কলিয়াবৰৰ হাতীমূৰাৰ মথাউৰিত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা-মন্ত্ৰী কেশৱ মহন্ত,মথাউৰি নিৰ্মাণত বিসংগতি থাকিলে তদন্ত

1 min read

নিউজ ব্যুৰ’,নগাঁও,২জুলাই :–কলিয়াবৰৰ হাতীমূৰা মথাউৰিৰ ভগ্ন অংশত মঙলবাৰে নিশা আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে নিশা মথাউৰিৰ ভগা অংশত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শীঘ্ৰে ভগা অংশত জিঅ’বেগৰ সহায়ত মথাউৰি মেৰামতি কৰা হ’ব বুলি জানিবলৈ দিয়ে। ডিব্ৰুগড়ত বৰ্তমান পানী পূৰ্বৰ তুলনাত কমিছে বুলি জানিব দি লগতে কয় যে হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত হাতীমূৰা মথাউৰি ভাগি যায়। বান্ধ চিঙাটো এক দুৰ্ঘটনা। পোনচাটেই কাৰোবাৰ ভুল বুলি তদন্তৰ পোষকতা কৰিব নোৱাৰি। কলং পুনৰুজ্জীৱিতকৰণ আঁচনি পুনৰ বিবেচনা কৰা হ’ব। গুৱাহাটী আই আই টিক বিষয়টো পৰ্যালোচনা কৰিবলৈ দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। কলং বোঁৱতী হয় নহয় আকৌ এবাৰ চিন্তা কৰিব লাগিব ।

কলং আকৌ উজ্জীৱিত কৰা আঁচনি ৰূপায়ণ প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে হাতীমূৰা মথাউৰিৰ এক অংশ চিঙি পেলোৱাৰ পাছত এই সমগ্ৰ বিষয় পুনৰ পৰ্যবেক্ষণ কৰা হ’ব বুলি মন্তব্য কৰে। কলং বোঁৱাই তোলাৰ ক্ষেত্ৰত ভিন্ন জনৰ ভিন্ন মতামত আছে । নৱকান্ত বৰুৱা,দেৱ কান্ত বৰুৱাৰ কবিতা পঢ়ি কোনোবাই কলং আকৌ বোঁৱাই তুলিব লাগিব বুলি আৱেগিক হৈ কলঙক বোঁৱতী নৈ হিচাপে দেখিবলৈ বিচাৰিছিলে,কলং বিজ্ঞানসন্মতভাৱে বোৱতী কৰিবলৈ ভাৰত চৰকাৰৰ এটা সংস্থাই অধ্যয়ন কৰিছিল। ইয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল যদিও প্ৰক্ৰিয়া চলি থাকোঁতে এই অঘটন ঘটিল। সেয়ে সমগ্ৰ বিষয়টো পুনৰ পৰ্যালোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় । মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত যদি কিবা বিসংগতি আছিল তাৰো তদন্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বোঁৱতী কলঙৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিব বুলি কয়। বানৰ কবলত পৰা প্ৰতিটো পৰিয়ালে যাতে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা লাভ কৰিব পাৰে তাৰো নিৰ্দেশ দিয়ে নগাঁও জিলাৰ আয়ুক্তগৰাকীক। ইপিনে কলংমুখত হাতীমূৰাৰ মথাউৰিৰ চিগা অংশৰে সোমোৱা ব্ৰহ্মপুত্ৰৰ পানী কলঙেৰে ওলাই যাব পৰাকৈ দলংসমূহৰ তলত থকা মেটেকা-দল আদি আৱৰ্জনা আঁতৰোৱাৰ কাম ক্ষিপ্ৰতাৰে অব্যাহত ৰাখিছে জলসম্পদ বিভাগে ৷ বিয়লিৰ ভাগত বৰভগীয়া,পানীগাওঁ,গুডামঘাটৰ দলং আৰু মিছামুখ পামত থকা পৰিত্যক্ত জলসিঞ্চন প্ৰকল্প অংশত কলং নদীৰ মেটেকা-দল পৰিষ্কৰণৰ কাম আৰু শেহতীয়া পৰিস্থিতি নিৰীক্ষণ কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কুঁঠৰী অংশৰ সমীপৰ কেবাখনো গাঁও আৰু চৰ-চাপৰি এলেকা বানৰ কৱলত পৰা নজান কাৱৈমাৰী,গোঁসাইবাৰী, বাঘমাৰী,হাৰমতী আদি গাঁৱৰ ক্ষতিগ্ৰস্ত শতাধিক পৰিয়ালে পুৱাৰে পৰা কুঁঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে । আজি আগবেলাৰ ভাগতে বিদ্যালয়খনত উপস্থিত হৈ বান-ক্ষতিগ্ৰস্ত ৰাইজৰ খবৰ লয় মন্ত্ৰী কেশৱ মহন্তই আৰু শিবিৰাৰ্থী পৰিয়ালসমূহে তাৎক্ষণিক ভাৱে সকাহ পাব পৰাকৈ জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক নিৰ্দেশনা আগবঢ়ায় । বনাৰ্ত্যসকলৰ বাবে খাদ্য তথা অত্যাৱশ্যকীয় সাহাৰ্য সামগ্ৰী ক্ষিপ্ৰতাৰে উপলব্ধ কৰাৰ লগতে পশুধনৰ বাবেও পৰ্যাপ্ত খাদ্য বিতৰণৰো ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দিহা দিয়ে। আনহাতে, কাজিৰঙাৰে সোমোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ প্ৰৱল সোঁতৰ বাবে কুঁঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে ৰাষ্ট্ৰীয় ঘাইপথত নৱনিৰ্মিত দলঙৰ ব’ল্ডাৰ-পিটচিং অংশৰ ওচৰত দেখা দিয়া ভাবুকিও পৰ্যবেক্ষণ কৰে । এই ভাবুকি প্ৰতিহত কৰিবলৈ জৰুৰী কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে লোকনিৰ্মাণ (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ লগতে প্ৰশাসনক সেইস্থানৰ পৰাই পৰামৰ্শ দিয়ে ।ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author