২০২৪ত দিল্লী কাৰ? কোনে মাৰিব বিজয়ৰ হাঁহি? আজি লোকসভা নিৰ্বাচনৰ ফলাফল

1 min read

আজি দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিন। পুৱা ৮ বজাত আৰম্ভ হ’ব ভোটগণনা। নিৰ্ণয় হ’ব কোনে গঠন কৰিব চৰকাৰ? ভোটগণনাক লৈ দেশজুৰি ব্যাপক জল্পনা কল্পনা।

দেশত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। দেশৰ ৫৪৩ টা সংসদীয় সমষ্টিৰ ফলাফলে নিৰ্ণয় কৰিব অহা পাঁচ বছৰলৈ কোন হ’ব দেশৰ ১৪০ কোটি জনতাৰ ভাগ্য নিয়ন্তা।দেশৰ ৫৪৩টা সমষ্টিৰ, ৫৪৩ টা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে গুজৰাটৰ ছুৰাট সমষ্টিত বিজেপি প্ৰাৰ্থী মুকেশ দালালে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। ৫৪২ সংসদীয় সমষ্টিৰ ভোটগণনাৰ সমান্তৰাল কৈ ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰো আজি ভোটগণনা। ফলাফল ঘোষণা হ’ব হিমাচল প্ৰদেশৰ ৬ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰো।

লোকসভা নিৰ্বাচনৰ ভোটগণনাকলৈ উন্মুখ দেশবাসী। ৰাজ্যৰ ১৪টা সংসদীয় সমষ্টিৰ লগতে দেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমষ্টিৰ ফলাফলৰ প্ৰতি দৃষ্টি নিবদ্ধ দেশবাসীৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা প্ৰথমে নাম ল’ব লাগিব- বাৰণসী সমষ্টিৰ। বাৰাণসী সমষ্টিত তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৰ্থাৎ ২০১৪ আৰু ২০১৯ চনত উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১৪চনত মোদীয়ে বাৰাণসীৰ লগতে গুজৰাটৰ বডোদৰা সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে বাৰাণসী সমষ্টিৰ পৰা আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে প্ৰতিদ্বন্দ্বিতা কৰিছিল। মোদীয়ে বডোদৰা আৰু বাৰাণসী দুয়োটা সমষ্টিত জয়লাভ কৰাৰ পাছত গৃহৰাজ্যৰ সমষ্টিটো এৰি দি বাৰাণসীৰ সাংসদ হিচাপে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। আনহাতে মোদীৰ বিৰুদ্ধে বাৰাণসী সমষ্টিটোত কংগ্ৰেছৰ অজয় ৰায়ে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। ২০১৪, ২০১৯ ৰ পাছত এইবাৰৰ নিৰ্বাচনতো মোদীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। কেৰালাৰ ৱায়নাড় সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰণ আৰু LDF নেত্ৰী এন্নি ৰাজাই। আনহাতে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰায়বেৰেলীৰ বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙ। ২০০৪ৰ পৰা ২০১৯লৈ মাতৃ ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰা ৰায়বেৰেলীত ৰাহুল গান্ধীক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়ে। লক্ষণীয়ভাৱে দীনেশ প্ৰতাপ সিঙে ২০১৮ চনত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল। দীনেশ প্ৰতাপ সিঙে ২০১৯ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ছোনিয়া গান্ধীৰ হাতত পৰাস্ত হৈছিল।

গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বেৰেলীক সমগ্ৰ দেশবাসীৰে দৃষ্টি নিবদ্ধ হৈ আছে। আমেথি সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী- কিশোৰী লাল শৰ্মা। গান্ধী পৰিয়ালৰ দূৰ্গখ্যাত আমেথিত ২০১৯ত স্মৃতি ইৰাণীৰ হাতত ৰাহুল গান্ধী পৰাস্ত হৈছিল। বিপৰীতে ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰা ৰায়বৰেলী সমষ্টিত এইবাৰ ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০০৪ চনৰে পৰা ২০১৯ চন পৰ্যন্ত আমেথি সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল ৰাহুল গান্ধীয়ে। ২০১৯ত স্মৃতি ইৰাণীত হাতত ৫৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল ৰাহুল গান্ধী। ৰাহুলৰ পূৰ্বে ১৯৯৯ চনত ছোনিয়া গান্ধীয়ে আমেথি প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ১৯৮৪, ১৯৮৯ আৰু ১৯৯১ ৰ নিৰ্বাচনত আমেথিৰ পৰা ৰাজীৱ গান্ধীয়ে জয়লাভ কৰিছিল। ৰাজীৱ গান্ধীৰ পূৰ্বে ১৯৮০ চনত আমেথিৰ পৰা জয়লাভ কৰিছিল সঞ্জয় গান্ধীয়ে। এনেদৰে কেইবাটাও দশক ধৰি গান্ধী পৰিয়ালৰ দূৰ্গ হৈ থকা আমেথি এতিয়া বিজেপি তথা স্মৃতি ইৰাণীৰ দখলত। একেদৰে ৰায়বেৰেলী সমষ্টিও গান্ধী পৰিয়ালৰ দূৰ্গ হিচাপে পৰিচিত। ১৯৫২-৫৭ চনত ৰায়বৰেলী সমষ্টিত ফিৰোজ গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ১৯৬৭, ১৯৭১, ১৯৮০ চনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল ইন্দিৰা গান্ধীয়ে। আনহাতে ২০০৪ চনৰ নিৰ্বাচনৰ পৰা ২০১৯ চনৰ নিৰ্বাচন পৰ্যন্ত ৰেয়বেৰেলী সমষ্টিক প্ৰতিদ্বন্দ্বিতা কৰি আহিছে ছোনিয়া গান্ধীয়ে। এই সমষ্টিটোত স্বাধীনতাৰ পাছত মাত্ৰ তিনিবাৰহে কংগ্ৰেছে হেৰুৱাইছে। ১৯৭৭ চনত জনতা দলে দখল কৰাৰ বিপৰীতে ১৯৯৬ আৰু ১৯৯৮ চনৰ নিৰ্বাচনত বিজেপিৰ অশোক শৰ্মাই জয়লাভ কৰিছিল।

বিজেপিৰ নৱ প্ৰজন্মৰ বাকপটু নেত্ৰী বাঁসুৰী স্বৰাজে নতুন দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। বাসুৰী স্বৰাজৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে আন এগৰাকী হেভীৱেট প্ৰাৰ্থী তথা আপৰ নেতা সোমনাথ ভাৰতীয়ে।

উত্তৰ পূব দিল্লী সমষ্টিত দুগৰাকী হেভীৱেট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কিৰছে। বিজেপিক প্ৰতিনিধিত্ব কৰিছে মনোজ তিৱাৰীয়ে। মনোজ তিৱাৰীক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰে।

উত্তৰ প্ৰদেশৰ ছুলটানপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে মানেকা গান্ধীয়ে। ২০১৯ ৰ নিৰ্বাচনত ১৪ হাজাৰ ভোটৰ ব্যৱধানত মানেকা গান্ধীয়ে জয় লাভ কৰা সমষ্টিটো ২০১৪ৰ নিৰ্বাচনৰে পৰা বিজেপিৰ দখলত আছে। একেটা সমষ্টিতে মানেকা গান্ধীয়ে নৱম বাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। মানেকা গান্ধীক প্ৰত্যহ্বান জনাইছে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী ৰামভূৱাল নিষাদে।

উত্তৰ প্ৰদেশৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি তথা, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ গৃহ সমষ্টিটোত দ্বিতীয়বাৰৰ পাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে ভোজপুৰী অভিনেতা তথা বিজেপি নেতা ৰবি কিষাণে। সমষ্টিটোত ২০১৭ চন পৰ্যন্ত ক্ৰমাগত পাঁচ বাৰৰ বাবে যোগী আদিত্য নাথে প্ৰতিনিধিত্ব কৰিছিল। ২০১৮ৰ উপ নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ প্ৰবীন কুমাৰ নিষাদে বিজেপিৰ উপেন্দ্ৰ দত্ত শুক্লাক পৰাস্ত কৰি জয় লাভ কৰিছিল। ২০১৯ৰ নিৰ্বাচনত আসনখন বিজেপিয়ে পুনৰোদ্ধাৰ কৰে। বিজেপিৰ ৰবি কিষাণে গোৰখপুৰৰ পৰা ৩ লাখৰো অধিক ভোটত জয়লাভ কৰে। একেটা সমষ্টিতে এইবাৰো ৰবি কিষাণে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰবি কিষাণক প্ৰত্যাহ্বান জনাইছে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী কাজল নিষাদে।

বিহাৰৰ পাটনা চাহিব সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদে। ওড়িশাৰ কেন্দ্ৰাপাৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বৈজয়ন্ত পাণ্ডা। আজেডি নেতা লালু প্ৰসাদ যাদৱৰ জীয়াৰী মিছা ভাৰতীয়ে RJD প্ৰাৰ্থিত্বৰে বিহাৰৰ পাটলিপুত্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। হিমাচলৰ মাণ্ডি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কংগনা ৰাণাউট। হিমাচলৰে হামিৰপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ। পঞ্জাৱৰ জলন্ধৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চন্নীয়ে। শিৰোমণি আকালী দলৰ নেতৃ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাট কৌৰ বাদলে পঞ্জাৱৰ বাথিন্দা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে পশ্চিমবংগৰ ডায়মণ্ড হাৰবাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ।

