প্ৰেমৰ কথাই হওক বা অন্য কোনো আৱেগৰ বিষয় হওক সকলোতে আমি হৃদয়ৰ সংযোগ আছে বুলি ভাৱো৷ হৃদয়ত আঘাত পালেই কান্দোন ওলাই আৰু যদি কোনোবা আপোনজনে মৰমেৰে সামৰি লয় তেন্তে হৃদয়খন সুখী হৈ পৰে বুলি আমাৰ সচৰাচৰ ধাৰণা৷ কিন্তু বিজ্ঞানসন্মতভাৱে প্ৰেম, কিম্বা আৱেগ আদি বিষয়ৰ হৃদয়ৰ সৈতে কোনো সম্পৰ্ক নাই৷ আমাৰ সকলো আৱেগ মগজুৰ সৈতে সম্পৰ্কিত, মগজুৰ পৰা ওলোৱা বিশেষ হৰমনেহে আমাৰ মনত আৱেগৰ সৃষ্টি কৰে৷
হৃদযন্ত্ৰৰ কাম প্ৰেম কৰা নহয়
হৃদযন্ত্ৰৰ প্ৰধান কাম হৈছে শৰীৰত তেজ প্ৰবাহিত কৰা৷ হৃদযন্ত্ৰই এটা পাম্পৰ দৰে কাম কৰে৷ পাম্পিং সঠিক থকালৈকে সঠিকভাৱে শৰীৰত তেজৰ চলাচল হৈ থাকে আৰু হৃদক্ৰিয়া বন্ধ হ’লেই শৰীৰত ৰক্ত সঞ্চালন বন্ধ হৈ মানুহ এজনৰ মৃত্যু হয়৷ ইয়াৰ সৈতে প্ৰেম, আৱেগ আদি জড়িত হৈ থকাৰ প্ৰশ্নই নাহে৷
মানুহ কিয় প্ৰেমত পৰে?
এজন ব্যক্তিৰ মনত আৱেগ বা প্ৰেমভাৱ জাগি উঠাৰ প্ৰধান কাৰণ হৈছে শৰীৰত নিসৰিত হোৱা অক্সিটছিন হৰমন৷ অক্সিটছিন হৰমনৰ বাবেই এজন মানুহৰ মনত আৱেগে দোলা দি থাকে৷ এই হৰমন পিটুইটাৰি গ্ৰন্থিৰ পৰা নিসৰিত হয়, যিয়ে মস্কিষ্কৰ হাইপোথেলামাছৰ তলৰ অংশলৈকে থাকে৷ প্ৰেমত পৰা অন্তৰংগ সম্পৰ্ক গঢ়া সকলোবোৰ অক্সিটছিন হৰমনৰ বাবেই হয়৷ জীৱবিজ্ঞানত এই কথা উল্লেখ আছে৷ এই হৰমন মানুহৰ শৰীৰত জন্মগতভাৱেই থাকে৷