মেষ ৰাশি :
আজিৰ দিনটো আপোনাৰ বাবে ভাল খবৰ লৈ আহিব। আপুনি নতুন সম্পত্তি লাভ কৰিব পাৰে, কিন্তু কিছুদিন ধৰি চলি থকা ব্যৱসায়িক সমস্যাৰ বাবে আপুনি কাৰোবাক লগ কৰিব লাগিব পাৰে। ক’ৰবালৈ যোৱাৰ কথা ভাবিছে যদি কিছু সময়ৰ বাবে স্থগিত ৰাখক, অন্যথা দুৰ্ঘটনাৰ বাবে আপোনাৰ আৰ্থিক খৰচ বাঢ়িব পাৰে। কৰ্মস্থলীত আপোনাৰ ইচ্ছা অনুসৰি কামৰ দায়িত্ব দিয়া হ’ব, যাৰ বাবে সন্তুষ্টি লাভ কৰিব। কিন্তু আপোনাৰ কনিষ্ঠই আপোনাৰ উন্নতি দেখি চিন্তিত হ’ব আৰু আপোনাৰ কাম নষ্ট কৰাৰ চেষ্টা কৰিব।
শুভ ৰং : মেজেণ্টা
শুভ সংখ্যা : ৩
বৃষ ৰাশি :
আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব, কিয়নো আপোনাৰ কিছুমান পুৰণি কাম আৰম্ভ কৰিব লাগিব, যাৰ পিছত আপুনি লাভ অৰ্জন কৰাত সফল হ’ব। কৰ্মক্ষেত্ৰত আপুনি নিজৰ কামৰ পৰিকল্পনা কৰিব লাগিব, তেতিয়াহে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব। বন্ধুৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব। পিয়ালত কোনো সদস্যৰ বিবাহ, জন্মদিন আদি মাংগলিক কৰ্ম হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধান হ’ব লাগিব, অন্যথা আপোনাৰ কামত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব।
শুভ ৰং : গোলাপী
শুভ সংখ্যা : ১২
মিথুন ৰাশি :
আজি আপোনাৰ কামৰ লগতে আনৰ কামৰ ওপৰতো গুৰুত্ব দিব, যাৰ দ্বাৰা আপোনাৰ কাম ক্ষতি হ’ব পাৰে। আপুনি জীৱন সংগীৰ কথা ভবাৰ সময় পাব। নিজৰ সা-সুবিধাৰ বাবে কিছুমান সামগ্ৰী কিনিব পাৰে। কিন্তু নিজৰ উপাৰ্জনৰ ওপৰত নজৰ ৰাখি খৰচ কৰক। ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত কাম কৰা লোকসকলে নিজৰ কামৰ দ্বাৰা মানুহৰ প্ৰশংসা বুটলিব পাৰিব। বিদ্যাৰ্থীসকলে নিজৰ জ্যেষ্ঠ আৰু শিক্ষাগুৰুৰ পৰা সহায় লাভ কিব।
শুভ ৰং : গ্ৰে’
শুভ সংখ্যা : ১৪
কৰ্কট ৰাশি :
আজি আপুনি চৰকাৰী ক্ষমতাৰ মিত্ৰতা দেখিব। যদি আপোনাৰ হাতত বহু কাম আছে, তেনেহ’লে আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমে কৰা ভাল। আপোনাৰ যিকোনো আইনী কাম আপোনাৰ বাবে মূৰৰ কামোৰণি হ’ব পাৰে। সন্তানৰ বিয়া সম্পৰ্কীয় সমস্যাৰ বাবে আত্মীয়ৰ ঘৰলৈও যাব পাৰে। যদি ভ্ৰমণলৈ যাব বিচাৰিছে, আপুনি পত্নী আৰু পিতৃ-মাতৃক লগত লৈ যোৱা ভাল। আপুনি আপোনাৰ ওচৰৰ কাৰোবাৰ বাবে কিছু টকাও যোগাৰ কৰিব লাগিব পাৰে।
