ফেব্ৰুৱাৰীতে BJPত যোগদান কৰিব নেকি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে?

1 min read

মুখ্যমন্ত্ৰীৰ কৌশলপূৰ্ণ মন্তব্যৰ পিছত ধাৰাবাহিকভাৱে অসম প্ৰদেশ কংগ্ৰেছত বিধায়ক তথা জ্যেষ্ঠ নেতাৰ ইটোৰ পিছত সিটো BJPত যোগদানৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে । শেহতীয়াকৈ ৰাজ্যত সৰ্বাধিক চৰ্চিত ৰাজনৈতিক খবৰটোৱে হ’ল APCCৰ কাৰ্যকৰী সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰাৰ খবৰ। দীৰ্ঘদিন ধৰি ৰাণা গোস্বামীয়ে অগপ নহ’লে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ পিছত দেওবাৰে এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে ।

ৰাণা গোস্বামীৰ ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা মতে অসমত কংগ্ৰেছৰ শেহতীয়া পৰিস্থিতিক লৈ অতিকৈ অসন্তুষ্ট APCCৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী। সেয়েহে অতি সোনকালে ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা গাঢ় হৈ পৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান প্ৰক্ৰিয়াক লৈয়ো অসন্তুষ্ট জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকী। ৰাণা গোস্বামীয়ে কংগ্ৰেছ দল ত্যাগ কৰিলে উজনিৰ কেইবাখনো জিলাৰ বহু কংগ্ৰেছ নেতায়েও অচিৰেই কংগ্ৰেছ দল ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাণা গোস্বামীৰ ঘনিষ্ঠ সূত্ৰটোৱে জানিবলৈ দিছে।

আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে কয় যে ‘‘এনেদৰে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিব বুলি ওলাই থকা খবৰবোৰৰ কোনো ভিত্তি নাই। দুটা ৰাজনৈতিক দলে তেওঁক নিজৰ দললৈ নিবলৈ টনা-আজোৰা কৰি আছে। মই অনুভৱ কৰিছে যে ৰাজনৈতিক ক্ষেত্ৰখনত মোৰ গুৰুত্ব আছে।’’

এনেদৰে ৰাণা গোস্বামীয়ে মত ব্যক্ত কৰাৰ কিছু সময় পিছতে পোহৰলৈ আহে এটা ডাঙৰ তথ্য । APCCৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে উজনি অসমৰ দায়িত্বৰ পৰা পদত্যাগ কৰি এপিচিচিৰ ৰাজ্যিক সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰাৰ খবৰে ৰাজনৈতিক বতাহ গৰম কৰি তোলে। গোস্বামীয়ে এই পদত্যাগ পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙলৈ। কংগ্ৰেছৰ ধেমাজি, উত্তৰ লক্ষীমপুৰ, শোণিতপুৰ , বিশ্বনাথ চাৰিআলিকে ধৰি উজনি অসমৰ জিলাসমূহৰ সাংগঠনিক নেতৃত্বত আছিল ৰাণা গোস্বামী।

এই দায়িত্বৰ পৰা অব্যাহতি বিচাৰি বহু কেইটা ৰাজনৈতিক কাৰণত এই পদত্যাগৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। এই খবৰ পোহৰলৈ অহাৰ পিছত ৰাণা গোস্বামীয়ে দেওবাৰে নিশা পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও APCCৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই ৰাণা গোস্বামীৰ দৰে ৩টা দশক ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ থকা জ্যেষ্ঠ এগৰাকী নেতাই কেতিয়াও কংগ্ৰেছ দল ত্যাগ নকৰে বুলি দোহাৰে ।

আনহাতে ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ উজনি অসমৰ সাংগঠনিক দায়িত্বৰ পৰা পদত্যাগ কৰাৰ বাতৰিৰ সমান্তৰালকৈ আন এটা খবৰ চৰ্চালৈ আহিছে যে অহা ২৮ বা ২৯ ফেব্ৰুৱাৰীত ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব । ইতিমধ্যে এই সন্দৰ্ভত বিজেপিৰ শীৰ্ষ মহলৰ পৰা সেউজ সংকেত লাভ কৰিছে বুলি চৰ্চা চলিছে। কিন্তু ৰাণা গোস্বামীয়ে পূৰ্বে কৈ অহাৰ দৰে এতিয়াও এই সকলো খবৰৰ সত্যতা অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত ৰাজনীতিৰ গৰম বতাহজাক কোন দিশে বয় সেয়া অৱশ্যে সোনকালেই স্পষ্ট হ’ব ।

You May Also Like

More From Author