সবৰীৰ আস্থা আৰু ভক্তিয়ে তেওঁৰ জুপুৰীলৈ লৈ আহিছিল প্ৰভূ শ্ৰীৰামক। শ্ৰীৰামৰ প্ৰতি একেই আস্থা একেই ভক্তি ঝাৰখণ্ডৰ ধানবাদৰ সৰস্বতীৰ। প্ৰভূ শ্ৰীৰামৰ প্ৰতি ভক্তি আৰু আস্থা মনত ৰাখি বিগত ৩০ বছৰে মৌন ব্ৰত পালন কৰি আহিছে ধানবাদৰ সৰস্বতী আগৰৱালে। এতিয়া সময় আহিছে সৰস্বতীৰ মৌন ব্ৰত ভংগৰ। ২২ জানুৱাৰীত অযোধ্যাত বহু প্ৰতিক্ষিত ৰামললাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে সৰস্বতী দেৱীয়ে ভংগ কৰিব ৩০ বছৰীয়া মৌন ব্ৰত। ২২ জানুৱাৰীত অযোধ্যাত উপস্থিত হৈ ‘ৰাম-সীতাৰাম’ কৈ মৌন ব্ৰত ভংগ কৰিব ৮৫ বছৰীয়া সৰস্বতী দেৱীয়ে।
ঝাৰখণ্ডৰ জামতাৰা জিলাৰ কৰমটাড় নিবাসী সৰস্বতী আগৰৱালে ৩০ বছৰ পূৰ্বে সংকল্প লৈছিল মৌন ব্ৰতৰ। পণ লৈছিল যেতিয়ালৈকে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ নহয় তেতিয়ালৈ তেওঁ কথা নকয়। কিন্তু এতিয়া নিৰ্মাণ সম্পূৰ্ণ কৰি মুকলিৰ বাবে সাজু হৈছে বহু প্ৰতিক্ষিত ৰাম মন্দিৰ। সেয়ে শ্ৰীৰামৰ জন্মভূমিলৈ গৈ ৰাম মন্দিৰৰ শুভ উদ্বোধনৰ সময়তে ৮৫ বছৰীয়া সৰস্বতী আগৰৱালে ভংগ কৰিব ৩০ বছৰীয়া সংকল্প। প্ৰভূ ৰামৰ চৰণত নিজৰ জীৱন উৎসৰ্গিত কৰা সৰস্বতী আগৰৱালে অধিক সময় কটাইছে অযোধ্যাত। ৰাম মন্দিৰ নিৰ্মাণক লৈ অত্যন্ত সুখী ঝাৰখণ্ডৰ বৃদ্ধাগৰাকী। ৩০ বছৰে মৌন ব্ৰতত থকা সৰস্বতী আগৰৱালে লিখিত আকাৰত কয়, “মোৰ জীৱন ধন্য হ’ল, ৰামললাই প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰিবলৈ মোক মাতিছে। মোৰ সাধনা সফল হ’ল, ৩০ বছৰ পিছত মোৰ মৌন ‘ৰাম নাম’ৰ সৈতে ভাগিব।”
উল্লেখ্য যে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ ২০২১ৰ অন্তিমটো সপ্তাহতে নিমন্ত্ৰণ দিছিল সৰস্বতী আগৰৱালক। ৰাম মন্দিৰৰ তৰফৰ পৰা নিমন্ত্ৰণ লাভ কৰাৰ পিছতে উৎফুিল্লত হৈ পৰিছিল সৰস্বতী আগৰৱালৰ পৰিয়াল। ৮ জানুৱাৰীত ভাতৃয়ে অযোধ্যালৈ লৈ যাব সৰস্বতী আগৰৱালক। অৱশ্যে ৰামললাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত সৰস্বতী আগৰৱালৰ পৰিয়ালৰ অন্য সদস্যৰ অংশগ্ৰহণত দিয়া নাই অনুমতি। ৰাম জন্মভূমি ন্যাস আৰু শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ মুৰব্বী নৃত্য গোপাল দাসৰ শিষ্য মনীস দাস আৰু শশী দাসে অযোধ্যা ৰে’ল ষ্টেচনত আদৰণি জনাব সৰস্বতী আগৰৱালক। ৰে’ল ষ্টেচনৰ পৰা সৰস্বতী আগৰৱাল পোনে পোনে যাব স্বামীৰ আশ্ৰমলৈ। য’ত তেওঁৰ বাবে সাজু কৰি ৰখা হৈছে এটা বিশেষ কোঠা। আৰু এই কোঠাত ৪ মাহ থাকিব প্ৰভূ শ্ৰীৰামৰ ভক্ত সৰস্বতী আগৰৱাল। উল্লেখ্য যে ১৯৯২চনৰ মে’ মাহত সৰস্বতী আগৰৱাল গৈছিল অযোধ্যালৈ। য’ত তেওঁ সাক্ষাৎ কৰিছিল ৰাম জন্মভূমি ন্যাসৰ প্ৰমুখ নৃত্য গোপাল দাসক। তেওঁৰ প্ৰেৰণাতে তেতিয়াই পৰাই মৌন ব্ৰত পালন কৰিছিল ঝাৰখণ্ডৰ সৰস্বতী আগৰৱালে।