শনিয়ে খুব লাহে লাহে ৰাশি পৰিৱৰ্তন কৰে, যাৰ ফলত সমস্ত ৰাশিচক্ৰৰ এটা চক্ৰ সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৩০ বছৰ সময় লাগে।
বৰ্তমান শনিদেৱ কুম্ভ ৰাশিত অৱস্থান কৰিব। এই বছৰ আন কোনো ৰাশিত প্ৰৱেশ নকৰে।
মাৰ্চ মাহত শনিদেৱ উদিত হ’ব। তেতিয়া ১২টা ৰাশিক প্ৰভাৱিত কৰিব। ধাৰণা কৰা হয়, ৩০ বছৰ পিছত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব শনি।
ইয়াৰ ফলত যি যি ৰাশিৰ জাতক-জাতিকাৰ জীৱনত সুপ্ৰভাৱ পৰিব, তেওঁলোকৰ সম্পৰ্কে জানি লওক।
তুলা ৰাশি : শনিৰ এই পৰিৱৰ্তিত গতিয়ে তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে সুসময় লৈ আহিব। বছৰৰ পিছত বছৰ ৰৈ থকা কাম আৰম্ভ হ’ব পাৰে এই সময়ত।
তুলা ৰাশি : এই সময়ত আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। শনিৰ শুভ প্ৰভাৱত কৰ্মজীৱনত পদোন্নতিৰ সম্ভাৱনা আছে।
বৃষ ৰাশি : কুম্ভ ৰাশিত শনি উদিত হ’লে বৃষ ৰাশিৰ জাতক-জাতিকাসকল প্ৰৱল লাভৱান হ’ব পাৰে। এই ৰাশিৰ আয় বাঢ়িব পাৰে। ঘৰত সুখ-শান্তিৰ পৰিৱেশ হ’ব।
বৃষ ৰাশি : যিসকলে কোনো প্ৰতিযোগিতাৰ প্ৰস্তুতি চলাইছে, তেওঁলোকে সুখবৰ পাব। কোনো বন্ধুৰ সহায়ত জীৱনৰ সমস্যাৰ সমাধান হ’ব পাৰে।
ধনু ৰাশি : ৩০ বছৰ পিছত কুম্ভ ৰাশিত শনি উদিত হোৱাৰ পিছত ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনত সুখ আহিব পাৰে। আৰ্থিক সমস্যা লাহে লাহে আঁতৰিব।
ধনু ৰাশি : কৰ্মজীৱন মসৃন হ’ব সহকৰ্মী আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সহায়ত। বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে এই সময়ত। স্বাস্থ্যৰ যত্ন ল’ব লাগিব। (এই প্ৰতিবেদনৰ তথ্য জ্যোতিষৰ পৰা প্ৰাপ্ত, News18 অসমে ইয়াৰ কোনো তথ্য নিশ্চিত নকৰে।)