আজি টকা ধাৰলৈ নিদিব, শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব, চাওক ২৬ ফেব্ৰুৱাৰীৰ ৰাশিফল

1 min read

মেষ ৰাশি : এই দিনটোত ব্যৱসায়ৰ বাবে তিতাক মিঠালৈ ৰূপান্তৰিত কৰাৰ গুণ শিকিব লাগিব। কিন্তু আনক কাম কৰোৱাবলৈ সক্ষম হ’ব। অন্যথা সমস্যাত পৰিব লাগিব পাৰে। চাকৰিজীৱীসকলে যদি নতুন চাকৰি বিচাৰি আছে, তেন্তে তেওঁলোকে সফল হ’ব। পূৰ্বে য়দি কাৰোবাক টকা ধাৰলৈ দিছিল, তেন্তে সেই টকা ঘূৰাই পাব। ফলত আৰ্থিক অৱস্থা শক্তিশালী হ’ব। সন্তানৰ শিক্ষা সংক্ৰান্তীয় কোনো ভ্ৰমণলৈ যোৱাৰ প্ৰস্তুতি চলিব পাৰে। মনত ৰাখিব লাগিব যে নিজৰ পছন্দৰ বস্তুবোৰ চুৰি হোৱা হেৰোৱাৰ ভয় আছে। সেয়ে সতৰ্ক হৈ থাকিব লাগিব। শুভ ৰং : গোলাপী, শুভ সংখ্যা : ৮।

বৃষ ৰাশি : প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে দিনটো সমস্যাৰে ভৰি থাকিব। কাৰণ সংগীৰ সৈতে মতবিৰোধ হ’ব পাৰে। যদি সেয়া হয়, ই অধিক দীঘলীয়া সময়ৰ বাবে থাকিব পাৰে। গতিকে ইয়াক এৰাই চলা ভাল। যিকোনো কামত অলপ অসাৱধান হ’লে ডাঙৰ ক্ষতি কৰিব পাৰে। জ্যেষ্ঠ, পৰিয়ালৰ সদস্য বা সহকৰ্মীৰ সৈতে কথা পাতি থাকোতে মধুৰতা বজাই ৰাখিব লাগিব। অন্যথা তেওঁলোকৰ সৈতে তৰ্ক হ’ব পাৰে। যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব পাৰে। যদি আপুনি কোনো অনুষ্ঠানত উপস্থিত থাকিব বিচাৰে, আপুনি কাম স্থগিত ৰাখিব লাগিব পাৰে। শুভ ৰং: ক’লা, শুভ সংখ্যা: ১৭।

মিথুন ৰাশি : এই দিনটো আপোনাৰ বাবে শুভ হ’ব। কাৰণ এই সময়ত সম্পত্তি অৰ্জনৰ ইচ্ছা পূৰণ হ’ব। কোনো গোচৰ-মোকৰ্দমা চলি থাকিলে তাৰ অৱসান হ’ব। ফলত মন আনন্দৰে ভৰি পৰিব। এই দিনটো পৰিয়ালৰ গুৰুজনাৰ পৰামৰ্শ লৈ ধন বিনিয়োগ কৰিলে ভাল। চৰকাৰী চাকৰিজীৱীসকলে নিজৰ কোনো আত্মীয়ৰ দ্বাৰা প্ৰতাৰিত হ’ব পাৰে। যাৰ বাবে সমস্যাত পৰিব পাৰে। আকৌ যিসকলে দীৰ্ঘদিন ধৰি কোনো ৰোগত ভুগি আছে, তেওঁলোকৰ স্বাস্থ্যৰ কিছু উন্নতি হ’ব। ছাত্ৰ-ছাত্ৰীসকলে এই দিনটোত পঢ়া-শুনাত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং : বাৰ্গেণ্ডি, শুভ সংখ্যা : ১১।

