একেদিনাই ১১ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, ঘোষণা মুখ্যমন্ত্ৰীৰ

1 min read

আহি আছে নিৰ্বাচন। ১১ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উপহাৰ লৈ অসমলৈ কাইলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় ১১,০০০ কোটি টকাৰ প্ৰকল্পৰ আৰম্ভণি কৰিবে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ পূৰ্বে সংবাদমেলযোগে কেইবাটাও বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কেতিয়া অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু কি কি কৰিব?

‘‘কাইলৈ নিশা ৭ বাজি ৩০ মিনিটত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। নিশা বিজেপিৰ ক’ৰ কমিটিৰ বৈঠকত মিলিত হ’ব প্ৰধামমন্ত্ৰীগৰাকী। দেওবাৰে দিনৰ ১১.৩০ বজাত খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে জনতাক সম্বোধন কৰিব। লগতে বজাব ২০২৪ৰ লোক নিৰ্বাচনৰ ৰণডংকা। লগতে কেইবাটাও প্ৰকল্প, আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ো।’’

কি-কি প্ৰকল্পৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে?

‘‘কামাখ্যা কৰিড’ৰৰ আধাৰশিলা কৰিব PM মোদীয়ে। ৪৯৮ কোটিৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব কামাখ্যা কৰিড’ৰ। PM ডিভাইন আঁচনিৰ অধীনত হ’ব কামাখ্যা আঁচনি। গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল নিৰ্মাণ হৈছে। অসমৰ কপৌফুলৰ আৰ্হিত বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব। নতুন টাৰ্মিনেলৰ পৰা হ’ব ৬ লেনযুক্ত পথ। ধাৰাপুৰ-গড়ল হৈ নিৰ্মাণ হ’ব ৬ লেনযুক্ত পথ। প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা কৰিব গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ।

অসমত অসমমালা-২ আঁচনি আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। অসমমালা-২ আঁচনিৰ অধীনত হ’ব ৪৩টা নতুন পথ। ৩,৪০০ কোটি টকাৰে হ’ব অসমমালা-২ৰ কাম। বৰমাৰ পৰা তামুলপুৰলৈ হ’ব নতুন পথ। বৰমাৰ পৰা নিকাচিলৈ নিৰ্মাণ হ’ব নতুন পথ। সৰ্থেবাৰীৰ পৰা বৰপেটাৰ নগাঁৱলৈ হ’ব নতুন পথ। ইৰংমাৰা বাগিচাৰ পৰা বোকাখাত বাগিচালৈ হ’ব পথ। মঙলদৈৰ পৰা ৰঙিয়ালৈ এটা নতুন পথ নিৰ্মাণ হ’ব। যোৰহাটৰ ন আলিৰ পথ দুই লেনযুক্ত হ’ব। গোলাঘাটৰ পৰা মেৰাপানীলৈ হ’ব ৩০ কিঃমিঃ পথ। নলবাৰীৰ পৰা কলিতাকুছিলৈ দুই লেনযুক্ত পথ হ’ব। সাতদলাৰ পৰা নয়নপুৰলৈ নতুন পথ নিৰ্মাণ হ’ব। কাজিৰঙাৰ কুঠৰীৰ ডিফুলৈ হ’ব নতুন পথ।

আৰু পঢ়ক: মাত্ৰ ৩২বছৰ বয়সতে জনপ্ৰিয় অভিনেত্ৰী তথা মডেল পুনম পাণ্ডেৰ মৃত্যু

বিশ্বমানৰ ষ্টেডিয়াম হ’ব ঐতিহাসিক নেহৰু ষ্টেডিয়াম। নেহৰু ষ্টেডিয়ামখনক লৈ বৃহৎ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। FIFAৰ মানৰ ষ্টেডিয়ামলৈ উন্নীত কৰা হ’ব নেহৰু ষ্টেডিয়াম। ৮৩৪ কোটি টকাৰে উন্নীত হ’ব নেহৰু ষ্টেডিয়াম। এখন মূল আৰু এখন ট্ৰায়েল ফুটবল ফীল্ড থাকিব নেহৰু ষ্টেডিয়ামত। পূব ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰকল্প হ’ব নতুনকৈ নিৰ্মাণ হ’ব লগা ষ্টেডিয়াম। অসমৰ সকলো ক্ৰীড়া সন্থাৰ কাৰ্যালয় থাকিব ষ্টেডিয়ামত। চন্দ্ৰপুৰত নিৰ্মাণ হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বহুমুখী প্ৰকল্প। প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা কৰিব চন্দ্ৰপুৰ প্ৰকল্প।

GMCHত নতুন চিকিৎসালয় প্ৰকল্পৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা সময়ত একেলগে ৩,৫০০ ৰোগীৰ চিকিৎসা হ’ব GMCHত। ৩,২৫০ কোটি টকাৰ ব্যয়ৰে হ’ব নতুন GMCH প্ৰকল্প। GMCH হ’ব পূব ভাৰতৰ সৰ্ববৃহৎ চিকিৎসা ক্ষেত্ৰ। কৰিমগঞ্জ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীয়ে। এটা ইউনিটী ম’লৰ আধাৰশিলা স্থাপন কৰিব PM মোদীয়ে। উল্লেখ্য যে চৰকাৰী খৰচত খানাপাৰাত প্ৰধানমন্ত্ৰীৰ সভাত উপস্থিত থাকিব ৫ হাজাৰ লাখপতি বাইদেউ।

You May Also Like

More From Author