দৰা ৭০ বছৰীয়া, কইনা ৫০ বছৰীয়া, মৰিগাঁৱৰ মিকিৰভেটাত সমূহীয়া বিবাহত উলহ-মালহ পৰিৱেশ

1 min read

কথাতে কয় জন্ম, মৃত্যু¸ বিবাহ হেনো ভগৱানৰ হাতত। এখন গাঁৱত এইবাৰ কিন্তু ৰাইজে পাতিলে একেলগে ১২ গৰাকী দৰা আৰু ১২ গৰাকী কইনাৰ  বিয়া। এখন ৰভাৰ তলতে একেলগে মাহ-হালধি সানিলে ১২ যোৰাকৈ দৰা- কইনাক। মৰিগাঁৱৰ মিকিৰভেটা ডেকাৰ  গাঁৱৰ ৰাইজৰ মহানুভৱতা। গাঁওখনৰ ৰাইজৰ সৌজ্যনত অনুষ্ঠিত হ’ল সমূহীয়া বিবাহ অনুষ্ঠান।

মিকিৰভেটা ডেকা গাঁৱত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে শুক্ৰবাৰে। সোণাই নদীত ঢোলে-ডগৰে পানী তুলি, মাহ হালধিৰে নোৱালে ১২ যোৰাকৈ দৰা-কইনাক। বিবাহৰ সম্পূৰ্ণ মাংগলিক ৰীতি-নীতি, পৰম্পৰাৰে মিকিৰভেটা ডেকা গাঁৱৰ নামঘৰত ধুমধামৰে সত্তৰ বছৰৰ পৰা ২১ বছৰীয়া দৰাৰে ৫০ উৰ্দ্ধৰ পৰা ২০ বছৰীয়া কইনাৰে সামাজিকভাৱে অনুষ্ঠিত হ’ল সামূহিক বিবাহ।

কোনোবাই যদি প্ৰেম কৰি ইজনে-সিজনক আপোন কৰিছিল¸ আন কোনোৱে আকৌ হঠাৎ ভাল লাগিয়ে আপোন কৰিছিল প্ৰিয়জনক। কিন্তু কিছু ঘৰুৱা আৰু আৰ্থিক অসুবিধাৰ বাবে বৈবাহিক ৰীতি-নীতি¸ পৰম্পৰাৰে বিয়াৰ মাংগলিক কাৰ্যসূচী সম্পন্ন হোৱা নাছিল। অৱশেষত গাঁৱৰ ৰাইজে হোমৰ অগ্নিক  সাক্ষী কৰি এখন ৰভাৰ তলতে ১২ যোৰাকৈ দৰা-কইনাক মৰিগাঁও মিকিৰভেটা ডেকাৰ গাঁও নামঘৰত পাতি দিলে বিয়া। গাঁওখনৰ ৰাইজৰ এই পদক্ষেপক শলাগিছে সকলোৱে।

You May Also Like

More From Author