আপোনাৰ আজিৰ দিনটো কেনে যাব, দিনটোৰ আৰম্ভণিতে চাওক আপোনৰ ভাগ্যফল

1 min read

মেষ ৰাশি :
আজিৰ দিনটো আপোনাৰ বাবে সমস্যাৰে ভৰা হ’ব। পাৰিবাৰিক সম্পৰ্কত চলি থকা উত্তেজনাৰ বাবে আপুনি সমস্যাত পৰিব। কিন্তু আৰ্থিক দৃষ্টিকোণেৰে আপোনাৰ দিনটো শক্তিশালী হ’ব। যাৰ বাবে আপুনি সন্তানৰ দায়িত্ব পূৰণ কৰিব পাৰিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাত চিন্তিত হ’ব। ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আগ্ৰহ থাকিব। সন্ধিয়া পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ শুনিব পাৰে।
শুভ ৰং : ক’লা
শুভ সংখ্যা : ১৮

বৃষ ৰাশি :
আজিৰ দিনটো আপোনাৰ বাবে স্ৱাভাৱিক হ’ব। ভাতৃ-ভগ্নীৰ সৈতে চলি থকা বিবাদত আন কাৰোবাৰ পৰা পৰামৰ্শ নল’ব। কৰ্মস্থলীত কোনো আপোনাক ভুল পৰামৰ্শ দিব পাৰে। জীৱনসংগীৰ সহযোগৰ ফলত আপোনাৰ সমস্যা পাতল হ’ব। চাকৰি কৰি থকা লোকসকলে আজি জ্যেষ্ঠজনৰ সৈতে বিতৰ্কত লিপ্ত নহ’ব। অন্যথা তেওঁৰ কাম বাধাপ্ৰাপ্ত হ’ব পাৰে। যদি কোনো বাদ-বিবাদৰ সৃষ্টি হয়, তেন্তে আপুনি ধৈৰ্য ধৰিব লাগিব, তেতিয়াহে তাৰ পৰা ওলাই আহিব পাৰিব। সন্ধিয়া পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে।
়শুভ ৰং : কমলা
শুভ সংখ্যা : ৯

মিথুন ৰাশি :
আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনাৰ দিনটো শক্তিশালী হ’ব। ইচ্ছা অনুসৰি লাভ অর্জন কৰাৰ পিছত আপুনি দৈনিক প্ৰয়োজন পূৰণ কৰাৰ বাবে কিছু টকা খৰচ কৰিব পাৰে। আজি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠা বাঢ়িব, কিন্তু আপুনি আপোনাৰ ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হ’ব লাগিব। সন্ধিয়া পৰিয়ালৰ কোনো সদস্যৰ পৰা উপহাৰ লাভ কৰি প্ৰসন্ন হ’ব। শিশুৱে আজি আপোনাৰ পৰা কোনো বস্তু বিচাৰিব পাৰে, যিটো আপুনি পূৰণ কৰিব। যদি মাতৃৰ সৈতে কোনো বিবাদ থাকে, নীৰৱ হৈ থকাই আপোনাৰ বাবে ভাল।
শুভ ৰং : ৰঙা
শুভ সংখ্যা : ১২

কৰ্কট ৰাশি :
স্বাস্থ্যৰ ফালৰ পৰা আজিৰ দিনটো কিছু নৰম হ’ব পাৰে, কিয়নো আপোনাৰ কোনো পুৰণি ৰোগ পুনৰ দেখা দিব পাৰে। আজি কোনো চৰকাৰী কামৰ বাবে বিষয়াক টকা দিব লাগিব পাৰে। যদি আপুনি পিতৃৰ সৈতে কোনো কথা আলোচনা কৰে তেন্তে তাৰ সমাধান বিচাৰি পাব। আৰ্থিক দিশত ৰিস্ক নল’ব, কিয়নো পিছত সেয়া ক্ষতিকাৰক হ’ব পাৰে। আপুনি সন্তানৰ কোনো সমস্যাক লৈ জীৱনসংগীৰ সৈতে আলোচনা কৰিব পাৰে। বিদ্যাৰ্থীসকলে পৰীক্ষাত আশা কৰা মতে ফল পাব।
শুভ ৰং : সেউজীয়া
শুভ সংখ্যা : ১৪

