব।

শুভ ৰং : ৰঙা
শুভ সংখ্যা : ২

মকৰ ৰাশি :
শ্ৰীগণেশে কৈছে, দিনটো মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে সুবিধাজনক। অপ্ৰত্যাশিত খৰচ বন্ধ নকৰিলে সমস্যাত পৰিব পাৰে। পাৰিয়ালৰ সদস্যসকলৰ সৈতে তুলনাৰ কাৰণে পৰিৱেশ ব্যাহত হ’ পাৰে। ভাগ্যৰ সহায় থাকিলে কাম ভাল হ’ব। কিন্তু অৰ্থ লাভৰ ইচ্ছাৰ বাবে মনত অসন্তোষ থাকিব। চাকৰিজীৱীসকলে গাফিলতি কৰিব পাৰে। বিপৰীত লিংগৰ স্বাৰ্থত মান-অপমানৰ বিষয়টো পাহৰি যাব পাৰে। প্ৰয়োজনীয় কাম দিনতে শেষ কৰিব লাগিব। পিছত আজিৰ দৰে সুবিধা নাপাবও পাৰে।

শুভ ৰং : নীলা
শুভ সংখ্যা : ৯

কুম্ভ ৰাশি :
শ্ৰীগণেশে কৈছে, শুভ অনুষ্ঠানৰ কাৰণে মনত শান্তি থাকিব। ধৰ্মৰ প্ৰতিও বিশ্বাস থাকিব। কেৱল লাভজনক কামত আগ্ৰহ দেখুৱাব। আনহাতে, সামাজিক আৰু সেৱামূলক কাম এৰি চলা যাব। এই সময়ত কামত কম সুযোগ থাকিব। আরু দৈনিক ব্যয়ৰ বাবে টকা আহিব। পৰিয়ালৰ সদস্যসকলে আপোনাৰ ব্যৱহাৰৰ ওপৰত দৃষ্টি ৰাখিব পাৰে। আপোনাৰ প্ৰতি গুৰুজনৰ ব্যৱহাৰ অপ্ৰত্যাশিত হ’ব পাৰে। কিন্তু মহিলা আৰু শিশুৰ সৈতে সম্পৰ্ক স্বাভাৱিক থাকিব। স্বাস্থ্যক লৈ উদ্বেগ থাকিব। ঠাণ্ডা-গৰমৰ ফলত সমস্যা হ’ব পাৰে।

শুভ ৰং : বগা
শুভ সংখ্যা : ৩

মীন ৰাশি :
শ্ৰীগণেশে কৈছে কামত মন নাথাকিব। স্বাস্থ্য আৰু গুৰুত্বপূৰ্ণ কামৰ প্ৰতি অৱহেলা কৰিলে পিছত অনুশোচনাত দগ্ধ হ’ব পাৰে। সংযমৰ অভাৱে বিৰূপ ফলত প্ৰদান কৰিব। আপোনাৰ ব্যৱহাৰৰ বাবে পৰিয়ালৰ সদস্যসকল সমস্যাত পৰিব পাৰে। কাম অথবা ব্যৱসায়ত তেনে সমস্যাত পৰিবলগীয়া নহয়। মুনাভা আৰু ক্ষতিৰ বিষয়ত উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। দিনৰ মাজভাগৰ পিছত মনোযোগ নষ্ট হ’ব পাৰে। ব্যয় নিয়ন্ত্ৰণৰ প্ৰয়াস ব্যৰ্থ হ’ব পাৰে। ঘৰত অপ্ৰত্যাশিত ব্যয়ে বাজেটৰ ঊৰ্ধ্বসীমা পাব পাৰে। সন্ধিয়া মানসিক শান্তি লাভ কৰিব। সকলো পাহৰি নিজৰ মাজতে মগ্ন থাকিব। হাত আৰু ভৰিত ৰক্তপাত আৰু ফুলাভাৱৰ সমস্যাই দেখা দিব পাৰে।

শুভ ৰং : কমলা
শুভ সংখ্যা : ৪

You May Also Like

More From Author