গৰমৰ দিনত জনপ্ৰিয় ফল হ’ব তৰমুজ। বহুতেই তৰমুজৰ সৈতে ইয়াৰ বীজো খায় থয়। কিন্তু ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নে উপকাৰী?
সঁচাকৈ তৰমুজৰ বীজ খোৱা নিৰাপদনে? ইয়াৰ ফলত কিবা ক্ষতি হয় নেকি শৰীৰৰ?
বগা বীজ পোৱা যায় বীজহীন তৰমুজত। আচলতে সেইবোৰ বীজৰ খোলা। এইবোৰ নিৰাপদ। আনহাতে, ক’লা বীজ সাধাৰণ তৰমুজত পোৱা যায়। সেইবোৰ পৰিপক্ক, কিন্তু খালে কোনো ক্ষতি নহয়। অদ্ৰৱণীয় ফাইবাৰ হিচাপে শৰীৰ মাজেৰে যায়।
কিছু উপকাৰিতাও আছে এইবোৰৰ। সৰু আকাৰ হোৱা সত্ত্বেও তৰমুজৰ বীজ পুষ্টিৰে ভৰপূৰ। আইৰন, ফোলেট আৰু নিয়াছিনৰ দৰে পুষ্টিৰে সমৃদ্ধ।
যিসকলৰ হজম শক্তি দুৰ্বল তেওঁলোকে অতিৰিক্ত বীজ খোৱাৰ ফলত কোষ্ঠকাঠিন্যত ভুগিব পাৰে। যদিও তৰমুজৰ বীজ খোৱা সাধাৰণতে নিৰাপদ, কিন্তু অতিৰিক্ত খালে হজমত সমস্যা হ’ব পাৰে। উচ্চ অদ্ৰৱণীয় ফাইবাৰ হজম ক্ষমতাক লেহেমীয়া কৰি দিব পাৰে।
কিন্তু ইয়াৰ পুষ্টিগুণ কি? তৰমুজৰ বীজত মেগনেছিয়ামৰ দৰে প্ৰয়োজনীয় পুষ্টি উপাদান আছে যি শৰীৰৰ বিভিন্ন কামৰ বাবে গুৰুত্বপূৰ্ণ। লাইকোপিনৰ দৰে এণ্টিঅক্সিডেণ্টৰ উপস্থিতিৰ বাবে হাৰ্টৰ যতন লয়। কেন্সাৰ প্ৰতিৰোধসহ বহু স্বাস্থ্য সুবিধা প্ৰদান কৰে।