সিংহ ৰাশি :
আজি চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগ পাব, যাৰ বাবে আপুনি কাম সম্পন্ন কৰাত সফল হ’ব। কিন্তু কোনো বিষয়াই বাধা প্ৰদান কৰাৰ চেষ্টা চলাব। যদি আপোনাৰ ভগ্নীৰ বিয়াত কোনো বাধা আহিছে, তেন্তে পৰিয়ালৰ কোনো সদস্যৰ সহায়ত সমাধানসূত্ৰ উলিওৱাত সফল হ’ব। ৰাজনীতিৰ দিশত কৰা প্ৰয়াস সফল হ’ব, কিন্তু ব্যৱসায়িক সিদ্ধান্ত বিবেক-বুদ্ধিৰে লোৱা ভাল হ’ব। যদি আপুনি কাৰোবাৰ চলাহী কথাত ভোল যায় তেন্তে সমস্যাত পৰিব পােৰ। সন্ধিয়ালৈ বন্ধুৰ ঘৰলৈ যাব পাৰে।
শুভ ৰং : গ্ৰে’
শুভ সংখ্যা : ১৭

কন্যা ৰাশি :
আঝিৰ দিনটো আপোনাৰ বাবে সমস্যাৰে ভৰা হ’ব, কিয়নো স্বাস্থ্যৰ অৱনতিৰ বাবে কামত মন নবহিব। কিন্তু কৰ্মস্থলীত আপোনাৰ শত্ৰুৱে ইয়াৰ সুবিধা লোৱা চেষ্টা কৰিব, সাৱধান হোৱাৰ ফলত লাভ আপুনি পাব। আনৰ পৰামৰ্শ মতে আজি ধন বিনিয়োগ নকৰিব। আজি আপুনি ঘৰখন মেৰামতিৰ কথা ভাবিব পাৰে। সন্ধিয়াৰ সময়ত আপুনি পৰিয়ালৰ শিশুসকলৰ সৈতে আনন্দ কৰিব পাৰে আপোনাৰ মানসিক চিন্তা কিছু দূৰ হ’ব। চাকৰি কৰা লোকসকলে কামত গুৰুত্ব দিব লাগিব। আনৰ কামত দখল দিলে সমস্যাৰ সৃষ্টি হ’ব।
শুভ ৰং : বেঙুনীয়া
শুভ সংখ্যা : ৬

তুলা ৰাশি :
সামাজিক ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে আজিৰ দিনটো সুন্দৰ হ’ব। আজি আপোনাৰ সিদ্ধান্তক লৈ পৰিয়ালৰ পৰা সমালোচনাৰ সন্মুখীন হ’ব পাৰে। দাম্পত্য জীৱনত আজি আপুনি মনৰ কথা জীৱনসংগীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। বিদ্যাৰ্থীসকলে পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কোনো যাত্ৰালৈ যাব বিচাৰিছে যদি সাৱধানে যাওক, কিয়নো কোনো গুৰুত্বপূৰ্ণ নথি চুৰি হোৱাৰ ভয় আছে। আজি আপুনি পিতৃৰ সৈতে কোনো ব্যৱসায়ত বিনিয়োগৰ বিষয়ে আলোচনা কৰিব পাৰে।
শুভ ৰং : নীলা
শুভ সংখ্যা : ৩

বৃশ্চিক ৰাশি :
আজিৰ দিনটো আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমেেৰ ভৰা হ’ব। কোনো কাম সফল কৰাৰ বাবে পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে সফলতা প্ৰাপ্ত হ’ব। ঘৰৰ পৰা দূৰত থাকি কাম কৰা লোকসকলৰ ঘৰৰ কথা মনত পৰিব আৰু পৰিয়ালৰ লোকসকলক লগ কৰিবলৈ যাব পাৰে। আজি মানসিক চাপ কিছু বাঢ়িব। সন্তানক লৈ চিন্তা থাকিব। বিদেশলৈ আমদানি-ৰপ্তানিৰ ব্যৱসায় কৰা লোকসকলে আজি কোনো ভাল খবৰ পাব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ীসকলে আজি কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল’লে সফলতা আহিব।
শুভ ৰং : গুলপীয়া
শুভ সংখ্যা : ১