কৰ্কট ৰাশি : ৰাজনীতিৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো সমস্যাৰে ভৰা হ’ব। সেয়ে এই সময়ত কোনো সহকৰ্মীক বিশ্বাস কৰাৰ পূৰ্বে দহবাৰ ভাবক, নহ’লে তেওঁলোকৰ ভাৱমূৰ্তি ক্ষুণ্ণ হ’ব পাৰে। শিক্ষাৰ্থীসকলে কোনো পৰীক্ষাৰ বাবে আবেদন কৰিব বিচাৰিলে এই সময়ত কৰিব পাৰে। যদি নিজৰ সন্তানৰ ওপৰত কোনো কাম অৰ্পণ কৰে, তেন্তে তেওঁলোকে সময়মতে সেয়া সম্পন্ন কৰিব। যিয়ে সন্তানৰ প্ৰতি আপোনাৰ আত্মবিশ্বাস বঢ়াই তুলিব। নিজৰ পিতৃ-মাতৃৰ সেৱা কৰি উপকৃত হ’ব। ধনৰ কিছু অংশ দৰিদ্ৰৰ সেৱাত ব্যয় কৰিব পাৰে, যাৰ পৰা আপোনাৰ লাভ হ’ব। শুভ ৰং : বগা, শুভ ৰং : ১।

সিংহ ৰাশি : এই দিনটো ব্যস্ততাৰে ভৰা হ’ব। ব্যৱসায়ত নতুন পৰিকল্পনাত ব্যস্ত থাকিব। যাৰ বাবে কাৰোবাক সাক্ষাৎ কৰিব লাগিব পাৰে। ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব। নহ’লে তেওঁলোকে আপোনাৰ ওপৰত খং কৰিব পাৰে। পাৰিবাৰিক সমস্যা বাঢ়িব পাৰে। সন্ধিয়া পিতৃৰ পৰা কিছু পৰামৰ্শ লাভ কৰিব। সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ বাবে সংগীৰ পৰা পৰামৰ্শ লওক। শুভ ৰং : মেৰুন, শুভ সংখ্যা : ৮।

কন্যা ৰাশি : এই দিনটোত সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব। অতীতৰ প্ৰচেষ্টাৰ সুফল পাব। পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি লাভ কিব পাৰে। ফলত পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যসকলৰ বাবে পাৰ্টীৰো আয়োজন হ’ব পাৰে। আত্মীয়-স্বজনসকল আনন্দত মতলীয়া হ’ব। শহুৰৰ ঘৰৰ পৰা সংগীৰ ভাতৃক টকা ধাৰলৈ নিদিব। শুভ ৰং : নীলা, শুভ সংখ্যা : ১২।

তুলা ৰাশি : যিসকল লোক ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই দিনটো ভাল হ’ব। কাৰণ এই সময়ত তেওঁলোকে ব্যৱসায়ত ভাল সুযোগ পাব পাৰে। কিন্তু সেই সুযোগ চিনাক্ত কৰিব লাগিব আৰু তাক লৈ কাম কৰিব লাগিব। তেতিয়াহে মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ’ব। পূৰ্বে কাৰোবাৰ পৰা টকা ধাৰলৈ লৈছিল যদি সেই ঋণ পৰিশোধ কৰিব পাৰিব। সন্তানৰ বিয়াক লৈ পৰিয়ালত কোনো সমস্যা হ’লে সেয়া সমাধানৰ বাবে নিজৰ বন্ধুৰ সহায় ল’ব পাৰে। নিজৰ পত্নীৰ সমৰ্থন আৰু সহায় পোৱাৰ ফলত বহু সমস্যাৰ সমাধান হ’ব। কিন্তু নিজৰ আশে-পাশে কাৰোবাৰ সৈতে বিবাদত সোমাই নপৰা ভাল। অন্যথা ই আইনী সমস্যাৰ ৰূপ ল’ব পাৰে। শুভ ৰং : লেভেণ্ডাৰ, শুভ সংখ্যা : ১৬।

বৃশ্চিক ৰাশি : এই দিনটোত প্ৰতিপত্তি অৰ্জন হ’ব। কাৰণ আইনী গোচৰত জয়লাভ কৰিব পাৰে। ফলত সম্পত্তিও বৃদ্ধি পাব। চাকৰিজীৱীসকলৰ অধিকাৰ বৃদ্ধি পাব। কনিষ্ঠসকলৰ পৰাও সহায় পাব। নিজৰ স্বভাৱত মধুৰতা বজাই ৰাখিব লাগিব। ব্যবসায়ীসকলৰ প্ৰতিদ্বন্দ্বী শক্তিশালী হ’ব, যিসকলে ক্ষতি কৰাৰ বাবে চেষ্টা কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ পৰীক্ষাত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে সফলতা অৰ্জন কৰিব পাৰে।ষ শুভ ৰং : পীচ, শুভ সংখ্যা : ৯।