জম্মু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে পিপুলছ ডেমক্ৰেটিক পাৰ্টীৰ মুৰব্বী তথা জম্মু কাশ্মীৰৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে। হাৰিয়ানাৰ কাৰ্ণাল সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব হাৰিয়ানাৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী মনোহৰ লাল খট্টাৰৰ। খট্টাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে যুৱ কংগ্ৰেছৰ সভাপতি দিব্যাংশু বুধিৰাজা।
গুৰগাঁৱত ভাগ্য নিৰ্ণয় হ’ব কেন্দ্ৰীয় মন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাও ইন্দ্ৰৰজিৎ সিঙৰ। বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ নেতা তথা একালৰ বলীউডৰ অভিনেতা ৰাজ বাব্বৰে।

পশ্চিম বংগৰ টামলুক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে কেলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা শেহতীয়াকৈ বিজেপিত যোগদান কৰা অভিজিৎ গংগোপাধ্যায়ে। সততে মমতা বেনাৰ্জীক সমালোচনা কৰি অহা অভিজিৎ গংগোপাধ্যায়ৰ বিৰুদ্ধে তৃণমূলৰ প্ৰাৰ্থী দেৱাংশু ভট্টাচাৰ্য। দেৱাংশু ভট্টাচাৰ্য তৃণমূলৰ মুখপাত্ৰ তথা এগৰাকী কবি হিচাপেও পৰিচিত।

উত্তৰ প্ৰদেশৰ আজমগৰ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব অখিলেশ যাদৱৰ সম্পৰ্কীয় ভাতৃ ধৰ্মেন্দ্ৰ যাদৱৰ। সমাজবাদী প্ৰাৰ্থী গৰাকীৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপি প্ৰাৰ্থী, বৰ্তমানৰ সাংসদ ভোজপুৰী অভিনেতা, গায়ক তথা দীনেশ লাল যাদৱে। ২০২২ চনৰ উপ নিৰ্বাচনত দীনেশ লাল যাৱৱে সমষ্টিটোৰ পৰা জয়লাভ কৰিছিল। ২০১৯ত সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল অখিলেশ যাদৱ। অখিলেশ ২০২২ত মেইনপুৰী সমষ্টিৰ বিধায়ক নিৰ্বাচিত হোৱাত সমষ্টিটোত হৈছিল উপ নিৰ্বাচন। গতিকে এই সমষ্টিটো হ’ব অখিলেশ যাদৱৰ বাবে হ’ব সন্মান ৰক্ষাৰ যুঁজ।

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কনৌজ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। অখিলেশ যাদৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ বৰ্তমানৰ সাংসদ সুব্ৰত পাঠকে। সমাজবাদী পাৰ্টীৰ দূৰ্গ স্বৰূপ উত্তৰ প্ৰদেশৰ কণৌজ সমষ্টিত ২০১৯ৰ নিৰ্বাচনত সুব্ৰত পাঠকে পৰাস্ত কৰিছিল অখিলেশ পত্নী ডিম্পল যাদৱক। আনহাতে ২০১৪ চনত সমষ্টিটোত ডিম্পল যাদৱৰ বিৰুদ্ধে সুব্ৰত পাঠক পৰাস্ত হৈছিল। এইবাৰ পত্নী ডিম্পল যাদৱক ময়নপুৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দি অলিখেশ যাদৱে নিজে কনৌজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।

তৃণমূল নেত্ৰী মহুৱা মৈত্ৰই পশ্চিমবংগৰ কৃষ্ণনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। মহুৱা মৈত্ৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে বিজেপিৰ প্ৰাৰ্থী ৰাজমাতা অমৃতা ৰয়ে। পশ্চিমবংগৰ বেৰহামপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে প্ৰাক্তন ক্ৰিকেটাৰ তথা তৃণমূল নেতা ইউছুফ পাঠান। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী নিৰ্মল কুমাৰ। বিহাৰৰ বেগুচৰাই সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে প্ৰতিদ্বন্দ্বিতা কৰিছে।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন ৰেড্ডীৰ ভগ্নী ৱাই এছ শৰ্মিলাই প্ৰতিদ্বন্দ্বিতা কৰিছে অন্ধ্ৰৰ কড়াপা সমষ্টিৰ পৰা। অৱশ্যে জগন মোহন ৰেড্ডীৰ ভগ্নী শৰ্মিলাই কংগ্ৰেছ দলৰ পৰাহে প্ৰতিদ্বন্দ্বিতা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাই ঝাৰখণ্ডৰ খুন্তী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। পশ্চিম বংগৰ আছানছ’ল সমষ্টিত পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে তৃণমূল নেতা শত্ৰুঘ্ন সিনহাই।

