কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত পৰ্যটন বৰ্ষত অভিলেখসংখ্যক পৰ্যটকৰ আগমন হৈছে৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ অনন্য জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে চলিত পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্যে যে ২০২৩ – ২৪ পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সূত্ৰত প্ৰকাশ৷ ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক৷
পৰ্যটকৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাওঁ বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷
বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী-বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল৷ যাৰ পৰিপ্ৰেক্ষিতত পুৰ্বৰ তুলনাত ২০২৩-২৪ পৰ্যটন বৰ্ষত ১২,৬৯৭জন দেশী-বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰি কাজিৰঙাই পুৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয়৷
কাজিৰঙাত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাত স্বাভাৱিকতে এতিয়া আনন্দিত হৈ পৰিছে পৰ্যটন উদ্যোগটোৰ লগত জড়িত লোকসকল। চলিত পৰ্যটন বৰ্ষৰ আৰম্ভণিৰ চাৰিটা মাহত পৰ্যটকৰ সংখ্যা কিছু হ্ৰাস হোৱাত চিন্তিত হৈ পৰিছিল কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ লগত প্ৰতিজন ব্যক্তি। পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পিছত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী আগমনৰ পিছতেই পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে বুলি মত প্ৰকাশ কৰিছে একাংশ পৰ্যটন উদ্যোগীয়ে। কা, কোৰোনাই বিধ্বস্ত কৰি যোৱা ৰাজ্যৰ পৰ্যটন উদ্যোগৰ বাবে ই নিশ্চয়কৈ এক আশাৰ বতৰা।
ইফালে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত দেশী-বিদেশী পৰ্যটকে প্রতিটো দিনেই লাভ কৰিছে ৰোমান্সকৰ অভিজ্ঞতা।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান সঘনাই বাঘ দেখাৰ সৌভাগ্য হৈছে পৰ্যটকৰ৷ শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত বাঘৰ খেল-ধেমালিৰ দৃশ্য বন্দী হোৱাৰ বিপৰীতে বাগৰী বনাঞ্চলত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে জীপছীৰ সমুখেদি পৰ্যটন পথ পাৰ হোৱাৰ দৃশ্য বন্দী কৰিবলৈ সক্ষম হয় টুৰিষ্ট গাইড আনাৰ হুছেইনে।