দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী ৰকিবুল, ৰকিবুল হুছেইনক নায়ক আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

1 min read

বহু উৎকণ্ঠাৰ অন্তত অৱশেষত মঙলবাৰে ঘোষণা হ’ল দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল। ঘোষণা কৰা হ’ল অসমৰো ১৪টা লোকসভা সমষ্টিৰ ফলাফল। AIUDFৰ বদৰুদ্দিন আজমলৰ দূৰ্গৰূপে পৰিচিত ধুবুৰী লোকসভা সমষ্টিত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰে। আনহাতে, ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ মূল প্ৰতিদ্বন্দ্বী AIUDFৰ মঃ বদৰুদ্দিন আজমলে লাভ কৰে ৪,৫৯,৪০৯টা ভোট আৰু অগপৰ জাবেদ ইছলামে ৪,৩৮,৫৯৪টা ভোট লাভ কৰে।

উল্লেখযোগ্য যে, ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা প্ৰাৰ্থীৰ তালিকাত ভাৰতৰ ভিতৰতে প্ৰথম স্থানত থকাক লৈ বৰ্তমান চৌদিশে চৰ্চিত হৈছে। এই তালিকাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ ব্যৱধানেৰে শীৰ্ষত থকাৰ বিপৰীতে মধ্য প্ৰদেশৰ ইন্দোৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থী শংকৰ লালৱানীয়ে ১২,২৬,৭৫১টা ভোট লাভ কৰি ১০,০৮,০৭৭টা ভোটেৰে দ্বিতীয় স্থানত আছে। মধ্য প্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থী শিৱৰাজ সিং চৌহানে ১১,১৬,৪৬০টা ভোট লাভ কৰি ৮,২১,৪০৮টা ভোটৰ ব্যৱধানেৰে তৃতীয় স্থানত থকাৰ বিপৰীতে গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা জয় লাভ কৰা বিজেপিৰ প্ৰাৰ্থী অমিত শ্বাহে ১০,১০,৯৭২টা ভোট লাভ কৰি ৭,৪৪,৭১৬টা ভোটৰ ব্যৱধানেৰে চতুৰ্থ স্থানত আছে।

উল্লেখযোগ্য যে, মঙলবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে সন্ধ্যা বাজপেয়ী ভৱনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁৰ ভাষণ প্ৰসংগত কয় যে, “আজিৰ দিনটোৰ নায়ক ৰকিবুল হুছেইন। গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনৰ কথা আলোচনা কৰক।”

মঙলবাৰে নিশা ধুবুৰী জিলা আয়ুক্তৰ পৰা আনুষ্ঠানিকভাৱে বিজয়ীৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰে ৰকিবুল হুছেইনে। পুত্ৰ, পত্নী আৰু দলীয় বিধায়কসকলক লগত লৈ বিজয়ীৰ প্ৰমাণ পত্ৰ সংগ্ৰহ ৰকিবুলে। ৰকিবুল হুছেইনৰ ধুবুৰীত এই বিজয়ে AIUDFৰ ভবিষ্যত লৈ কিন্তু বিভিন্ন প্ৰশ্নৰ উৎথাপন হৈছে। কাৰণ AIUDFৰ বিধায়ক থকা গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আদি সমষ্টিত ৰকিবুল হুছেইনে ৭০% ওপৰত ভোট লাভৰ তথ্যই চিন্তিত কৰি তুলিছে AIUDF শিবিৰক।

You May Also Like

More From Author