সমাগত লোকসভা নিৰ্বাচন,তৎপৰ শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ নেতৃত্বও সাজু নিৰ্বাচনলৈ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মা। দুপৰ নিশা পৰ্যন্ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সময় অতিবাহিত কৰিছে ড০ শৰ্মাই।
সেই সময়তে বশিষ্ঠ স্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনায় আগন্তুক তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ বিষয়ে। তেওঁৰ ভাষ্য অনুসৰি, ১ এপ্ৰিলৰ পৰা সম্পূৰ্ণ পোন্ধৰ দিন মুখ্যমন্ত্ৰী গৰাকী ব্যস্ত থাকিব নিৰ্বাচনী প্ৰচাৰত। উজনিৰ পৰা নামনিলৈকে মুখ্যমন্ত্ৰী গৰাকীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ পোন্ধৰ দিনৰ নিৰ্বাচনী প্ৰচাৰৰ তালিকা আহি পৰিছে Guwahati Times ৰ হাতত।
সেই তালিকা অনুসৰি-
১ এপ্ৰিল তাৰিখে সত্ৰীয়া-সংস্কৃতিৰ বৰঘৰ মাজুলীৰ পৰা আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ। উক্ত দিনটোত সত্ৰপীঠ মাজুলীত এক বিশাল চাইকেল ৰেলীত অংশ ল’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আৰু মাজুলীৰ পৰাই বজাব লোকসভা নিৰ্বাচনৰ ৰণডংকা মুখ্যমন্ত্ৰীয়ে।
২ এপ্ৰিল – পুৱা ১১:৩০ বজাত ডিফুত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী গৰাকীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে। তাৰপিছত পুনৰ বিয়লি ২ বজাত গোলাঘাট জিলাৰ সৰুপথাৰৰ এখন বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী গৰাকী।
৩এপ্ৰিল- পুৱা ১১:৩০ বজাত শিলচৰৰ বিজেপি প্ৰাৰ্থী গৰাকীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকিব মুখ্যমন্ত্ৰী। পুনৰ ১:৩০বজাত কৰিগঞ্জৰ প্ৰাৰ্থী গৰাকীক মনোনয়ন পত্ৰ দাখিল পৰ্বত সংগ দিব মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
৪ এপ্ৰিল- পুৱা ১১:৩০ বজাত ঢেকিয়াজুলিৰ এখন নিৰ্বাচনী ৰাজহুৱা সভাত অংশ লৈ পুনৰ ১:৩০ বজাত গহপুৰৰ আন এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি পুনৰ ৩বজাত বিহপুৰীয়াৰ আন এখন বিশাল ৰাজহুৱা সভাত অংশ ল’ব মুখ্যমন্ত্ৰী গৰাকীয়ে।
৫ এপ্ৰিল- পুৱা ১১:৩০বজাত ডিগবৈত নিৰ্বাচনী সভাত উপস্থিত থাকি পুনৰ ১:৩০ বজাত মাকুমত আৰু বিয়লি ৩বজাত টিংখঙৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
৬ এপ্ৰিল তাৰিখে লখিমপুৰ আৰু হোজাইত অনুষ্ঠিত হ’ব লগা গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল নিৰ্বাচনী সভাত গৃহমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী গৰাকী।
৭ এপ্ৰিল- পুৱা ১১:৩০ বজাত তিতাবৰ, ১:৩০ বজাত মৰিয়ণি, ৩ বজাত নাজিৰাৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
৮ এপ্ৰিল- পুৱা ১১:৩০ বজাত নাহৰকটীয়া, ১:৩০ বজাত দুলীয়াজান আৰু ৩ বজাত চাবুৱাৰ নিৰ্বাচনী সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী।
৯ এপ্ৰিল- পুৱা ১১:৩০ বজাত কাকপথাৰ, ১:৩০ বজাত খোৱাং আৰু বিয়লি ৩ বজাত ঢকুৱাখনাৰ ৰাজহুৱা সভাত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।
১০ এপ্ৰিল- পুৱা ১১:৩০ মাহমৰা-ডিমৌ, ১:৩০ বজাত আমগুৰি আৰু বিয়লি ৩ বজাত টিয়কৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।
১১ এপ্ৰিল- পুৱা ১১:৩০ বজাত মাৰ্ঘেৰিটা, ১:৩০ বজাত দেৰগাঁৱ আৰু বিয়লি ৩ বজাত বোকাখাটৰ ৰাজহুৱা নিৰ্বাচনী সভাত অংশ ন’ব ড০ শৰ্মাই।
১২ এপ্ৰিল- পুৱা ১১:৩০ বজাত কাকী(লামডিং), ১:৩০ বজাত বিশ্বনাথ চাৰিআলি, ৩ বজাত নাওবৈচাৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।
১৩ এপ্ৰিল- পুৱা ১১:৩০ বজাত ৰঙানদী, ১:৩০ বজাত ৰঙাপাৰা আৰু বিয়লি ৩ বজাত সোণাৰিৰ ৰাজহুৱা সভাত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।
১৪ এপ্ৰিল- বৰ্তমানো কোনো স্থান ঠিৰাং কৰা নাই মুখ্যমন্ত্ৰী গৰাকীয়ে। ১৫ এপ্ৰিল তাৰিখে পুৱা ১১:৩০ বজাত লামডিং, ১:৩০ বজাত বিনাকান্দিৰ ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব মুখ্যমন্ত্ৰী গৰাকীয়ে।