হিন্দু ধৰ্মত কেদাৰনাথ ধামৰ বিশেষ গুৰুত্ব আছে। এই স্থানক ১২ টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম গণ্য কৰা হয়। কেদাৰনাথক শিৱৰ বাসস্থান বুলি গণ্য কৰা হয়। পুৰাণত থকা অনুসৰি ভগবান শিৱই ইয়াত বাস কৰে। প্ৰতিবছৰেই হাজাৰ হাজাৰ ভক্ত কেদাৰানথলৈ আহে ভোলানাথৰ দৰ্শনৰ বাবে। এই পবিত্ৰ স্থানৰ লগত জড়িত বহু কাহিনী আছে। মহাভাৰতত কেদাৰনাথ ধামৰ লগত জড়িত কাহিনী আছে। কেদাৰনাথ মন্দিৰ কেনেকৈ নিৰ্মাণ কৰা হৈছিল সেই কথাও উল্লেখ আছে।
ধৰ্মীয় গ্ৰন্থ অনুসৰি পাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰে মহাভাৰতৰ যুদ্ধ জয় কৰাৰ পাছত হস্তিনাপুৰৰ ৰজা হয়। চাৰি দশক ধৰি তেওঁ হস্তিনাপুৰত ৰাজত্ব কৰিছিল। এদিন পাণ্ডৱ আৰু ভগৱান শ্ৰীকৃষ্ণই মহাভাৰত যুদ্ধৰ বিষয়ে আলোচনা কৰি আছিল। এই সময়ত পঞ্চপাণ্ডৱ ভগৱান শ্ৰীকৃষ্ণক ক’লে, ‘হে প্ৰভু, আমাৰ ৫ ভাতৃৰেই নিজৰ ভাই-ভনীক হত্যা কৰাৰ কলংক আছে। এই কলংকৰ পৰা কেনেকৈ মুক্তি পাম? ভগৱান শ্ৰীকৃষ্ণই তেতিয়া কয়, ‘মহাভাৰতৰ যুদ্ধত জয়ী হৈছে কিন্তু ভাই-ভনীক হত্যা কৰাৰ বাবেই আপোনালোক পাপৰ অংশ হৈ পৰিছে। কেৱল ভগৱান শিৱইহে আপোনালোকক এই পাপৰ পৰা মুক্ত কৰিব পাৰে। এই বুলি কৈ শ্ৰীকৃষ্ণ তাৰ পৰা গুচি গ’ল। শ্ৰীকৃষ্ণৰ উপদেশ মানি পাণ্ডৱসকলে মহাদেৱক বিচাৰি হিমালয় পাইগৈ।
পাঁচজন পাণ্ডৱ আৰু দ্ৰৌপদীয়ে ভগৱান মহাদেৱক লগ কৰিবলৈ ব্যাকুল হৈ পৰিছিল। তেওঁ প্ৰথমে পাণ্ডৱকাশী পালেগৈ কিন্তু তাত শিৱক পোৱা নগ’ল। ইয়াৰ পিছত পাণ্ডৱসকল বহু ঠাইলৈ গৈছিল যদিও ভগৱান শিৱই তেওঁলোক পোৱাৰ আগতেই গুচি গৈছিল। এদিন পাণ্ডৱ আৰু দ্ৰৌপদীয়ে ভোলেনাথৰ সন্ধানত হিমালয় পালেগৈ। ভোলেনাথে পাণ্ডৱক দেখাৰ লগে লগে তেওঁ লুকাই থাকিল কিন্তু যুধিষ্ঠিৰে দেখিলে। তেওঁ ভগৱান শিৱক ক’লে, ‘হে প্ৰভু, আমি আপোনাক নেদেখাকৈ ইয়াৰ পৰা ওলাই নাযাওঁ। আমি ভালদৰে জানো যে আমি পাপ কৰিলোঁ। সেইবাবেই আপুনি আমাৰ পৰা লুকাই আছে।’ যুধিষ্ঠিৰৰ এই কথাই তেওঁক মোহিত কৰিলে আৰু লগে লগেই ওলাই আহি পাণ্ডৱসকলক পাপৰ পৰা মুক্ত কৰিলে।
ইয়াৰ পিছত পাণ্ডৱসকলে মহাদেৱক লগ কৰিবলৈ আগবাঢ়ি যাবলৈ ধৰিলে কিন্তু একে সময়তে এটা ম’হে তেওঁলোকক আক্ৰমণ কৰিলে। সেই ম’হটোৰ লগত ভীমে কাজিয়া কৰিবলৈ ধৰিলে। তেতিয়া ম’হটোৱে শিলটোত মূৰটো লুকুৱাই ৰাখিলে। ভীমে যেতিয়া ম’হটোক শিলৰ পৰা উলিয়াই আনিবলৈ তাৰ ঠেঙত ধৰি টানিলে, তেতিয়া ইয়াৰ পিছত ম’হটোৰ ধড় শিৱলিং হৈ পৰিল আৰু তাৰ পৰা ভগৱান মহাদেৱৰ আবিৰ্ভাৱ হ’ল। ভোলেনাথে পাণ্ডৱসকলক সকলো পাপৰ পৰা মুক্ত কৰিলে।
ভগৱান শিৱক সন্মুখত দেখি পাণ্ডৱসকলে প্ৰণাম জনাই ভুলৰ বাবে ক্ষমা খুজিলে। ইয়াৰ পিছত ভগৱান শিৱই পাণ্ডৱসকলক স্বৰ্গৰ পথ দেখুওৱাই অদৃশ্য হৈ পৰিল। ইয়াৰ পিছত পাণ্ডৱসকলে শিৱলিংগক পূজা কৰিছিল। সেই শিৱলিংগই কেদাৰনাথ ধাম বুলি জনা যায়।