মেঘালয়ৰ তুৰাত অসমৰ বাহনত আক্ৰমণ। মেঘালয়ৰ একাংশ টেক্সি চালকে আক্ৰমণ চলোৱাৰ অভিযোগ৷ শিল দলিয়াই ভাঙিলে বাহনৰ গ্লাছ, ল’ক৷ গোৱালপাৰাৰ এগৰাকী যুৱক, পেছাত ঠিকাদাৰ যুৱকজনে দেওবাৰে গৈছিল গাৰোপাহাৰৰ তুৰালৈ৷ পথৰ দাঁতিত নিশা ৰখাই থোৱা বাহনখনত আজি পুৱা একাংশ টেক্সি চালকে অতৰ্কিতে অসমৰ পঞ্জীয়ন ভুক্ত বাহনখনত আক্ৰমণ চলায়।
বিশেষ কোনো কাৰণ নথকাকৈয়ে আক্ৰমণৰ অভিযোগ গোৱালপাৰাৰ যুৱকজনৰ। আক্ৰমণৰ পিছতে তুৰা থানালৈ গৈ অভিযোগ দিছিল যদিও বিভিন্ন অজুহাত দেখুৱাই মেঘালয় আৰক্ষীয়ে গোচৰ ৰুজু নকৰি তাৰ পৰা গুচি আহিবলৈহে নিৰ্দেশ দিয়াৰ অভিযোগ যুৱকজনৰ।
পুৱাৰ ভাগত অসমৰ বাহনখনত আক্ৰমণ কৰাৰ পিছত তুৰা থানাৰ সন্মুখত পুনৰ একাংশ টেক্সি চালকে আক্ৰমণ কৰিবলৈ উদ্যত হয় বুলি জানিবলৈ দিয়ে ভুক্তভোগী যুৱকজনে৷ সংবাদ মাধ্যৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মেঘালয়ত অসমৰ লোকৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যুৱকজনে প্ৰায়ে তুৰালৈ যায় যদিও পূৰ্বে এনেধৰণৰ কোনো ঘটনাৰ সন্মুখীন হোৱা নাছিল৷