২ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব উপ-জিলাৰ কাম-কাজ: মুখ্যমন্ত্ৰী

1 min read

২ অক্টোবৰত আনুষ্ঠানিকভাৱে উপ-জিলা আৰম্ভ কৰা হ’ব। কামৰূপ জিলাৰ দুখন উপ-জিলা হ’ব। উপ-জিলাৰ প্ৰশাসনিক ব্যৱস্থা ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰা কাম আৰম্ভ হ’ব উপ-জিলাৰ। লগে লগে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। কাইলৈ লোকনিৰ্মাণ বিভাগে উপায়ুক্তসকলক নক্সা দেখুৱাব কাৰ্যালয়ৰ। আজি জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়, অসম চৰকাৰৰ কামসমূহ জিলা পৰ্যায়ত চাব লাগিব। ডিব্ৰুগড়, তিনিচুকীয়াৰ ডিচিয়ে অইল আৰু চাহ বাগানক সময় দিব লাগিব। কাৰণ তাৰ পৰা ৰাজহ আহে। কৰিমগঞ্জ আৰু হাইলাকান্দিৰ ডিচিক সীমান্তত গুৰুত্ব দিয়াৰ নিৰ্দেশ। চিৰাং, বাক্সা, তামুলপুৰ ডিচিক ভূটানৰ সৈতে অধিক সময় দিয়াৰ নিৰ্দেশ। কাৰণ তাত পৰ্যটনস্থলী আছে। ভূটানৰ ১০জন পৰ্যটকৰ দুজনক অসমত ৰখাৰ চেষ্টা কৰিব লাগে।

‘‘অহা বছৰ ষ্টেট জিডিপিৰ লগত জিলা জিডিপিৰ ৰিপ’ৰ্ট দাখিল কৰিব লাগিব। এতিয়া আমি নতুন অসম গঢ়াৰ সপোন দেখিল লাগিব। জিলাখনে ৰাজ্য হিচাপে কাম কৰিব লাগিব। জিলাই চৰকাৰ হিচাপে কাম কৰিব লাগিব। ২ অক্টোবৰৰ পূৰ্বে উপ-জিলাৰ মহকুমাধিপতিসকলক এমাহৰ প্ৰশিক্ষণ দিয়া হ’ব। স্থায়ী কাৰ্যালয়ৰ স্থানতে অস্থায়ী কাৰ্যালয় হ’ব। আমি ধন মুকলি কৰি দিম। ১৫ আগষ্টৰ পূৰ্বে সকলো আচবাব অস্থায়ী কাৰ্যালয়ত ৰাখিব লাগিব।’’ – ক’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়, নতুন এ চি এছসকলক উপ-জিলাত নিযুক্তি প্ৰদান কৰাৰ চেষ্টা কৰা হ’ব। উপ-জিলা হোৱাৰ পিছত আমাৰ কিছু পঞ্চায়ত কমি যাব, জিলা পৰিষদ নকমে। কিন্তু আমি পঞ্চায়ত কমাটো বিচৰা নাই। সেইবাবে এখন এমেণ্ডমেণ্ট আনি পঞ্চায়তসমূহ বাহাল ৰখাৰ চেষ্টা কৰা হ’ব। বিধানসভাত এই সন্দৰ্ভত বিধেয়ক অনা হ’ব। আন্তঃগাঁথনি পঞ্চায়তত কম হ’ব নোৱাৰিব। পূৰ্বৰ পঞ্চায়ত কাৰ্যালয় থাকিব, নতুনো হ’ব। ৩১ ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব ল’ব পৰাকৈ সকলো কাম কৰাৰ আহ্বান জিলা আয়ুক্তসকলক।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰী কাম-কাজ আয়ুক্তসকলে সক্ৰিয়ভাৱে চাব লাগিব। নিৰ্বাচনৰ সময়ত দেখিলো কিছুমান জিলাত কাম-কাজ ভাল হৈছে, কিছুমান জিলাত ভাল হোৱা নাই। জিলা ভিত্তিক বৈষম্য ডিচিসকলে দূৰ কৰিব লাগিব। শাসকীয় সমষ্টিত থাকিলে ভাল কাম হ’ব, বিৰোধী থাকিলে বেয়া কাম কৰিব তেনে নহ’ব। এ ডি চিয়ে কাম-কাজ চোৱাচিতা কৰিব লাগিব এসপ্তাহত দুটা দিন, নিজেও এদিন ডি চিসকল ফিল্ডত থাকিব লাগিব।

মুখ্যমন্ত্ৰীয়ে লগতে বৈঠকত কয় যে বানপানীৰ ক্ষতিগ্ৰস্তসকলক ১২ আগষ্টত সাহায্য প্ৰদান কৰিম। ৭ দিন আগত বিতৰণ কৰা হ’ব চেঞ্চন পত্ৰ।

এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে কামৰূপ মেট্ৰ’ৰ ডিচিক প্ৰশ্ন কৰে, ইণ্টাৰনেচেল অলিম্পিয়াডত মালিগাঁৱৰ ল’ৰা এজনে স্থান পালে, আপুনি গৈছেনে নাই? আয়ুক্তৰ উত্তৰ – যোৱা নাই। মুখ্যমন্ত্ৰীয়ে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ত তেওঁৰ কথা কালি কৈছে। আপোনালোকে নোযোৱাটোৱে ডাঙৰ সমস্যা। এজন ডি চি তাত যোৱা মানে তেওঁ যথেষ্ট উৎসাহ লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অহা ছেপ্টেম্বৰ মাহৰ পৰা নতুন নতুন আঁচনি জিলাত ৰূপায়ন কৰিব লাগিব। পুৰণা কামসমূহ সমাধানৰ বাবে অনা হ’ব। অভিভাৱক মন্ত্ৰীক জিলাত অহাৰ বাবে অপোনালোকে দাবী কৰিব পাৰিব। অভিভাৱক মন্ত্ৰীসকলক সামান্য সলনি কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক কয়, মানুহে ভাল নোপোৱা কাম আপোনালোকে কৰিব নালাগে। মন্ত্ৰী বা মুখ্যমন্ত্ৰীকে ধৰি কোনো আমোলাক নিৰামিষ খাদ্যৰ বাহিৰে বাকী একো আপ্যায়ন নকৰিব। ৰাস্তাত ধাবা আছে তাত খাব। ডি চি, এছ পিসকলে মুখ্যমন্ত্ৰী বা ৰাজ্যপাল ভ্ৰমণত গ’লে আলোচনা কৰিব ল’ব। বেৰিকেড বনালে সকলো সমস্যাৰ সমাধান নহয়। মানুহে বেয়া পাই বেৰিকেড বনালে। এতিয়া বেৰিকেড ৰখাৰ পৰিৱেশ নাই। কা আন্দোলনৰ সময়ত বেলেগ কথা আছিল। আমাৰ কাৰণে মানুহৰ মৰম প্ৰয়োজন।

You May Also Like

More From Author