নগাঁৱৰ কাছমাৰী জলময় গাঁৱত দিন দুপৰতে ডকাইতি,চাৰি লক্ষাধিক টকা লুট

1 min read

আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

নিউজ ব্যুৰ’,নগাঁও,২৩জুলাই :–অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা। চুৰি- ডকাইতিৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকাত সাধাৰণ জনসাধাৰণ বিবুধিত পৰিছে । এফালে বানপানী,আনফালে আকৌ সঘনাই চুৰি-ডকাইতিৰ ঘটনাই স্থানীয় জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। অপৰাধজনিত ঘটনাসমূহ ৰোধ কৰাত আৰক্ষী প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে স্থানীয় জনসাধাৰণে। প্ৰাপ্ত বাতৰি মতে মংগলবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কাছমাৰীৰ সমীপৰ জলময় গাঁও পথত দিনৰ প্ৰায় এক বজাত সংঘটিত হয় এক ডকাইতিৰ ঘটনা। নগাঁও-মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ পথত থকা কৃষ্ণমণি নাথৰ বাৰপূজীয়াত কৃষ্ণা ফিলিং ষ্টেচন নামৰ পেট্ৰ’ল ডিপ’টোৰ পৰা কৰ্মচাৰী বিশ্বজিৎ ডেকাই ৪লাখ ১২হাজাৰ টকা লৈ নগাঁও অভিমুখে আহি থাকোঁতে কাছমাৰীৰ সমীপৰ জলময় গাঁৱত চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ আৰু পিষ্টল দেখুৱাই নগদ ধন লুটি লৈ উধাও হয় । ডকাইতৰ দলটো নম্বৰ প্লেটবিহীন মটৰ চাইকেলত আহিছিল। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে । ইপিনে আৰক্ষীয়ে তেল ডিপ’টোৰ মেনেজাৰগৰাকীক হয়বৰগাঁও আৰক্ষী চকীত সোধা-পোছা কৰি আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে পাম্পটোৰো কোনো লোক জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। দিনৰ পোহৰতে সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। সাধাৰণতে দিনৰ ভাগত অতি ব্যস্ত এই পথটোত কি সাহসত ডকাইতিৰ ঘটনা সংঘটিত কৰিলে তাকে লৈ সকলোৰে মাজত চৰ্চা চলিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author