তেলেংগনাৰ হায়দৰাবাদ সমষ্টিটোও এইবাৰ চৰ্চাত আছে। AIMIM মুৰব্বী তথা সমষ্টিতটোৰ ৪ বাৰৰ সাংসদ আছাদউদ্দিন ওৱেছিয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্বৰে প্ৰতিদ্বন্দ্বিতা কৰিছে অভিনেত্ৰী মাধৱী লতাই। লোকসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোৰ বাবে বিজেপিয়ে মাধৱী লতাৰ প্ৰাৰ্থী নিৰ্বাচন কৰি দলটোত যোগদান কৰাইছিল।

মধ্যপ্ৰদেশৰ গুণা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ হেভীৱেট প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। বিদৰ্ভ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপি প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। মধ্যপ্ৰদেশৰ ৰাজগড় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বিগ্বিজয় সিং, ভূপাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশোক শৰ্মা। দক্ষিণ গোৱাৰ বিজেপি প্ৰাৰ্থী পল্লৱী ডেম্প’, কৰ্ণাটকৰ ধাৰৱাড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰহ্লাদ যোশী। উত্তৰ প্ৰদেশৰ মেইনপুৰী সমষ্টিৰ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী তথা অখিলেশ পত্নী ডিম্পল যাদৱ। পশ্চিমবংগৰ বেৰহামৰপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে। মহাৰাষ্ট্ৰৰ বাৰামতী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে হেভীৱেইট প্ৰাৰ্থী NCP প্ৰাৰ্থী সুপ্ৰিয়া চুলে।

ৰাজস্থানৰ যোধপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে।ৰাজস্থানৰ কোটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে সপ্তদশ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। ভাগ্য নিৰ্ণয় হ’ব হেমামালিনী, অৰুণ গোভিলৰ। হেমা মালিনীয়ে মথুৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।ৰামায়ৰ ৰাম খ্যাত অৰুণ গোভিলে মেৰুটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। তিৰুৱন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ জ্যেষ্ঠ নেতা শশী থাৰুৰে।

অসমৰ কোন সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিছিল এইবাৰ। লখিমপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা। শোণিতপুৰ সমষ্টিত
বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু আৰু আপৰ ঋষিৰাজ কৌণ্ডিন্যৰ মাজত হ’ব মূল যুঁজ। ডিব্ৰুগড় সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টি মনোজ ধানোৱাৰৰ মাজত হ’ব মূল যুঁজ। যোৰহাট সমষ্টি
বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজত হ’ব মূল যুঁজ।

নৱ গঠিত কাজিৰঙা সমষ্টি বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীৰ মাজত হ’ব। নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ আৰু বিজেপিৰ সুৰেশ বৰা আৰু এ আই ইউ ডি এফ আমিনুল ইছলামৰ মাজত হ’ব ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা।

ডিফু সমষ্টিত বিজেপিৰ অমৰছিং তিছ’ আৰু কংগ্ৰেছৰ জয়ৰাম ইংলেঙৰ মাজত হ’ব শক্তিশালী যুঁজ। শিলচৰ সমষ্টি বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ আৰু তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাসৰ মাজত হ’ব ত্ৰিকোণীয়া যুঁজ। কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছৰ হাফিজ ৰচিদ আহমদ চৌধুৰী, বিজেপিৰ কৃপানাথ মাল্লা এ আই ইউ ডি এফ চাহাবুল ইছলাম চৌধুৰীৰ মাজত হ’ব ত্ৰিকোণীয়া যুঁজ।

দৰং-ওদালগুৰি সমষ্টিত বিজেপি দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BFPৰ দুৰ্গা দাস বড়োৰ মাজত হ’ব শক্তিশালী যুঁজ। বৰপেটা সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰী, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ দ্বীপ বায়ন, নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মাজত হ’ব চাৰিকোণীয়া যুঁজ।

কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, বি পি এফৰ খাম্পা বৰগয়াৰী আৰু কংগ্ৰেছৰ গৰ্জন মুছাহাৰীৰ মাজত হ’ব মূল যুঁজ। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, অগপৰ জাভেদ ইছলামৰ মাজত শক্তিশালী যুঁজ। গুৱাহাটী সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীৰ মাজত হ’ব হাইভল্টেজ যুঁজ।

You May Also Like

More From Author