নগাঁৱত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

1 min read

নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট:–কন্যা শিশুক শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি উৎসাহিত কৰাৰ লগতে বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যেৰে অসম চৰকাৰে এক বিশেষ আঁচনি গ্ৰহণ কৰিছে। “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি” শীৰ্ষক আঁচনিখন বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক স্তৰত আনুষ্ঠানিক মুকলি কৰে। নগাঁৱতো কালি উক্ত আঁচনিখনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । নগাঁৱৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও ছোৱালী মহাবিদ্যালয়,নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠত বিধায়ক ৰূপক শৰ্মাই “মুখ্যমন্ত্ৰীৰ নিযুত ম‌ইনা আঁচনি” খনৰ শুভাৰম্ভ কৰি ইতিমধ্যে ছাত্ৰী সকলৰ মাজত আঁচনিখনৰ প্ৰ-পত্ৰসমূহ বিতৰণ কৰে। উল্লেখ যে,বৃহস্পতিবাৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা এই অভিলাষী আঁচনি খনৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। আনহাতে শুকুৰবাৰে নগাঁও উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠত আঁচনিখনৰ শুভাৰম্ভ কৰি বিধায়ক শৰ্মাই ছাত্ৰীসকলৰ মাজত প্ৰ-পত্ৰসমূহ বিতৰণ কৰে। নগাঁৱত আঁচনিখনৰ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে কন্যা সন্তানক উচ্চ শিক্ষাৰ বাট সুনিশ্চিত কৰি সুৰক্ষিত ভৱিষ্যৎ প্ৰদান কৰাৰ লগতে বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ দুৰদৰ্শী চিন্তাধাৰাৰ জৰিয়তে “নিযুত ম‌ইনা আঁচনি” শীৰ্ষক এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে । আগন্তুক ৩বছৰত ১০ লাখ ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব। আমি দৃঢ়বিশ্বাসী মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা এই উল্লেখনীয় পদক্ষেপৰ জৰিয়তে কন্যা শিশুসকল যথেষ্ঠ উপকৃত হ’ব পাৰিব। শৰ্মাই লগতে কয় যে অহা ১৪ আগষ্টলৈকে বিভিন্ন মহাবিদ্যালয়,উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত “নিযুত ম‌ইনা আঁচনি”ৰ প্ৰ-পত্ৰসমূহ বিতৰণ কৰা হ’ব। আনহাতে ছাত্ৰীসকলৰ উচ্চ শিক্ষা আহৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা আঁচনিখনৰ প্ৰ-পত্ৰসমূহ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰি সন্তোষ লভা বুলিও বিধায়ক শৰ্মাই মন্তব্য কৰে। নগাঁও ছোৱালী মহাবিদ্যালয়ত আঁচনিখনৰ শুভ উদ্বোধনী অনুষ্ঠানত কলেজখনৰ অধ্যক্ষ ডঃ কুলেন চন্দ্ৰ দাস প্ৰমুখ্যে অধ্যাপক-অধ্যাপিকা, বিশিষ্ট ব্যক্তিসকল আৰু ছাত্ৰীসকল উপস্থিত থাকে। লগতে নগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠত অনুষ্ঠিত আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানত বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ,বিদ্যালয় দুখনৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰী,বিশিষ্ট ব্যক্তি সকল আৰু ছাত্ৰী সকল উপস্থিত থাকে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author