আঠ বছৰীয়া নাবালিকাক ধর্ষণ : গ্রেপ্তাৰ বিদ্যালয়ৰ মালিক

1 min read

 

মধ্যপ্রদেশৰ ভূপালৰ এখন বিখ্যাত বেচৰকাৰী স্কুলৰ হোষ্টেলত আঠ বছৰীয়া নাবালিকাক ধর্ষণৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ প্রায় দুসপ্তাহ পিছত এই ঘটনাৰ অভিযোগ দাখিল কৰা হয় আৰক্ষীৰ ওচৰত৷ আৰক্ষীয়ে তদন্তত নামি গ্রেপ্তাৰ কৰিছে বিদ্যালয়খনৰ মালিকক৷ ইয়াৰ লগতে নির্যাতিতাৰ পৰিয়ালক গোচৰ তুলি ল’বলৈ বিভিন্ন ধৰণে চাপ দিয়াৰ অভিযোগত স্থানীয় থানাৰ উপ–পৰিদর্শক এগৰাকীকো গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি নির্যাতিতা ছাত্রীগৰাকী বিদ্যালয়খনৰ দ্বিতীয় শ্রেণীত অধ্যয়ন কৰি আছিল৷ অভিযোগ অনুসৰি খাদ্যৰ সৈতে নিচাযুক্ত দ্রব্য মিহলি কৰি সংজ্ঞাহীন কৰা হয় ছাত্রীগৰাকীক৷ তাৰ পিছত ছাত্রীগৰাকীক যৌন নির্যাতন চলায় বিদ্যালয়ৰ মালিকে৷ ইয়াৰ কেইদিনমান পিছত নিজ কন্যাৰ খবৰ ল’বলৈ আহি পিতৃ–মাতৃয়ে সকলো কথা জানিবলৈ সক্ষম হয়৷ যোৱা ৩০ এপ্রিলত আৰক্ষীক প্রথম অভিযোগ দিয়া হৈছিল যদিও আৰক্ষীয়ে পৰিয়ালটোক অভিযোগ উঠাই ল’বলৈ হেঁচা প্রয়োগ কৰি আহিছিল৷

 

You May Also Like

More From Author