অসমবাসীৰ বাবে গৌৰৱ আৰু সুখবৰ! আৰুণি কাশ্যপলৈ হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ

1 min read

আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা ঘোষণা কৰে যে অসমীয়া লেখক সাহিত্যিক আৰুণি কাশ্যপলৈ চলিত বছৰৰ ৰেডক্লিফ ফেল’শ্বিপ প্ৰদান কৰা হৈছে ৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যলয়ৰ ৰেডক্লিফ ইন্ষ্টিটিউট অফ এডভান্চড্ ষ্টাডিয়ে প্ৰত্যেক বছৰে পৃথিৱীৰ প্ৰায় ৫০ জন নিজৰ ক্ষেত্ৰখনৰ আগৰণুৱা ব্যক্তিক এই সন্মান প্ৰদান কৰে ৷
যোৱা প্ৰায় সাত দশকযুৰি এই সন্মান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে প্ৰায় ১৫০০ ব্যক্তিক প্ৰদান কৰি আহিছে যদিও উপন্যাস-গল্প-কবিতাৰ শাখাত মাত্ৰ ৭৯-জন ব্যক্তিয়েহে এই সন্মান লাভ কৰিছে ৷ তাৰে ভিতৰত আছে নাইজিৰিয়াৰ বিস্ববিখ্যাত উপন্যাসিক আৰু মেক আৰ্থাৰ জিনিয়াচ সন্মান আৰু অৰেন্জ প্ৰাইজ ফৰ ৱিমেনচ্ ৰাইটিং বঁটা লাভ কৰা চিমানমান্দা এডিচি, পুলিটজাৰ প্ৰাইজ পোৱা কবি জেৰিক’ ব্ৰাইন, পুলিটজাৰ বঁটা লাভ কৰা উপন্যাসিক হুন’ত দিয়াজ, মেক আৰ্থাৰ জিনিয়াচ গ্ৰান্ট লাভ কৰা কিয়েসে লেম’ন, ৱিমেনচ্ প্ৰাইজ ফৰ ফিকচন বঁটা লাভ কৰা উপন্যাসিক টায়াৰি জ’নচ, ইত্যাদি ৷ হাৰ্ভাৰ্ড ৰেডক্লিফ ফেল’শ্বিপ এটা বিৰল সন্মান আৰু ই একো একোজন লেখকৰ কৰ্মজীৱনত সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলায় বুলি ধৰা হয় ৷ আৰুণি কাশ্যপ এই সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যক ৷

২০২৪ – ২০২৫ বৰ্ষত কাশ্যপে ৰেডক্লিফ ইন্ষ্টিটিউট অফ এডভান্চড্ স্টাডিত Carl and Lily Pforzheimer Foundation Fellow হিচাপে অসম আৰু আমেৰিকাৰ পটভূমিত এখন নতুন উপন্যাসৰ কামত ব্যস্ত থাকিব ৷ আৰুণি কাশ্যপৰ জন্ম ১৯৮৪-ত, শিলচৰত ৷ পেছাত অধ্যাপক, লেখক, কবি আৰু অনুবাদক। বৰ্ত্তমান যুক্তৰাস্ট্ৰৰ ইউনিভাৰচিটি অৱ জিঅ’ৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক আৰু ক্ৰিয়েটিভ ৰাইটিং(সৃজনীমূলক লিখনি) কাৰ্যক্ৰমৰ সঞ্চালক ৷ তেওঁ ইংৰাজী সাহিত্যৰ শিক্ষা লাভ কৰে দিল্লীৰ চেন্ট্ স্টিফেন্চ কলেজত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিনেচটা ৰাজ্যিক বিশ্ববিদ্যালয়ত ৷ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সমানে সাহিত্যচৰ্চা কৰা অতি কম লেখকৰ মাজৰ এজন ৷ সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত পেংগুইনৰ দ্বাৰা প্ৰকাশিত “দ্য হাউচ ৱিথ এ থাউজেন্ড স্টৰিজ“ শীৰ্ষক উপন্যাসখনৰ জৰিয়তে ২০১৩ চনত ইংৰাজী সাহিত্য জগতত আত্মপ্ৰকাশ কৰা আৰুণিয়ে অতি কম বয়সৰে পৰা ২০০১ চনৰে পৰা অসমীয়া ভাষাত সাহিত্য প্ৰকাশ কৰি আহিছে ৷ আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত প্ৰথম অসমীয়া গল্প প্ৰচাৰ হোৱাৰ পাছত আৰুণিৰ গল্প, প্ৰবন্ধ আৰু উপন্যাস “সাতসৰী”, “সাদিন”, “আমাৰ অসম” আদি অসমীয়া ভাষাৰ আলোচনী, সাপ্তাহিকী আৰু কাকতত নিয়মিত প্ৰকাশ হৈ আহিছে ৷ তাৰোপৰি আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয়

