নগাঁৱৰ কামপুৰৰ গাৰোখুন্দাৰ পূৱ গৰুবাট হৰিটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা সভা

1 min read

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ কামপুৰৰ গাৰোখুন্দাস্থিত পূৱ গৰুবাট হৰিটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে কপিলীৰ পাৰত সুনাম অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নোমল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি সম্বৰ্ধনা সভা । শিক্ষক টুলুমনি বৰা আৰু অঞ্জন কুমাৰ বৰাই আঁত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বগাধৰ বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক মোহন শইকীয়া প্ৰমুখ্যে সমূহ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে । কৃৰ্তী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰি প্ৰধান শিক্ষক নন্দেশ্বৰ বৰুৱাই ভাষণ প্ৰসংগত ছাত্র-ছাত্ৰীসকলক কয় যে দৃঢ় মনোবল আৰু কঠোৰ একাগ্ৰতাৰে পথৰ বাধা নেওচি সফলতাৰ চূড়ান্ত শিখৰত উপনীত হ’ব পাৰি। সভাপতিৰ ভাষণত পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে ছাত্র-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি পিতৃ মাতৃ তথা শিক্ষাগুৰুৰ সপোনবোৰ যাতে বাস্তৱায়িত হয় তাৰ বাবে বদ্ধপৰিকৰ হ’বলৈ আহ্বান জনায় । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author