অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাক নিযুক্তি

1 min read

দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনৰ অভিনন্দন

পলাশবাৰী ,১০ জানুৱাৰী : অসম চৰকাৰৰ পাৰ্চনেল বিভাগে ৯ জানুৱাৰীত অসমৰ ৰাজ্যপাল প্ৰদত্ত এক নিৰ্দেশ যোগে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে দক্ষিণ কামৰূপৰ ৰামপুৰ সূজনপাৰাৰ সুসন্তান তথা ভাৰতীয় সেনাৰ তৃতীয় শীৰ্ষ পদত অধিষ্ঠিত মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাক নিযুক্তি দিয়াত অঞ্চলবাসীৰ মাজত আনন্দৰ বন্যা বৈছে। উল্লেখ্য যে , পলাশবাৰী সমষ্টিৰ ৰামপুৰৰ সুজনপাৰাৰ বাসিন্দা তথা গুৱাহাটীৰ গাৰ্লছ পলিটেকনিকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰয়াত হৰিকান্ত কলিতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মালতী কলিতাৰ দ্বিতীয় সন্তান ভাস্কৰ কলিতা। ১৯৬৪ চনৰ পহিলা ডিচেম্বৰত ৰামপুৰত জন্মগ্ৰহণ কৰা ভাস্কৰ কলিতাই ১৯৭৫ চনত গোৱালপাৰা সৈনিক স্কুলত অধ্যয়নৰ বাবে নামভৰ্ত্তি কৰিছিল আৰু ১৯৮০ চনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ১৯৮১ চনত নেশ্যনেল ডিফেন্স একাডেমীত ( এন ডি এ ) অধ্যয়নৰ বাবে নিৰ্বাচিত হয় । এন ডি এৰ পৰা ১৯৮৫ চনত উত্তীৰ্ণ হোৱাৰ পাছত ভাৰতীয় সেনাৰ কুমায়ুন ৰেজিমেণ্টত চেকেণ্ড লেফটেনেণ্ট হিচাপে সেনাত কৰ্মজীৱনৰ পাতনি মেলে । তাৰ পাছত নিজৰ যোগ্যতা , দক্ষতা আৰু অভিজ্ঞতাৰে সেনাৰ উচ্চ পদবীলৈ পদোন্নতিসহ জম্মু কাশ্মীৰ, অসমৰ উপৰিও উত্তৰ পূবৰ বিভিন্ন ৰাজ্যত উগ্ৰপন্থী বিৰোধী অভিযানকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত দায়িত্ব সুখ্যাতিৰে পালন কৰে ।তাৰপাছত ২০১৭ চনত ভাৰতীয় সেনাৰ তৃতীয় শীৰ্ষ পদবী মেজৰ জেনেৰেললৈ তেওঁ পদোন্নতি লাভ কৰি চাৰিটা বছৰত অৰুণাচল প্ৰদেশ , উত্তৰাখণ্ড আৰু সেনাৰ নতুন দিল্লীৰ মুখ্য কাৰ্যালয় সেনা ভৱনত কাৰ্যনিৰ্বাহ কৰে । মেঘালয়ৰ ৰাজধানী শ্বিলঙত থকা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অধীনস্থ এন চি চিৰ উত্তৰ পূব মণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) হিচাপে সেৱা আগবঢ়াই ২੦২২ বৰ্ষৰ ৩০ নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে। আনহাতে জেনেৰেল কলিতাৰ বৰপুত্ৰ ভাৰ্গব কলিতায়ো পিতৃৰ পথ অনুকৰণ কৰি বৰ্তমান ভাৰতীয় সেনাৰ মেজৰ হিচাপে জম্মু-কাশ্মীৰৰ অতি দুৰ্গম অঞ্চলত নিয়োজিত হৈ দেশমাতৃৰ সেৱা আগবঢ়াই আছে। অসম লােকসেৱা আয়ােগৰ সদস্য হিচাপে প্ৰথমবাৰলৈ বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ পৰা নিযুক্তি লাভ কৰা ভাস্কৰ কলিতাৰ এই নিযুক্তিত প্ৰধান শিক্ষক তথা সমাজকৰ্মী অনিল কলিতা, পশ্চিম গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত কলিতা, সম্পাদক হনী বাঁঝৰীৰ লগতে দক্ষিণ কামৰূপৰৰ ভিন-ভিন দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে।

You May Also Like

More From Author