ধনু ৰাশি : এই দিনটোত খৰচ যথেষ্ট হ’ব। যাৰ বাবে মনত চিন্তা থাকিব। সন্তানে কাৰ সৈতে মিলাপ্ৰীতি কৰিছে, তালৈ মনোযোগ দিয়া প্ৰয়োজন। নহ’লে কোনো ভুল সংগত পৰিব পাৰে। বহু দিন পিছত কোনো বন্ধুৰ সৈতে সাক্ষাৎ হোৱাৰ ফলত মন আনন্দৰে ভৰি পৰিব। এই সময়ত বিচক্ষণতা সৈতে আনৰ কামত হস্তক্ষেপ কৰিব লাগিব আৰু নিজৰ কামত মনোযোগ দিব লাগিব। অন্যথা আনৰ কামত মনোযোগ থাকিব আৰু নিজৰ কামত অগ্ৰাধিকাৰ দিব নোৱাৰিব। পিতৃৰ কোনো পুৰণি ৰোগ থাকিলে সেয়া পুনৰ দেখা দিব পাৰে। এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লওক। অন্যথা সমস্যাত পৰিব পাৰে। শুভ জৰং : নেভী ব্লু, শুভ সংখ্যা : ১৫।

মকৰ ৰাশি : এই দিনটো মুটামুটিভাৱে ফলদায়ক হ’ব। চাকৰিজীৱীসকলে কিছু ভাল খবৰ শুনিব। আচলতে তেওঁলোকে পদোন্নতি বা বেতন বৃদ্ধিৰ দৰে খবৰ শুনিবলৈ পাব পাৰে। যাৰ ফলত মনত আনন্দ থাকিব। নিজৰ কাম সম্পূৰ্ণ কৰাৰ বাবে উদগ্ৰীব হ’ব আৰু সেইবোৰ সম্পন্ন কৰাৰ পিছতহে স্বস্তি লাভ কৰিব। পুৰণি কাম সম্পূৰ্ণ কৰাৰ বাবে কামত মনোযোগ দিব লাগিব। সমস্যাৰ সৃষ্টি হ’ পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ উদ্বেগ থাকিব পাৰে। নিজৰ পিতৃ-মাতৃক ঈশ্বৰৰ দৰ্শন কৰাবলৈ লৈ যাব পাৰে। শুভ ৰং : ক্লে, শুভ সংখ্যা : ২।

কুম্ভ ৰাশি : আপোনাৰ চকু-মুখত এক অন্য ধৰণৰ আভা থাকিব। যি দেখি আপোনাৰ শত্ৰুও পৰাস্ত হ’ব। কিন্তু কাৰোবাৰ দ্বাৰা বিভ্ৰান্ত হ’লে নহ’ব। অন্যথা তেওঁলোকে আপোনাক যিকোনো কাম পণ্ড কৰাৰ বাবে চেষ্টা কৰিব পাৰে। সন্ধিয়া ঘৰত কোনো অতিথিৰ আগমন হ’ব পাৰে। বিদেশত বসবাস কৰা পৰিয়ালৰ সদস্যৰ পৰা সুখবৰ শুনিব পাৰে। যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। নিজৰ ধন ক’ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিলে তাত ৰিস্ক নোলোৱাই ভাল। অন্যথা ধন অপব্যয় হ’ব পাৰে। মামাৰ ঘৰৰ সদস্যৰ সৈতে দেখা কৰাৰ বাবে মাতৃক লৈ যাব পাৰে। শুভ ৰং : ইণ্ডিগো, শুভ সংখ্যা : ৪।

মীন ৰাশি : স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব লাগিব। কাৰণ কোনো শাৰীৰিক সমস্যাত ভুগিব পাৰে। যাৰ বাবে চাপ আৰু চিন্তা অনুভৱ কৰিব। ব্যৱসায়ীসকলে লাভৰ সুযোগ পাব। আৰ্থিক স্থিতি সলনি হ’ব। যিসকলে ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকে যদি কোনো নতুন পৰিকল্পনা কৰিছে তেন্তে কিছু অপেক্ষা কৰা ভাল। দীৰ্ধদিন ধৰি পৰিয়ালৰ কোনো বিবাদ চলি থাকিলে সেয়া অৱসান ঘটিব পাৰে। যাৰ ফলত পৰিয়ালৰ সদস্যসকল সুখী হ’ব। সংগীক লৈ ক’ৰবালৈ ওলাই যাব পাৰে। শুভ ৰং : অফ-হোৱাইট, শুভ সংখ্যা : ৩।

You May Also Like

More From Author