কংগ্ৰেছ এৰিলে ভৰত চন্দ্ৰ নৰহে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ ভৰত নৰহে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। পত্নী ৰাণী নৰহে প্ৰাৰ্থিত্ব নোপোৱাৰ ক্ষোভত পদত্যাগ ভৰত নৰহৰ। ইতিমধ্যে দেওবাৰে ভৰত নৰহে পদত্যাগ কৰিছিল কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ পদত আছিল ভৰত চন্দ্ৰ নৰহ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে ভৰত নৰহে।
উল্লেখযোগ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হৈছিল ৩ বাৰৰ সাংসদ ৰাণী নৰহ। ভৰত নৰহ কংগ্ৰেছৰ নাওবৈচা সমষ্টিৰ বিধায়ক। দুবাৰ লোকসভাৰ, এবাৰ ৰাজ্যসভাৰ সাংসদ আছিল ৰাণী নৰহ। মাত্ৰ এষাৰী বাক্য লিখিয়েই কংগ্ৰেছ দল ত্যাগ ভৰত নৰহৰ। ৬ বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে ভৰত নৰহ। কংগ্ৰেছৰ এজন গুৰুত্বপূৰ্ণ নেতা ভৰত নৰহ। ৫ বাৰৰ ঢকুৱাখনাৰ বিধায়ক, বৰ্তমান নাওবৈচাৰ বিধায়ক ভৰত নৰহ। অসম গণ পৰিষদ এৰি কংগ্ৰেছত যোগদান কৰিছিল ভৰত নৰহে।