মহৌষধি নিমপাত, কি কি বেমাৰত ভাল, কিদৰে কৰিব ব্যৱহাৰ
আজি কালি দিনত ভুল খাদ্যাভ্যাসৰ বাবে প্ৰায় সকলো বয়সৰ লোকেই বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। ডাইবেটিছৰ দৰে ৰোগো হোৱা পৰলক্ষিত হৈছে বহু ক্ষেত্ৰত। যাৰ বাবে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নিয়মিত নিমপাত খাব পাৰে। ই আপোনাক বহু বেমাৰৰ পৰা আঁতৰাই ৰাখিব।
শেহতীয়া এক গৱেষণাত প্ৰমাণ হোৱা অনুসৰি, নিম পাত ডায়েবেটিক প্ৰতিৰোধী গুণাগুণৰে সমৃদ্ধ। এই গুণাগুণবোৰে পেশী কোষবোৰত গ্লুুক’জৰ স্তৰ বৃদ্ধি কৰাত ইনচুলিনক সহায় কৰে।
তদুপৰি, নিম পাত খোৱাৰ ফলত শৰীৰত গ্লুুক’জৰ স্তৰ নিয়ন্ত্ৰণত থাকে। আনহাতে, নিম পাতত গ্লাইকোচাইড, ট্ৰাইটাৰপেনইড, এণ্টিঅক্সিডেণ্ট, ফ্লেভোনইড, এণ্টিমাইক্ৰোবাইল, এণ্টিডায়েবেটিক আৰু প্ৰদাহ-প্ৰতিৰোধী গুণ থাকে। এই সকলোবোৰ পুষ্টিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
আৰু কি কি গুণ আছে নিমপাতৰ-
১) নিমৰ পাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি বুলি কোৱা হয়।
২) নিমপাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে বুলি কোৱা হয়।
৩) বহুতো চিকিৎসকৰ মতে নিমৰ কোমল পাতৰ গুড়ি ৫ গ্রাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্রতিৰোধ হয়।
৪) জণ্ডিছ আৰু বহুমূত্র ৰোগত নিমপাতৰ ৰস খালে বা নিমপাতৰ আঞ্জা খালে সুফল পোৱা যায়।
৫) মহানিমৰ পাত সিজাই চেঁচা হ’লে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়, চুলিবোৰ ভাল হয়, মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।
৬) সকলো প্রকাৰৰ খৰ-খজুৱটি, ছালৰ ৰোগ, ফোহাপবাতিয়া আদি ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা প্রৰিত্রাণ পোৱা যায়।
৭) মহানিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়।
৮) সকলো প্রকাৰৰ জ্বৰ, কাহ কফ আদিৰ পৰা প্রৰিত্রাণ পাবলৈ মহানিম পাতৰ আঞ্জা ব্যৱহাৰ কৰাটো উচিত।
৯) তেজ বমি হ’লে বা এনে বদহজম হৈ বমি হ’লে নিম পাতৰ ৰস খালে বন্ধ হয়।
১০) যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ’লে নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায়।
১১) দাঁত উজ্জল আৰু ভাল হয়, দাঁতৰ সৌন্দৰ্য্য বাঢ়ে।
১২) মূৰত ওকণি হ’লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়।
১৩) নিমগছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ ৰোগ যেনে- পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা, এই বোৰ নহয়।
১৪) নিমৰ গুটি বা পাত চূর্ণ কৰি খালে কৃ্মি,বাত, অর্শ, কুষ্ঠ বাতৰক্ত আৰু প্রমেহ ৰোগ নিৰাময় কৰিব পাৰে।
নিমপাত কিদৰে খাব –
ৰাতিপুৱা খালী পেটত নিম পাত খোৱাটো বৰ উপকাৰী। ইয়াৰ বাহিৰেও, ঔষধি গুণ লাভ কৰিবলৈ আপুনি নিম পাত কেঁচাকৈ চোবাব।
আপুনি নিম পাতৰ পৰা প্ৰস্তুত কৰা পানীও খাব পাৰে।এই পানী প্ৰস্তুত কৰিবলৈ পানীত অলপ নিম পাত উতলাব।নিম পাতখিনি কোমল আৰু পানীখিনি গাঢ় হ’লে গেছটো বন্ধ কৰিব।পানীখিনি ঠাণ্ডা হ’লে ছেকিনিৰে ছেকি এটা পাত্ৰত ৰাখি দিনত দুবাৰকৈ এই পানী খাব।
আপুনি নিম পাতৰ পৰা প্ৰস্তুত কৰা পাউডাৰো খাব পাৰে। পানীত ১ চাহ চামুচ এই পাউডাৰ মিহলি কৰি আপুনি দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰৰ আধা ঘণ্টা পূৰ্বে খাব।