কাকত-আলোচনী যেনে “দ্য নিউ য়ৰ্ক টাইমচ,” “দ্য গাৰ্ডিয়ান,” “দ্য হিন্দু,” “কেনিয়ন ৰিভিউ,” “দ্য বস্টন ৰিভিউ” ইত্যাদিত নানান বিষয়ৰ প্ৰবন্ধ-গল্প প্ৰকাশ পাইছে ৷ কেইবাখনো অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত গ্ৰন্থৰ লেখক আৰুণি কাশ্যপে ইতিমধ্যে কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছে বা তাৰ বাবে মনোনীত হৈছে ৷ ২০২২-ত তেওঁ লাভ কৰে ইউনিভাৰচিটি অৱ জিঅ’ৰ্জিয়াৰ হিউমেনিটিজ আৰু আৰ্টচ্ প্ৰগামৰ ফেকাল্টি ৰিচাৰ্চ গ্ৰান্ট ৷ সাম্প্ৰতিক অসম আৰু ভাৰতৰ পটভূমিত এখন উপন্যাস লিখিবৰ বাবে পায় জিঅ’ৰ্জিয়াৰ ৱিলচন চেন্টাৰৰ পৰা আৰ্টচ লেব ফেকাল্টি ফেল’শ্বিপ ৷ ২০১৮ চনত স্বাধীনোত্তৰ অসমৰ ঘটনা প্ৰবাহৰ আলম লৈ লিখা তেওঁৰ কবিতা সংকলন “দেয়াৰ ইজ ন’ গুড টাইম ফৰ বেড নিউজ”-ৰ বাবে মাৰ্ক হক প্ৰেচ প’য়েট্ৰী প্ৰাইজ আৰু ফ’ৰৱে বুকস লেভিচ প্ৰাইজ ফৰ প’য়েট্ৰী আদিৰ দৰে ৰাষ্ট্ৰীয় বঁটাৰ বাবে মনোনীত হৈছিল ৷ ২০২২ বৰ্ষত একেই সংকলনখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ জিঅ’ৰ্জিয়া লেখক বঁটাৰ বাবেও মনোনীত হৈছিল ৷ ২০০৯ চনত তেওঁ চাৰ্লচ ৱালাচ ইন্ডিয়া ট্ৰাস্ট পুৰস্কাৰ লাভ কৰিছিল আৰু এডিনবাৰা বিস্ববিদ্যলয়লৈ পঢ়িবলৈ যাবলৈ সুবিধা লাভ কৰিছিল ৷ গুৱাহাটীত ডাঙৰ হোৱা আৰুণি বৰ্তমান আমেৰিকাৰ এথেন্স চহৰত বাস কৰে আৰু গৰমকালি কটায় ডিমৰীয়াৰ, সোনাপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত তেতেলীগুৰি গাঁৱত ৷

