নগাঁও,ৰহা আৰু লামডিঙত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা আৰু সজাগতা সভা সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–ইতিহাস হ’ল আই পি চি,চি আৰ পি চি আৰু আই ই আইন তিনিখন। নগাঁও জিলা পুথিভঁৰালৰ সভাগৃহত নগাঁও আৰক্ষীয়ে নতুন অপৰাধ আইন সন্দৰ্ভত সোমবাৰে এক সজাগতা সভা অনুষ্ঠিত কৰে। সভাত আজিৰ পৰা কাৰ্যকৰী হোৱা নতুন অপৰাধমূলক আইন ভাৰতীয় ন্যায় সংহিতা-২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম-২০২৩ৰ বিষয়ে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই অৱগত কৰে।

এই অপৰাধমূলক আইনসমূহ বৰ্তমানৰ সময়ৰ লগত খাপ খোৱাকৈ প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে অপৰাধমূলক ঘটনাসমূহ মোকাবিলা কৰিবলৈ এই আইন অনা হৈছে। এই আইনে ন্যায় ব্যৱস্থাক শক্তিশালী কৰি তুলিব। নতুন আইনৰ অধীনৰ গোচৰসমূহৰ সৈতে মোকাবিলা কৰিবৰ সময়ত আৰক্ষীয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে ইতিমধ্যে আৰক্ষীৰ বিষয়া,জোৱান আদিক প্ৰশিক্ষণ দিয়া হৈছে। এই আইন তিনিখনে ন্যায় ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব বুলি নগাঁও আৰক্ষীয়ে আশা প্ৰকাশ কৰে। মহিলা আৰু শিশুৰ ক্ষেত্ৰত এই তিনিখন আইনত উল্লেখনীয় পৰিৱৰ্তন সাধন কৰা হৈছে বুলি মন্তব্য কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ইয়াৰ লক্ষ্য হৈছে ক্ষীপ্ৰতাৰে ন্যায় প্ৰদান কৰা। আইন তিনিখনে শাস্তিৰ পৰিবৰ্তে ন্যায়মুখী কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছে। নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰি নতুন আইনখনৰ বিভিন্ন দিশ উল্লেখ কৰে। সভাত অতিৰিক্ত আয়ুক্ত সুদীপ কুমাৰ নাথ,সহকাৰী সঞ্চালক (আই বি) টি আৰ নেৱাৰে ভাষণ প্ৰদান কৰে। সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠক,নগাঁও জিলাৰ আৰক্ষী বিষয়া,এন চি চিৰ বিষয়া,বিভিন্ন বিভাগৰ বিষয়া,কৰ্মচাৰী,গাঁওৰক্ষী বাহিনী, বিভিন্ন প্ৰতিষ্ঠান আদিৰ প্ৰতিনিধিকে ভালেসংখ্যক লোক উপস্থিত থাকে। ইপিনে বিয়লি আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নগাঁও আৰক্ষী নিবেশত এই নতুন আইন সম্পৰ্কে এক সংবাদ মেল সম্বোধন কৰি আইনখনৰ বিষয়ে বহুল প্ৰচাৰৰ বাবে সকলোকে আহ্বান জনায়। সংবাদ মেলত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কলিতা আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই অংশগ্ৰহণ কৰে।
জিলাখনৰ ৰহা আৰক্ষী থানাৰ উদ্যোগতো আৰক্ষী চৌহদৰ ভিডিপি ভৱনত এখন সজাগতা সভা অনুষ্ঠিত হয় । ৰহা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দেৱে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতামূলক সভাখনত অংশগ্ৰহণ কৰে নগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলে। নতুন ফৌজদাৰী আইন তিনিখন সমগ্ৰ ভাৰততে আজিৰে পৰা বলবৎ হোৱাৰ পৰিলক্ষিতত নতুন আইন তিনিওখনৰ ওপৰত বিশদভাৱে সভাত আলোচনা কৰা হয়। ইয়াৰোপৰি জনসাধাৰণক সজাগ সচেতন কৰিবৰ বাবে এই সজাগতা সভাখনৰ আয়োজন কৰা হয়।সভাত তিনিওখন আইনৰ ওপৰতে বিস্তাৰিত আলোচনা কৰা হয়। সমগ্ৰ দেশত বলৱৎ হোৱা তিনিওখন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হ’ব,সেই বিষয়ে সভাত আলোচনা হয়। উক্ত সভাত গাঁওৰক্ষী বাহিনী,গাঁওবুঢ়াকে ধৰি বিভিন্নলোক উপস্থিত থাকে । ইপিনে আজিৰে পৰা প্ৰযোজ্য হোৱা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনি খন আইনৰ অধীনত লামডিং আৰক্ষী থানা আৰু লামডিং ৰে’লৱে ষ্টেচনত সজাগতামূলক সভা আয়োজন কৰা হয়। লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ উদ্যোগত থানাৰ চৌহদত অনুষ্ঠিত হোৱা সজাগতামূলক সভাত লামডিং পৌৰসভা,নাগৰিক সুৰক্ষা সমিতি বিভিন্ন বে-চৰকাৰী সংস্থাকে ধৰি ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

আনফালে লামডিং ৰেলৱে ষ্টেচনত জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন কলিতাৰ উদ্যোগত অনুস্থিত হয় সজাগতামূলক সভা। লামডিং ৰে’লৱে ষ্টেচনত সজাগতামূলক সভাত আৰ পি এফৰ চিবিআই দল,ৰে’ল কৰ্মচাৰী, ভেণ্ডাৰৰ লগতে সমাজকৰ্মী আৰু অধিবক্তা,গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। এই আইনত ৩৭ টা নতুন ধাৰা অন্তৰ্ভুক্ত কৰা হয় মহিলা আৰু শিশুসকলৰ ক্ষেত্ৰত বিশেষ সুবিধা দিয়া হৈছে এই আইনত। আনফালে ভুক্তভুগীসকলৰ বাবে বিশেষ সহায় আগবঢ়াব এই আইনে। সমাজৰ পৰা অপৰাধ কিছু পৰিমাণে কম কৰা উদ্দেশ্য লৈ এই সজাগতা সভা আয়োজন কৰিছে। লগতে প্ৰতিজন নাগৰিকে এই আইনৰ বিষয়ে জ্ঞাত হবলৈ এই সজাগতা সভাৰ আয়োজন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author