শুভ ৰং : বেঙুনীয়া
শুভ সংখ্যা : ১৮
সিংহ ৰাশি :
আজিৰ দিনটো আপোনাৰ বাবে প্ৰসন্নতাৰে ভৰা হ’ব। পৰিয়ালত কোনো শুভ খবৰ শুনিবলৈ পাব। আপোনাৰ কোনো আত্মীয়ই বিনিয়োগ সম্পৰ্কীয় কোনো পৰিকল্পনাৰ বিষয়ে ক’ব পাৰে, য’ত বিনিয়োগ কৰাটো আপোনাৰ বাবে শুভ হ’ব, কিন্তু পাৰিবাৰিক ব্যৱসায়ত কোনো অভিজ্ঞতাসম্পন্ন লোকৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব, তেতিয়াহে আগুৱাব পাৰিব। বিদ্যাৰ্থীসকলে নিজৰ কামত গুৰুত্ব দিব লাগিব। নহ’লে বন্ধুৰ প্ৰতি আকৰ্ষিত হৈ পঢ়াৰ প্ৰতি অনিহা আহিব পাৰে।
শুভ ৰং : ৰূপালী
শুভ সংখ্যা : ১১
কন্যা ৰাশি :
আজিৰ দিনটো আপোনাৰ বাবে খৰচেৰে ভৰা হ’ব পাৰে। আপুনি নিজৰ খৰচক লৈ চিন্তিত হ’ব। যদি আপুনি প্ৰেম জীৱন যাপন কৰি আছে তেন্তে সংগীৰ বাবে খৰচ বাঢ়িব পাৰে। আপুনি সৃষ্টিশীল কামতকৈ প্ৰেম, ৰোমাঞ্চ আৰু সৌভাগ্যক অধিক গুৰুত্ব দিব আৰু আপোনাৰ আচৰণ বিৰক্তিৰ ভাৱ থাকিব, যাৰ ফলত আপোনাৰ সম্পৰ্কৰ অৱনতি হ’ব পাৰে। মাতৃক ধৰ্মীয় স্থানলৈ লৈ যাব পাৰে, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব, কিন্তু আপুনি আপোনাৰ অমীমাংসিত কামবোৰৰ প্ৰতিও মনোযোগ দিব লাগিব, অন্যথা ই পিছত আপোনাৰ বাবে সমস্যা প্ৰমাণিত হ’ব পাৰে।
শুভ ৰং : মুগা
শুভ সংখ্যা : ১৬
তুলা ৰাশি :
আজি দিনটো কৰ্মৰ সন্ধানত থকা লোকসকলৰ বাবে ভাল, কিয়নো তেওঁলোকে একেলগে কেইবাটাও সুযোগ লাভ কৰিব, ভাবি-চিন্তি সিদ্ধান্ত লোৱা ভাল। যদি আপুনি জীৱন সংগীৰ স্বাস্থ্যক লৈ চিন্তিত তেন্তে আজি দূৰ হ’ব, কিয়নো তেওঁৰ সমস্যা বহু পৰিমাণে কমিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলে কৰ্মস্থলীত ধনৰ অভাৱৰ সন্মুখীন হ’ব পাৰে। বিদ্যাৰ্থীসকলে এটা পৰীক্ষাত বহাৰ সুযোগ পাব যাৰ দ্বাৰা তেওঁৰ ক্ষমতা চিনাক্ত হ’ব। যদি আপুনি কাৰোবাৰ পৰা টকা ধাৰলৈ ল’ব বিচাৰিছে সেয়া সহজতে লাভ কৰিব।
শুভ ৰং : সেউজীয়া
শুভ সংখ্যা : ৯
বৃশ্চিক ৰাশি :
আজিৰ দিনটো আপনাৰ বাবে উত্থান-পতনেৰে ভৰা। আপোনাৰ জীৱনত বহু উত্থান-পতন আহিব পাৰে, কিয়নো আপুনি ব্যৱসায়ত সন্মুখীন হোৱা সমস্যা সমাধানৰ চিন্তা কৰিব লাগিব, কিন্তু যদি আপুনি কোনো অংশীদাৰিত্বৰ ব্যৱসায় কৰিছে তেন্তে ই আপোনাৰ বাবে লাভজনক হ’ব। ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি নিজৰ জীৱনসংগীৰ সৈতে যাওক, নহ’লে তেওঁ খং কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাক নতুন কামৰ দায়িত্ব দিব পাৰে, য’ত আপুনি কনিষ্ঠসকলক সহযোগ কৰিব লাগিব।
