দোৰোণ বনৰ বৈজ্ঞানিক নাম : লিউকাচ্ এচপেৰা(Leucas aspera) ঠাই বিশষে ইয়াক দ্ৰুণ ,দৰুণ ,দোল বন আদি ও বোলে |
ইয়াক শাক হিচাপে খোৱা হয় | পূজা পাতল আদিতো ( বিশেষকৈ শিৱ পূজাত )ইয়াক ব্যৱহাৰ কৰা হয় |এইবিধ বন বাৰিষা কালত প্ৰায় সকলো ঠাইতেই হয় | ইয়াৰ সোৱাদ সামান্য তিতিকি | ইয়াৰ এটা গোন্ধ আছে | সেই গোন্ধটোৰ বাবে বহুতে ইয়াক খাবলৈ বেয়া পায় | কিন্তু এক কথাত সৰ্বগুণী এই বনৌষধি বিধ খোৱাৰ অভ্যাস ৰাখিলে আমি বহুতো ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰো | ইয়াৰ ঔষধি গুণ সৰ্বৌষধি নহৰু , নেমুটেঙা , তুলসী আৰু অমৰ লতাতকৈ কোনো গুণে কম নহয় বুলিব পাৰি |ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই | গতিকে সৰু ডাঙৰ সকলো লোকে নিশ্চিন্ত মনে খাব পাৰে |
উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবেও ই অতি ক্ষতি কাৰক নহয় | যি সকলে ইয়াৰ গোন্ধটো বেয়া পায় , তেওঁ লোকে নিজে ভাল পোৱা সুগন্ধি শাক যেনে -পদিনা /মুছন্দৰী/পনৌনৱা আদি জাতিয় শাকৰ লগত মিহলাই লৈ খাব পাৰে | হেলচী(মাটি কাদুৰী?)ৰ লগতো খাব পাৰি | মই হেলচী আৰু পনৌনৱাৰে খাই খুউবেই ভাল পাওঁ | ইয়াক সিজাই পিটিকা কৰি , মগু দাইলেৰে সৈতে ক্ষাৰ দি , বা বেলেগ শাকৰ লগত একেলগে ভাজি ও খাব পাৰি | পোলাও বা বিৰিয়াণীত দোৰোণ শাক সিজোৱা পানী দি খাবলৈ ও সোৱাদ হয় |
ইয়াৰ বিশিষ্ট গুণ সমূহ —
ই বিষ হাৰক , জ্বৰ নাশক , এন্টিফাংগেল ( ভেকুঁৰ প্ৰতিৰোধী), এন্টি বেক্টেৰিয়েল (বেক্টেৰিয়া প্ৰতিৰোধী), এন্টি অক্সিডেন্ট(ৰোগ প্ৰতিৰোধক), কৃমি নাশক | লিভাৰ , কাহ আৰু ডায়েবেটিছৰ বাবেও উপকাৰী |
খোৱাৰ নিয়ম —-
১| জ্বৰ ,মুৰৰ বিষ বা কাহ হ’লে ৪/৫টা আগ পিচি ৰস খাব লাগে |
২| কেছুৱাৰ কাহ হ’লে কেইপাহ মান ফুল পিচি মৌৰ লগত খুৱাব লাগে |
৩| হাঁপানী বা শ্বাস-প্ৰশ্বাসৰ যিকোনো ৰোগত দোৰোণ বন পানীত উতলাই পানীৰ ভাপ ল’ব লাগে
৪| চাইনাছ হ’লে পৰিষ্কাৰকৈ ধুই হাতেৰে মোহাৰিলৈ ২ টোপাল ৰস নাকত দিব লাগে | নাকৰ তেজ ওলালে কেই পাহ মান ফুল মোহাৰি ৰস খিনি নাকত দিলে তেজ ওলোৱা বন্ধ হয় |
৫| কৃমি হ’লে দোৰোণ বনৰ ৰস ২ চামুচ মৌ জোলৰে সৈতে মিহলাই ২ বাৰকৈ ৪/৫ দিন খালে ভাল হয় | এনেকৈ খালে পেটৰ বিষ আৰু কোষ্ঠ্য কাঠিন্য ও ভাল হয় |
৬| ই জীৱাণু নাশক কাৰণে টাইফয়েড , কলেৰা আদি ৰোগৰ চিকিত্ সাতো কাম দিয়ে |
৭| ইয়াৰ মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা ও আছে |
৮| ই পাকস্হলীৰ আল্ চাৰ ও ভাল কৰে |
৯| পোক পতংগ আদিৰ দংশনত ইয়াক থেতেলিয়াই লগোৱাৰ উপৰিও খাবলৈ দিয়া হয় বা ৰস ঢালি চিকিত্ সা কৰা হয় |
১০| এক্ জিমা , স্কেবিজ , চৰিয়াচিছ জাতিয় দীঘলীয়া চৰ্ম ৰোগত ইয়াৰ লেপ দিলেও সুফল পোৱা যায় |
১১| কটা ঘাঁ , জুইয়ে পোৰা , থতেলা খাই দুখ পোৱা বা ফুলি উঠা আদিতো ই ফলদায়ক |
১২| ই বৃক্কৰ ও সুৰক্ষা প্ৰদান কৰে |
১৩| ইয়াৰ ৰস মৌৰ সৈতে খালে ধাতুৰ দুৰ্বলতা , গণোৰীয়া , প্ৰস্বাৱৰ দোষ আদিত কাম দিয়ে |
১৪| মাহেকীয়াত হোৱা পেটৰ বিষ(ডিচমেন’ৰিয়া) আৰু অনিয়মীয়া মাহেকীয়া এই দুয়োবিধ ৰোগতে ই উপকাৰী | (মাহেকীয়া হৈ থকা অৱস্হাত খালে ৰক্তস্ৰাৱ বেছি হ’ব পাৰে) |
১৫| দাঁতৰ বিষত শিপাৰ ৰস লগাব বা ব্ৰাচৰ দৰে ব্যৱহাৰ কৰিব পাৰি |
১৬| ই লিভাৰ সক্ৰিয় ৰাখে আৰু ভোক নলগা হ’লে ভোক বঢ়ায় |
১৭| কোনো জটিল ৰোগত শৰীৰ / স্বাস্হ্য বেয়া হ’লে / ওজন কমিলে এই শাক খালে ভাল হয় |
এনে অশেষ গুণেৰে ভৰ পূৰ আমাৰ ঘৰৰ ওচৰে পাজৰে থকা এইবিধ বনৌষধি উদ্ভিদ |