ধনু ৰাশি :
আজিৰ দিনটো সন্তুষ্টিৰে ভৰা হ’ব। বন্ধুৰ পৰা কোনো উপহাৰ পাব পাৰে। জীৱনসংগীৰ সৈতে চলি থকা বিবাদ শেষ হ’ব পাৰে। সন্তানৰ ভৱিষ্যতৰ বােব পৰিকল্পনা কৰিব পাৰে। মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব, কিয়নো পুৰণি ৰোগে পুনৰ আমনি কৰিব পাৰে। সন্তানৰ ধৰ্মীয় গতিবিধিৰ প্ৰতি আগ্ৰহী হোৱা দেখি প্ৰসন্ন হ’ব। ধৰ্মীয় কামত কিছু ধন খৰচ হ’ব। আজি বিদ্যাৰ্থীসকলে শিক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়ত পিতৃ-মাতৃৰ পৰামৰ্শ ল’ব লাগিব পাৰে।
শুভ ৰং : বাদামী
শুভ সংখ্যা : ৪

মকৰ ৰাশি :
আজিৰ দিনটো আপোনাৰ কিছু সমস্যা থাকিব। সন্তানক কোনো ভাল ক’ৰ্চত নামভৰ্তি কৰোৱাৰ বাবে দৌৰাদৌৰি কৰিব লাগিব। আৰ্থিক স্থিতি কিছু দুৰ্বল হ’ব। যদি কোনো সম্পত্তি বিক্ৰী কৰাৰ কথা ভাবিছে তেন্তে আইনী বিষয়টো নিজেই পৰীক্ষা কৰকষ। অন্যথা পিছত অনুতপ্ত হ’ব পাৰে। যিকোনো সমস্যাৰ বাবে ভাতৃৰ সাহায্য বিচাৰিব পাৰে। যিসকল লোকে বাজিত টকা লগাই তেওঁলোকৰ বােব আজিৰ দিনটো ভাল। কোনো ৰৈ থকা কাম সম্পূৰ্ণ কৰাত ব্যস্ত থাকিব।
শুভ ৰং : হালধীয়া
শুভ সংখ্যা : ২

কুম্ভ ৰাশি :
চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজিৰ দিনটো আনন্দদায়ক। আনৰ সহযোগ লোৱাৰ ফলত সফলতা আহিব। যদি আপুনি কাৰোবাক ধন বিনিয়োগ কৰাৰ কথা কয়, তেওঁ আপোনাক ভুল পৰামৰ্শ দিব পাৰে। জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক শুধৰণি হ’ব, কিন্তু আপুনি মনত কেৱল সাকাৰাত্মক চিন্তা ৰাখিব লাগিব। বিদ্যাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত পৰিকল্পনাৰে আগবাঢ়িব লাগিব, তেতিয়াহে সফলতা আহিব। আপুনি ধৰ্মীয় কামত কিছ টকা লগোৱাৰ বিষয়ে চিন্তা কৰিব পাৰে। পুৰণি ৰৈ থকা টকা হাতলৈ আহিব পাৰে।
শুভ ৰং : বগা
শুভ সংখ্যা : ১৫

মীন ৰাশি :
আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধি হ’ব। শহুৰৰ ঘৰৰ পৰা সন্মান পাব, কিন্তু খুলশালীৰ সৈতে বিবাদো হ’ব পাৰে। আজি জীৱনসংগীৰ স্বাস্থ্যক লৈ কিছু চিন্তিত হ’ব। সন্তানৰ ফালৰ পৰা ভাল খবৰ শুনিব পাৰে, কিয়নো বিদেশৰ পৰা চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে। যিসকল লোকে পৰিয়ালৰ কোনো সদস্যৰ ওপৰত চকু মুদি ভৰসা কৰে, তেওঁলোকে আজি সেই সদস্যৰ পৰা প্ৰতাৰিত হ’ব পাৰে। আজি আপুনি ধন ধাৰলৈ নল’ব কিয়নো সেয়া পৰিশোধ কৰা কঠিন হ’ব। সন্ধিয়া মাংগলিক অনুষ্ঠানত ভাগ ল’ব পােৰ।
শুভ ৰং : গুলপীয়া
শুভ সংখ্যা : ৭

You May Also Like

More From Author