শুভ ৰং : কমলা
শুভ সংখ্যা : ৭
ধনু ৰাশি :
আজিৰ দিনটো আপনাৰ বাবে প্ৰগতিৰ হ’ব। প্ৰেম জীৱন কটোৱা লোকসকলে নিজৰ সংগী নিজৰ কৰি ল’ব পাৰে। ভাতৃৰ সৈতে চলা মনোমালিন্যই আজি ডাঙৰ ৰূপ ল’ব পাৰে। জ্যেষ্ঠ সদস্যই আপোনাৰ কিছুমান দাবী কৰিব, যিবোৰ পুৰণ কৰিব লাগিব। কাৰোবাৰ কথাত গুৰুত্ব দিয়াতকৈ নিজৰ বিষয়ে চিন্তা কৰক, তেতিয়াহে আপুনি কোনো সিদ্ধান্তত উপনীত হ’ব পাৰিব। কোনো কথাক লৈ সংগীৰ সৈতে মতভেদ হ’ব পাৰে। কৰ্মস্থলীত পছন্দৰ কাম পাব।
শুভ ৰং : ক’লা
শুভ সংখ্যা : ৩
মকৰ ৰাশি :
আজিৰ দিনটো আপোনাৰ পিতৃ-মাতৃৰ সেৱাত পাৰ কৰিব। চাকৰিত কোনো ভাল কামৰ বাবে আপোনাক পুৰস্কৃত কৰা হ’ব পাৰে। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ’ব, যাৰ ফলত পৰিয়ালত সুখ-শান্তি থাকিব আৰু মানুহৰ মাজত মৰম থাকিব, কিন্তু দাম্পত্য জীৱনত আজি কিছুমান সমস্যা থাকিব। সন্তানৰ ভৱিষ্যতৰ বাবে ধন সাঁচিব বিচাৰিছে যদি পোষ্ট অফিচ, বেংক আদিত বিনিয়োগ কৰা ভাল। ধৰ্মীয় কামত যোগদান কৰিব পাৰে।
শুভ ৰং : কমলা :
শুভ সংখ্যা : ১১
কুম্ভ ৰাশি :
আজি আপুনি সাৱধান হ’ব লাগিব আৰু মন নিয়ন্ত্ৰণত ৰাখিব লাগিব। যদি আপুনি আপোনাৰ মনত চলি থকা বিচাৰ আনক কয় তেন্তে তাৰ পৰা লাভ হ’ব পাৰে। কৰ্মস্থলীত আপোনাৰ মধুৰ কথাৰে কনিষ্ঠসকলৰ পৰা কাম উলিয়াব পাৰিব। যদি হঠাৎ কোনো বন্ধুৰ প্ৰতিৱেশীৰ বিষয়ে কোনো কথা জানিব পাৰে, তাক লৈ খং নকৰিব, অন্যথা কাজিয়া হ’ব পাৰে। ঘৰৰ সামগ্ৰী কিনিব পাৰে।
শুভ : ৰঙা
শুভ সংখ্যা : ৫
মীন ৰাশি :
আজিৰ দিনটো আপোনাৰ বাবে এক মিশ্ৰিত দিন হ’ব। আপুনি কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। আপোনাৰ যিকোনো ইচ্ছা পূৰণ কৰা হ’ব, যাৰ পিছত আপুনি আপোনাৰ ঘৰত এটা ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰিব পাৰে। আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যাৰ বাবে আপুনি যিকোনো সমস্যাই সমাধান কৰিব পাৰিব। পৰিয়ালৰ কোনো সদস্যই আপোনাৰ তিক্ত আচৰণত বিৰক্ত হ’ব। আজি আপুনি পৰিয়ালৰ সদস্যৰ বাবে কিছু টকা ৰখাৰ ব্যৱস্থা কৰিব লাগিব পাৰে।
শুভ ৰং : বগা
শুভ সংখ্যা : ১