২০১৯ চনত ভাৰতত প্ৰকাশ পোৱা আৰুণি কাশ্যপৰ “হিস ফাদাৰ্চ দিজিজ” শীৰ্ষক গল্প সংকলনখন ইতিমধ্যে দেশে-বিদেশে সমাদৃত হৈছে ৷ ভাৰতীয় সংস্কৰণে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰাৰ পাছত লণ্ডণৰ বৃটিছ প্ৰকাশক ফ্লিপত আয়-এ ইয়াৰ বৃটিছ স্বত্ব ক্ৰয় কৰি ২০২১ চনত নতুন বেটুপাতেৰে এটা বৃটিছ সংস্কৰণ প্ৰকাশ কৰি উলিয়ায় ৷ এই সংস্কৰণটো লণ্ডণৰ বজাৰত ওলোৱাৰ লগে লগে বি.বি.চি.য়ে আৰুণিৰ সাক্ষাতকাৰ লৈছিল য’ত তেওঁ সংকলখনৰ বিষয়ে আলোচনা কৰাৰ উপৰিও অসমীয়া সাহিত্যই তেওঁক কেনেদৰে সৰুৰেপৰা অনুপ্ৰাণিত কৰিছিল সেই কথা আলোচনা কৰিছিল ৷ আৰুণিয়ে মন্তব্য কৰিছিল যে ভাৰতীয়-ইংৰাজী সাহিত্যৰ বেছিভাগেই তেওঁক আকৰ্ষিত কৰিবলৈ অক্ষম হৈছিল বৰঞ্চ আফ্ৰিকীয়-আমেৰিকান সাহিত্যিক, আমেৰিকাৰ জনজাতীয় উপন্যাসিক বা আফ্ৰিকাৰ উত্তৰ ঔপনিবেশিক সাহিত্যিক সকল, যিবোৰে নিজৰ কলমৰ যোগেদি ৰাজনৈতিক ধৰ্মী সাহিত্য সৃষ্টি কৰি সমাজত গনতান্ত্ৰিক প্ৰমূল্য বৰ্তাই ৰখাৰ বাবে অহোপুৰুষাৰ্থ কৰে, তেনেধৰণৰ লেখকসকলৰ প্ৰতিহে তেওঁ আকৃষ্ট ৷ ভাৰতীয়-ইংৰাজী সাহিত্যৰ বেছিভাগৰে মাজত এনে ৰাজনৈতিক সচেতনতা নাই বুলি আৰুণিয়ে মন্তব্য কৰিছিল ৷

লণ্ডণৰ “ইস্টাৰ্ণ আই“ কাকতখনে আৰুণিৰ গল্প সংকলনখনৰ বিষয়ে আলোচনা কৰি কৈছিল যে অসম আৰু আমেৰিকাৰ পটভূমিত ৰচিত, ৰাষ্ট্ৰ-সন্ত্ৰাস আৰু মানৱাধিকাৰ উলংঘনৰ ঘটনাক আলম কৰি লোৱা কাহিনীবোৰে যেন কোনোবাই ইমানদিন গাপ দি থকা ভাৰতৰ এক নতুন প্ৰতিচ্ছবি পৃথিৱীৰ সাহিত্যপ্ৰেমীৰ মাজত চিনাকি কৰি দিছে, “Aruni Kashyap’s book shows India’s hidden side.” ৷ ইতিমধ্যে আমেৰিকা, চিংগাপুৰ, মালয়েচিয়া আৰু প’লেণ্ডত প্ৰকাশৰ বাবে বিভিন্ন বিদেশী প্ৰকাশন গোষ্ঠীয়ে আৰুণিৰ কিতাপখনৰ স্বত্ব ক্ৰয় কৰিছে ৷ “ফ্ল’ৰিডা ৰিভিউ“ নামৰ আলোচনীখনত আৰুণিৰ সাহিত্যকৃতি আলোচনা কৰি মাৰ্কিন সমালোচক এজনে লিখিছে, “[Aruni Kashyap is] one of India’s rising literary voices.” কিতাপখনৰ পঢ়ি অমিতাভ ঘোষে টুইটাৰত লিখিছে, “a collection of poignant, finely crafted stories set against the backdrop of the violence that has racked north-eastern India.”

You May Also Like

More From Author