নিউজ ব্যুৰ’,নগাঁও,৩মে’:–নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমপ্ৰান্তৰ নিজ হাতীচোং দীঘলিপাৰত অহা ৪ মে’ত দিনজোৰাকৈ ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নিজ হাতীচোং দীঘলিপাৰৰ দিবা সাংস্কৃতিক গোষ্ঠী তথা যুৱক-যুৱতীৰ উদ্যোগত দীঘলিপাৰ নামঘৰৰ বাকৰিত আয়োজিত ৰঙালী বিহু কাৰ্যসূচীৰ অংশৰূপে পুৱা বন্তি প্ৰজ্বলন,ছহিদ তৰ্পণ আৰু বৃক্ষৰোপণৰ অন্তত পতাকা উত্তোলন কৰা হ’ব। ইয়াৰ পাছতে দিনৰ ভাগত কেইবাটাও শাখাত চিত্ৰাংকন, কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়ালৈ অঞ্চলৰ শিশু,কিশোৰ, যুৱক-যুৱতীৰদ্বাৰা গীত-নৃত্য প্ৰদৰ্শন, আমন্ত্ৰিত বিহু দলৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন আৰু কৌতুক গোষ্ঠী পি বি ক্ৰিয়েচনদ্বাৰা কৌতুক অনুষ্ঠান পৰিবেশন কৰা হ’ব বুলি উদ্যোক্তাই জনাইছে । নিশালৈ আমন্ত্ৰিত কণ্ঠশিল্পী সপ্তৰ্ষি বৰা আৰু ৰাশি প্ৰিয়াৰ সংগীতানুষ্ঠান সম্পন্ন হ’ব বুলি উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক মনোৰঞ্জন বৰাই জানিবলৈ দিছে ।
ইপিনে কৰছুং সত্ৰ ৰাস মন্দিৰত ৪ আৰু ৫ মে’ত দুদিনীয়াকৈ সপ্তদশ তম সোণাইপৰীয়া ৰঙালী বিহু উৎসৱৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী মতে ৪ মে’ত পুৱা ৯ বজাত উদযাপন সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতে ১০ বজাৰ পৰা কবিতা আবৃত্তি,চিত্ৰাংকন, আকস্মিক বক্তৃতা,সাধুকথা কোৱা, ভেশচন প্ৰতিযোগিতা,দিনৰ ২ বজাৰ পৰা জিলা ভিত্তিত জেং বিহু আৰু বিয়লি ৪বজাৰ পৰা মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। মুকলি কুইজ পৰিচালনা কৰিব সাংবাদিক তথা কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই। ৫ মে’ত উৰুলি,বিয়া নাম,জাতীয় সাজ- পাৰ প্ৰতিযোগিতাৰ পিছতে সন্ধিয়া ৮ বজাৰ পৰা গীত-মাত নৃত্যৰ সমাাহাৰেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়া আৰু “বেহাৰবাৰী আউট প’ষ্ট”ৰ মুকুতাৰ কৌতুক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে জনোৱা মতে সোণাইপৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা এইবছৰৰ পৰা প্ৰথমবছৰৰ বাবে ঘোষণা কৰা হৈছে সোণাইপৰীয়া “জন হিতৈষী বঁটা”। এইবাৰ বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট সমাজ সেৱক ড° অসীম কুমাৰ দাসক। সোণাইপৰীয়া ৰঙালী বিহু উৎসৱৰ উদযাপন সমিতিয়ে সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও