পুৱা শুই উঠিয়েই এইকেইটা কাম ভুলতেও নকৰিব; নহ’লে সৌভাগ্য দুৰ্ভাগ্যলৈ পৰিণত হ’ব

1 min read

যদি পুৱাৰ আৰম্ভণি ভাল হয়, তেন্তে গোটেই দিনটো মনোৰম আৰু সফল হৈ পৰে। সকলো কাম সম্পূৰ্ণ হৈ উঠে। একে সময়তে যদি পুৱা চকুৰ সন্মুখত কোনো অশুভ বস্তু আহি যায়, তেন্তে গোটেই দিনটো নষ্ট হৈ যায়। আজি আমি এনে কিছুমান বস্তু আৰু কামৰ বিষয়ে জনাম, যাক পুৱাই পুৱাই উঠি চোৱাটো অশুভ বুলি গণ্য কৰা হয়। গতিকে যদি আপুনি আপোনাৰ দিনটো সুখী কৰিব বিচাৰে, তেন্তে ৰাতিপুৱা কেতিয়াও এই কাম নকৰিব।

আহক জানো কি কি?-

১. আইনা চোৱাঃ কেতিয়াও পুৱা উঠিয়েই আইনা নাচাব। কিছুমান লোকে পুৱাই উঠি আইনা চাই, চুলি ঠিক কৰে। কিন্তু এনেকুৱা কৰিব নালাগে। ইয়াৰ দ্বাৰা নেতিবাচকতা বৃদ্ধি হয়। ভাল হ’ব যে পুৱা উঠিয়েই নিজৰ হাতৰ তলোৱা চাব। তাৰ পিছত মুখ-হাত ধুই চুলি ঠিক কৰক, আইনা চাওক।

২. লেতেৰা বাচনঃ পুৱা সাৰ পোৱাৰ লগে লগে লেতেৰা বাচনৰ ওপৰত চকু পৰাটো বহুত বেয়া। সেয়েহে, ৰাতি শুৱাৰ আগতে পাকঘৰটো সদায় চাফা কৰি শুৱক। লেতেৰা বাচন চালে ঋণাত্মক শক্তি সংক্ৰমিত হয় আৰু গোটেই দিনটো বেয়া হৈ যায়।

৩. বন্ধ ঘড়ীঃ পুৱা শুই উঠিয়েই বন্ধ ঘড়ী চোৱা ভাল বুলি কোৱা নহয়। সাধাৰণতে ঘৰত বন্ধ ঘড়ী ৰখাটো ডাঙৰ বাস্তু দোষ সৃষ্টি হয়। এনেকুৱা পৰিস্থিতিৰ পৰা বাচি থাকক। যদি হঠাতে ঘড়ী বন্ধ হৈ যায় তেন্তে সেই ঘড়ীটো ওলোটা কৰি ৰাখি থৈ দিয়ক।

৪. হিংস্ৰ জীৱ-জন্তুৰ ফটোঃ ঘৰত হিংসাত্মক জন্তুৰ ছবি বা মূৰ্তি ৰাখিবয়ে নালাগে। বাস্তু শাস্ত্ৰৰ মতে, হিংসাত্মক জন্তুৰ ছবিয়ে ঘৰখনত অশান্তি আৰু কাজিয়া বৃদ্ধি কৰে। আনহাতে পুৱা-পুৱা উঠি এইবোৰত চকু পৰিলে আপোনাৰ গোটেই দিনটো নষ্ট হ’ব পাৰে।

৫. ডাষ্টবিন: আপুনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ডাষ্টবিন বা আৱৰ্জনাৰ স্তূপ দেখা ভাল নহয়। আপুনি সাৰ পোৱাৰ লগে লগে আপোনাৰ দুয়োখন হাতৰ তলুৱা চোৱাটো খুবেই ভাল। তাৰ পিছত আপোনাৰ মুখ আৰু হাত ধুব আৰু তাৰ পিছত দৈনন্দিন কাম কৰক।

You May Also Like

More From Author